ভানুমতী/ত্ৰয়োদশ আধ্যা

ৱিকিউৎসৰ পৰা
[ ৬০ ]

ত্ৰয়োদশ আধ্যা

গছ-পৰিল

মই ধৰা পৰি উলটি আহি দেউতাক যেনে হত দেখিছিলোঁ, তাতোকৈ তেওঁ দিনক-দিনে হত হৈ যাবলৈ ধৰিলে৷ হেৰোৱা ধন পোৱাৰ দৰে মোক উলটি পোৱাতো দেউতাৰ মনলৈ সুখ-শান্তি নাহিল৷ তেওঁ আগতকৈও দিনক-দিনে বেচি চিন্তাযুক্ত হবলৈ ধৰিলে৷ আৰু, তাৰ পৰিণামত তেওঁ দিনক-দিনে শুকাই-ক্ষীণাই আহিল৷ তাৰ পাচত, গোহাঞিদেৱক বন্দীশাললৈ নিয়াৰপৰা দেউতা একেবাৰে জঁয় পৰিল৷ তেওঁৰ খোৱাত ৰুচি নাইকিয়া হ’ল, বহাত শান্তি নোপোৱা হ’ল, শোৱাত টোপনি নহা হ’ল৷ এইদৰে দেউতা একেবাৰে হত হৈ পৰিল৷ আৰু, কেইদিনমানৰপৰা তেওঁ নৰীয়াপাটী এৰিব নোৱাৰা হ’ল৷

দেউতা নৰিয়াত পৰিবৰপৰা ডাঙৰীয়া-বিষয়াসকল আমাৰ ঘৰলৈ অহা ঘন হবলৈ ধৰিলে৷ কিন্তু, সিবিলাক আহে নৰীয়া চাবলৈ, দেউতাই উলিয়ায় গোহাঞিদেৱৰ কথা৷ বিষয়াসকলে নানা তৰহে বুজনি দিও তেওঁক শান্ত কৰিব নোৱাৰে৷ তেওঁৰ মুখত কেৱল ৰজাই গোহাঞিদেৱৰ প্ৰতি অবিচাৰ কৰাৰ কথা হে৷ গোহাঞিদেৱৰ মুক্তিৰ আশা দেখিলেই তেওঁৰ মুখত অলপ আনন্দৰ চিন্‌ বিৰিঙে; আৰু তেওঁৰ অন্তিম অৱস্থাৰ কথা ভাবিলেই আকৌ অস্থিৰ হৈ পৰে৷ বিষয়াসকলে বুজিলে যে, গোহাঞিদেৱৰ উদ্ধাৰৰ আলোচনাত বাজে আন একোৱে ৰোগীৰ মনত শান্তি দিব নোৱাৰে৷ সেই কাৰণে, পাচলৈ সিবিলাকে নৰীয়া চাবলৈ আহি [ ৬১ ] সদায় গোহাঞিদেৱৰ উদ্ধাৰৰ অৰ্থে আলচ পতা হ’ল৷ আৰু, এইদৰেই কেইদিনমান গ’ল৷ তাৰ পাচত, এই কথা ৰজাৰ কাণত পৰিলগৈ৷ আৰু, এই আলোচনাই ৰাজদ্ৰোহীৰ ষড়যন্ত্ৰৰহে নাম পালে৷ তাৰ ফল স্বৰূপ, এদিন ৰজাৰ আদেশ হ’ল যে, মৰাণ গোহাঞিবৰুৱাৰ ঘৰলৈ কোনো বিষয়া বা ডাঙৰীয়া যাব নোৱাৰে৷ আৰু, ৰজাৰ বিপক্ষে মন্ত্ৰণা কৰা আপাহত কেইজনমান বিষয়াৰ গুৰুতৰ দণ্ড হবলৈকো বাকী নাথাকিল৷

বিষয়াসকল আহিবলৈ বন্ধ হোৱাত, মোৰো সান্ত্বনাৰ এপালি ঔষধ অন্ত পৰিল৷ পাচলৈ, গোহাঞিদেৱৰ উদ্ধাৰৰ অৰ্থে কোনো উপায় আলোচনা নোহোৱা দেখি মোৰ মন-প্ৰাণ অস্থিত হবলৈ ধৰিলে৷ গোহাঞিদেৱৰ কথা নোলোৱা ঠাইত মোৰ শান্তি নোহোৱা হ’ল৷ ভালেই হওক বা বেয়াই হওক, যেয়ে যিহকে গোহাঞিদেৱৰ কথা উলিয়াই তাতে মোৰ মন-প্ৰাণ খন্তেকলৈ লাগি যায়৷ আৰু, পাচলৈ মই যাৰে-তাৰে আগত গোহাঞিদেৱৰ কথা মই উপ্‌যাচি উলিওৱা হলোঁ৷ আন কি, দেউতাৰ সৈতেও মই গোহাঞিদেৱৰ বিষয়ে কথা পতা হলোঁ৷ আৰু, এই কথাত দেউতা আৰু মই দুয়ো সমানে তৃপ্তি পোৱা হলোঁ৷ কিন্তু, বাহিৰৰ বাতৰি নহলে, মনৰ কথা মনতে পতাৰ নিচিনাকৈ, দেউতা আৰু মোৰ ভিতৰত হোৱা কথাই আমাক শান্তি দিব নোৱাৰাত পৰিল৷ গতিকে, তৰা আইদেউ সখীৰ সহায় মোক সঘনাই লগা হ’ল৷

সেইদিনা গোহাঞিদেৱক বন্দীশালত এৰি অহাৰ পাচৰপৰা তৰা আইদেউৰ সৈতে মোৰ কিমানবাৰ দেখা-সাক্ষাৎ হৈছে, মই তাৰ লেখ দিব নোৱাৰোঁ৷ তথাপি, মনত তেওঁৰ লগৰ অভাৱ নুগুচা হ’ল৷ তেওঁ নিজেই কমকৈও দিনটোত আমাৰ ঘৰলৈ তিনিবাৰতকৈও বেচিকৈহে আহে৷ কিন্তু, সেই অহাই মোৰ অভাৱ গুচাব নোৱাৰে; মই তাৰ উপৰিও দুই-তিনিবাৰকৈ চাকুলী বাইক [ ৬২ ] পঠিয়াই তেওঁক মতাই আনোঁ৷ মতাই আনি কথা পাতোঁ, কিন্তু পাগুলা ঘাঁহকে পাগুলাৰ দৰে একে কথাকে পাতোঁ আৰু ভাঙ্গো৷ একে কথাকে পাতোঁ, কিন্তু তাত নতুন নতুন ৰস পাওঁ৷ একেটা কথাকে ঘূৰাই-পকাই পাতোঁ, কিন্তু তাৰ অন্ত নাপাওঁ৷ কিন্তু, পাচলৈ তৰা আইদেৱো মোৰ মনৰ জোখাই ঘনাই আহিব নোৱাৰা যেন দেখিলোঁগৈ৷ সেই কাৰণে, তেওঁ অহাৰ উপৰিও, মই তেওঁবিলাকৰ ঘৰলৈ দিনে তিনি-চাৰিবাৰকৈ যোৱা হলোঁ৷

মই তৰা আইদেউৰ ওচৰলৈ অহা-যোৱা কৰাৰপৰা কোনোবা পিনে কিবা এফেৰি গুণ ধৰা যেন দেখা গ’ল৷ ৰজাই হেনো ৰাজমাওৰ টোললৈ মোক অহা-যোৱা কৰা দেখি কোনোবা বিষয়াৰ আগত সন্তোষ প্ৰকাশ কৰিছিল৷ এই কথা শুনি, কাঞ্চন সখীয়ে ভালৰ লক্ষণ বুলি কোৱা শুনিলোঁ৷ শুনি, আমি দুয়ো তেওঁত সুধিলো, কি নো ভালৰ লক্ষণ তেওঁ দেখিলে৷ কাঞ্চন সখীয়ে কলে, “ৰজাৰ মন ভাল হলে তেওঁক ঘূৰাবলৈ চল লাগিব! বিশেষ, ৰাজমাওৰ হতুৱাই এই ফেৰা কাম সধাবলৈ সুবিধা দেখিছোঁ৷ ৰাজমাৱে টানি ধৰিলে কিজানি ৰজাই গোহাঞিদেৱক মুক্তি দিবলৈ মান্তি হব পাৰে৷ “ সখীৰ কথা মনত লাগিল; আৰু তেওঁৰ যুক্তি মতেই কথাটো ৰাজমাওক জনাবলৈ স্থিৰ কৰা হ’ল৷ আৰু পিচদিনাই তিনিও ৰাজমাওৰ ওচৰ চাপিলোঁগৈ৷ কথাটো পোনেই কাঞ্চন সখীয়ে উলিয়ালে৷ তাৰ পাচত, তৰা আইদেৱে কান্দি কান্দি কবলৈ ধৰিলে, “আইতা তুমি যদি ককাইদেৱক কৈ-মেলি গোহাঞিদেৱক মুক্তি দিয়াব পাৰাঁ, তেনেহলে তুমি মোক আৰু ভানু সখীক যেন জীৱদান হে দিলাঁ৷ “ তেওঁৰ লগতে ময়ো হেঁচা দি কলোঁ যে, ৰাজমাৱে নিৰ্দ্দোষী গোহাঞিদেৱৰ প্ৰাণ ৰক্ষা কৰি ৰজাৰ ধৰ্ম্ম ৰক্ষা কৰিব লাগে! ৰাজমাৱে আমি কোৱা কথা টিলিকতে উৰাই দিয়াৰ নিচিনাকৈ হাঁহি মাৰি কলে, “কিনো বৰ কথাটো, তাতে প্ৰাণ দান দিয়া হয় আৰু ৰাজ[ ৬৩ ] ধৰ্ম্ম ৰক্ষা কৰা হয়! বাৰু, তহঁত থাক, কাইলৈ মই লৰাক বুজাই-মেলি কিবা এটা কৰিম৷ “ ৰাজমাওৰ কথাত আমি তিনিও আশ্বাস পালোঁ৷ তিনিও মনৰ আনন্দেৰে ঘৰাঘৰি গলোঁ৷

মনৰ আনন্দত ৰাজমাওৰ টোলৰপৰা আহিলোঁ৷ কিন্তু, অন্তৰত উগুল-থুগুল ভাবে উৎপাত লগাবলৈ ধৰিলে৷ অন্তৰত আশা আৰু হতাশৰ খুন্দীয়া-খুন্দিয়ে মোক অস্থিৰ কৰি পেলালে৷ সেইদিনা ৰাতি মোৰ চকুত টোপনি নাই৷ কেতিয়াকৈ ৰাজমাৱে কোৱা ’কাইলৈ’ আহি যাব, কেতিয়াকৈ আমি শুভ বতৰা পাবলৈ পৰ্শু আহিব, তাকে ভাবি থাকোতেই ৰাতি পুৱাল৷ ৰাতি পুৱাল, দুখৰ ৰাতি পাৰ হ’ল৷ কিন্তু আকৌ দীঘল দিনটোৱে আগত দীঘল দিলে৷ ৰাতিপুৱাটো চাওঁতে দীঘল হৈ যায়, দুপৰীয়া নপৰেহি যেন লাগিল৷ দুপৰীয়া আহিলত আকৌ আবেলিলৈ ভাবনা হ’ল৷ আমনি লাগি যোৱা দুপৰীয়াটো পাৰ হৈ যোৱাত, বাটচাই থকা আবেলি আৰু সন্ধিয়া পালেহি৷ কিন্তু, আনকাল সন্ধিয়া যিমান বেগাই ৰাতিত মাৰ যায়, আজি সি সেইদৰে যাব পৰা নাই৷ আগৰ দুখৰ ৰাতিকে আকৌ সুখৰ বুলি মাতিব লগা হ’ল৷ তথাপি, সি পাৰ হৈ যাওকহি৷ তথাপি, কোনোমতে ’পৰ্শু’ পাওকহি৷ কেতিয়া কিমান পৰ হ’ল কব নোৱাৰোঁ৷ দেউতাক ঔষধ-পাতি খুৱাই অলপ আহাৰ দিলোঁ৷ ইমানলৈকে ৰাতিৰ আগছোৱা পাৰ হ’ল, বাকীছোৱাও বহিয়েই পাৰ কৰিলোঁ৷ একেবাৰে দুটা ৰাতি চকুৰ টিপ্‌ নমৰাকৈয়ে পাৰ হ’ল৷ পিচদিনা বেলি এপৰমান উঠোঁতেই ৰাজমাওৰ টোল পালোঁগৈ৷ দেখিলোঁ, কাঞ্চন সখীৰ সৈতে তৰা আইদেউ ৰাজমাওৰ কাষতে বিমৰ্ষভাৱে বহি আছে৷ মোক ওচৰত থিয় হোৱা দেখি তেওঁ দীঘলকৈ এটা হুমুনিয়াহ পেলালে; আৰু ৰাজমাৱে তললৈ মূৰ কৰিলে৷ মই দেখিয়েই বুজিলোঁ, কথা বিষম৷ তথাপি, মনে নপতিয়ালে৷ ৰাজমাওত সুধিলোঁ, বাতৰি কি৷ তেওঁ অতি [ ৬৪ ] কাতৰ হৈ কলে যে, সকলো মিছা হ’ল; তেওঁ বহু যত্ন কৰিও ৰজাৰ মন কোমলাব নোৱাৰিলে৷ মই শুনিয়েই হতাশাৰ খুন্দাত লুটিখাই পৰিলোঁ৷

ৰাজমাওৰপৰা যি আশা কৰিছিলোঁ, সেই আশা ছিগিল৷ লগে লগে মোৰো জীৱনী-শক্তিৰ ধাৰ ছিগিল যেন লাগিল৷ তথাপি তৰা আইদেউৰ ওপৰত অলপ ভৰসা থাকিল৷ তৰা আই্দেৱে লাগি-ভাগি জানোবা আৰু কিবা উপায় উলিয়াব পাৰেই৷ সেই আশাতে আকৌ ভিৰ দি ৰলোঁ৷ এইফেৰি আশাতে মোৰ জীৱনৰ সকলো শক্তিয়ে ভেজনি দি ৰল৷ কিন্তু কি হব, তাৰো অন্ত নাপাওঁ৷ তৰা আইদেৱে যত্নৰ ত্ৰুটী কৰা নাই, কিন্তু তাৰ একো গুণ ধৰা নাই৷ পাচলৈ তেৱোঁ যত্নৰ মোৰ নোপোৱাত পৰিল৷ কেতিয়াবা বিবুদ্ধি হৈ তেওঁ মোক হে উলটি উপায় সোধাত পৰিল৷ তাৰ পাচত, আমি দুইৰো আশ্ৰয় কেৱল কাঞ্চন সখী হে ৰলগৈ৷ তেওঁৰ বুজনিয়েই আমাৰ জীৱনী হ’ল৷

এইদৰেই কেইদিন গ’ল কব নোৱাৰোঁ৷ ইফালে গোহাঞিদেৱক বিচাৰচ’ৰালৈ অনাৰ বিষয় লৈ ধুম্‌ধাম লাগি উঠিল৷ ৰাজমাৱে ৰজাৰ মন কোমলাবলৈ যত্ন কৰোঁতে তাৰ বিপৰীত ফল ধৰিলে৷ ৰজাই কি ভাবি কিছুমান দিন নিটাল মাৰি ৰৈছিল কব নোৱাৰোঁ, কিন্তু ৰাজমাৱে গোহাঞিদেৱৰ মুক্তিৰ চেষ্টা কৰা দেখি তেওঁ দুগুণে জ্বলি উঠিল৷ বিচাৰৰ দিন যিমান পাৰে তেওঁ চমু চপাই আনিলে৷ আগেয়ে শুনিছিওলঁ, বিচাৰৰ দিন আৰু এমাহলৈ দীঘলাব বুলি, কিন্তু এতিয়া হঠাতে চমু চপাই ধৰা হ’ল৷ সাত দিনৰ ভিতৰত গোহাঞিদেৱৰ বিচাৰ শেষ কৰাটো স্থিৰ হ’ল৷ চাৰিওফালে এই কথা ৰাষ্ট্ৰ হৈ পৰিল৷ ঘৰে ঘৰে এই কথা৷ বাটে ঘাটে এই কথা৷ মতাৰ মেলত এই কথা৷ তিৰোতাৰ মেলত এই কথা৷ ল’ৰাৰ মুখতো এই কথাই হ’ল৷ সকলোৱে গোহাঞি[ ৬৫ ] দেৱৰ হন্তে আক্ষেপ কৰিবলৈ ধৰিলে৷ সকলোৱে ৰজাৰ অবিচাৰৰ কথা মুখে মুখে কবলৈ ধৰিলে৷ সকলোৱে গোহাঞিদেৱৰ নিৰ্ম্মল চৰিত্ৰ বখানিবলৈ ধৰিলে৷ ডাঙৰীয়া-বিষয়া সকলোৱে এই কথা লৈ গুপ্ত মন্ত্ৰণা কৰিবলৈ ধৰিলে৷ আৰু, কোনো কোনো বিষয়াই মৰণত শৰণ দি এই বিষয়ে ৰজাক পুনঃ বুজনি দিবলৈকো বাকী নাৰাখিলে৷ কিন্তু, এইবোৰ কাৰবাৰ যিমানেই বাঢ়ি আহিল, পাপমতি ৰজাৰ পাপ ইচ্ছা সিমানেই বলৱতী হৈ উঠিল; তেওঁ যিমান সোনকালে পাৰে গোহাঞিদেৱৰ পৱিত্ৰ জীৱনৰ অন্ত পেলাবলৈ উলাহেৰে আগ বাঢ়িল৷

পাচত, দিন দিয়া সাত দিনৰ অন্ত পৰিবলৈকে নাপালে৷ মাজতে এদিন ঘুনুক-ঘানাককৈ শুনা গ’ল, আজি গোহাঞিদেৱক বিচাৰ-চ’ৰালৈ অনা হ’ব৷ খন্তেকৰ ভিতৰতে এই বাতৰি চাৰিওফালে বিয়পি গ’ল৷ চাৰিও ফালৰপৰা মানুহ বিচাৰ-চ’ৰালৈ লৰিবলৈ ধৰিলে৷ হাটৰুৱা, বাটৰুৱাই নিজৰ উদ্দেশ্য পাহৰি বিচাৰ-চ’ৰাত থিত হলগৈ৷ বনুৱাই বন পেলই বিচাৰ-চ’ৰা পালেগৈ৷ ল’ৰাই ধেমালি এৰি বিচাৰ-চ’ৰাত ভূমুকি মাৰিলেগৈ৷ কাষত পানীৰ কলহেৰে বোৱাৰী-জীয়াৰী বিচাৰ-চ’ৰাৰ পদূলিত শাৰী পাতিলেগৈ৷ চাৰিও ফালৰপৰা চাপ খোৱা মানুহবিলাকৰ ভিতৰত আতুৰভাৱে আক্ষেপ প্ৰকাশৰ গুণগুণনি লগ-লাগি কি যে এটা ভয়া-লগা আৰু হিয়াবিদৰোৱা ভাব বিয়পাই দিলে! এই ভাব অনুভৱত হে ধৰিব পাৰি, ইয়াক কথাৰে ধৰা টান৷ সেই সময়তে ময়ো ঘূৰিছিলোঁ হবলা৷ তৰা আইদেউকো দেখিছিলোঁ যেন মনত পৰে৷ কিন্তু, আমি যেনিয়ে যাওঁ, তেনিয়ে বাধা পাওঁ৷ কোনে জানো, ভালকৈ মনত নপৰে, আমাক বিচাৰ-চ’ৰালৈ সোমাব নিদি আঁতৰাই আনে৷ তৰা আইদেৱে একোবাৰ একোটা আতুৰ ভাৱৰ চিয়ঁৰ মৰা যেন শুনোঁ৷ সেই চিয়ঁৰত ৰাজসভা চমকি উঠা যেন দেখি যাওঁ৷ আৰু, তেতিয়াই আইদেউক আঁতৰাই নিবলৈ ৰজাৰ টান হুকুম পৰে৷ এইদৰেই কিমানপৰ হল কব নোৱাৰোঁ, গোহাঞিদেৱক ৰজাৰ আগত নি থিয় কৰোৱা হল৷ [ ৬৬ ] ৰজাৰ আদেশ মৰে ন্যায়সোধা ফুকনে বিচাৰ আগত ললে৷ বিচাৰ কি হল কব নোৱাৰোঁ, গোহাঞিদেৱক কি সুধিলে শুনিও নুশুনিলোঁ, তেওঁ কি উত্তৰ দিলে সিও মনত নাই; নিলগৰপৰা দেখা মনত পৰে যে, সাগৰৰ নিচিনা গহীন প্ৰকৃতিৰ গোহাঞিদেৱে অচল-অটল পৰ্ব্বতৰ দৰে ৰজাৰ আগত মূৰ্ত্তিমান পুৰুষৰ শক্তিৰে থিয় দি আছিল৷ খন্তেকৰ নিমিত্তে সকলো জঁয় পৰিল৷ গোহাঞিদেৱৰ হাঁহিমুখীয়া দেৱমূৰ্ত্তি জিলিকি উঠিল৷

চ’ৰাত সেইদিনা ডাঙৰীয়া-বিষয়াও সকলোটি উপস্থিত নাছিল৷ দেউতা ভালেমান দিনৰপৰা নৰিয়াত পৰিয়েই আছিল৷ নামমাত্ৰ বিচাৰ হ’ল৷ ৰজা নিজে গুচৰীয়া, মাতিব পৰা কোনো ওচৰত নাছিল৷ গতিকে, ঘোৰ অন্যায়-অবিচাৰত গোহাঞিদেৱৰ প্ৰাণদণ্ডৰ আজ্ঞা হ’ল! ততালিকে সেই হিয়াবিদৰোৱা বাতৰি চাৰিওফালে ৰাষ্ট্ৰ হৈ পৰিল৷ সকলোৱে শুনি হাঁয় হাঁয় কৰিবলৈ ধৰিলে৷ ময়ো শুনিলোঁ৷ শুনি, গছ পৰাৰ সিদ্ধান্তত লতাও লগতে পৰাৰ সিন্ধান্ত মানিলোঁ৷