পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


৬২

পঠিয়াই তেওঁক মতাই আনোঁ। মতাই আনি কথা পাতোঁ, কিন্তু পাগুলা ঘাঁহকে পাগুলাৰ দৰে একে কথাকে পাতোঁ আৰু ভাঙ্গো। একে কথাকে পাতোঁ, কিন্তু তাত নতুন নতুন ৰস পাওঁ। একেটা কথাকে ঘূৰাই-পকাই পাতোঁ, কিন্তু তাৰ অন্ত নাপাওঁ। কিন্তু, পাচলৈ তৰা আইদেৱো মোৰ মনৰ জোখাই ঘনাই আহিব নোৱাৰা যেন দেখিলোঁগৈ। সেই কাৰণে, তেওঁ অহাৰ উপৰিও, মই তেওঁবিলাকৰ ঘৰলৈ দিনে তিনি-চাৰিবাৰকৈ যোৱা হলোঁ।

মই তৰা আইদেউৰ ওচৰলৈ অহা-যোৱা কৰাৰপৰা কোনোবা পিনে কিবা এফেৰি গুণ ধৰা যেন দেখা গ'ল। ৰজাই হেনো ৰাজমাওৰ টোললৈ মোক অহা-যোৱা কৰা দেখি কোনোবা বিষয়াৰ আগত সন্তোষ প্ৰকাশ কৰিছিল। এই কথা শুনি, কাঞ্চন সখীয়ে ভালৰ লক্ষণ বুলি কোৱা শুনিলোঁ। শুনি, আমি দুয়ো তেওঁত সুধিলো, কি নো ভালৰ লক্ষণ তেওঁ দেখিলে। কাঞ্চন সখীয়ে কলে, "ৰজাৰ মন ভাল হলে তেওঁক ঘূৰাবলৈ চল লাগিব! বিশেষ, ৰাজমাওৰ হতুৱাই এই ফেৰা কাম সধাবলৈ সুবিধা দেখিছোঁ। ৰাজমাৱে টানি ধৰিলে কিজানি ৰজাই গোহাঞিদেৱক মুক্তি দিবলৈ মান্তি হব পাৰে।" সখীৰ কথা মনত লাগিল; আৰু তেওঁৰ যুক্তি মতেই কথাটো ৰাজমাওক জনাবলৈ স্থিৰ কৰা হ'ল। আৰু পিচদিনাই তিনিও ৰাজমাওৰ ওচৰ চাপিলোঁগৈ। কথাটো পোনেই কাঞ্চন সখীয়ে উলিয়ালে। তাৰ পাচত, তৰা আইদেৱে কান্দি কান্দি কবলৈ ধৰিলে, "আইতা তুমি যদি ককাইদেৱক কৈ-মেলি গোহাঞিদেৱক মুক্তি দিয়াব পাৰাঁ, তেনেহলে তুমি মোক আৰু ভানু সখীক যেন জীৱদান হে দিলাঁ।" তেওঁৰ লগতে ময়ো হেঁচা দি কলোঁ যে, ৰাজমাৱে নিৰ্দ্দোষী গোহাঞিদেৱৰ প্ৰাণ ৰক্ষা কৰি ৰজাৰ ধৰ্ম্ম ৰক্ষা কৰিব লাগে! ৰাজমাৱে আমি কোৱা কথা টিলিকতে উৰাই দিয়াৰ নিচিনাকৈ হাঁহি মাৰি কলে, "কিনো বৰ কথাটো, তাতে প্ৰাণ দান দিয়া হয় আৰু ৰাজ-