পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰজাৰ আদেশ মৰে ন্যায়সোধা ফুকনে বিচাৰ আগত ললে৷ বিচাৰ কি হল কব নোৱাৰোঁ, গোহাঞিদেৱক কি সুধিলে শুনিও নুশুনিলোঁ, তেওঁ কি উত্তৰ দিলে সিও মনত নাই; নিলগৰপৰা দেখা মনত পৰে যে, সাগৰৰ নিচিনা গহীন প্ৰকৃতিৰ গোহাঞিদেৱে অচল-অটল পৰ্ব্বতৰ দৰে ৰজাৰ আগত মূৰ্ত্তিমান পুৰুষৰ শক্তিৰে থিয় দি আছিল৷ খন্তেকৰ নিমিত্তে সকলো জঁয় পৰিল৷ গোহাঞিদেৱৰ হাঁহিমুখীয়া দেৱমূৰ্ত্তি জিলিকি উঠিল৷

চ’ৰাত সেইদিনা ডাঙৰীয়া-বিষয়াও সকলোটি উপস্থিত নাছিল৷ দেউতা ভালেমান দিনৰপৰা নৰিয়াত পৰিয়েই আছিল৷ নামমাত্ৰ বিচাৰ হ’ল৷ ৰজা নিজে গুচৰীয়া, মাতিব পৰা কোনো ওচৰত নাছিল৷ গতিকে, ঘোৰ অন্যায়-অবিচাৰত গোহাঞিদেৱৰ প্ৰাণদণ্ডৰ আজ্ঞা হ’ল! ততালিকে সেই হিয়াবিদৰোৱা বাতৰি চাৰিওফালে ৰাষ্ট্ৰ হৈ পৰিল৷ সকলোৱে শুনি হাঁয় হাঁয় কৰিবলৈ ধৰিলে৷ ময়ো শুনিলোঁ৷ শুনি, গছ পৰাৰ সিদ্ধান্তত লতাও লগতে পৰাৰ সিন্ধান্ত মানিলোঁ৷