ভানুমতী/দ্বাদশ আধ্যা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
ভানুমতী
লেখক পদ্মনাথ গোহাঞিবৰুৱা
[ ৫৩ ]

দ্বাদশ আধ্যা

সখী-সহায়


তৰা আইদেউৰ সৈতে মোৰ সখীয়াৰ সম্বন্ধ৷ কিন্তু, আনৰ নিচিনাকৈ সখীৰ আগত নিজৰ প্ৰেম আৰু প্ৰণয়ৰ আলচ পাতি সহায় বিচৰা মোৰ অভ্যাস নাছিল৷ মই সখীৰ আগত কেতিয়াও ভুলতো মোৰ গুপুত পৱিত্ৰ প্ৰণয়ৰ কথা উলিৱা নাছিলোঁ৷ গোহাঞিদেৱ সম্পৰ্কে আগেয়ে মই সখীৰ আগত একো কোৱা নাছিলোঁ৷ এই সংসাৰৰ আনবিলাক মানুহৰ ওচৰত যেনেকৈ আমাৰ পৱিত্ৰ প্ৰণয় গোপনীয় আছিল, সখিৰ ওচৰতো তেনে আছিল৷ মোৰ উন্মাদিনী অৱস্থাত মই নিজে প্ৰকাশ নকৰালৈকে আমাৰ পৱিত্ৰ প্ৰেমৰ বিষয়ে কেৱে বুজ নাপাইছিল৷ তৰা আইদেউ সখীয়েও সেই দিনাপৰাহে ইয়াৰ সম্ভেদ পোৱা হ’ল৷ কিন্তু, কিয় কব নোৱাৰোঁ, সেইদিন ধৰি মোলৈ তেওঁৰ আদৰ-সাদৰ আৰু মৰম-বেথা বাঢ়িহে আহিল৷ তেতিয়াৰপৰা মোৰে সৈতে তেওঁৰ সম্বন্ধ বেচি ওচৰ চপা যেন পালোঁ৷ আগেয়েও তৰা আইদেউৰ লগত মোৰ সখীৰ সম্বন্ধ ঢিলা নহয়৷ আগেয়ে তেওঁ মাহেকে-পষেকে একোবাৰ আমাৰ ঘৰলৈ আহিছিল৷ মই আকৌ তেওঁৰ ওচৰলৈ যোৱাটো তাতকৈও পাতল৷ কিন্তু, মোৰ উন্মাদিনী অৱস্থাৰ পাচৰপৰা তেওঁ নিতৌ আমাৰ ঘৰলৈ অহা হ’ল৷ দিনটোৰ ভিতৰত যেনে হলেও এবাৰ মোক লগ পাই যায়হি৷ আৰু, যেতিয়াই আহে, গোহাঞিদেৱৰ বিষয়ে দুটামান কথা নোসোধাকৈ বা নোকোৱাকৈ নাযায়৷ [ ৫৪ ] আগডোখৰত ভাবিছিলোঁ যে, তৰা আইদেউ এতিয়াও গোহাঞিদেৱৰ লগত বিয়া হোৱাৰ আশাতে আছে; তেওঁ এতিয়াও গোহাঞিদেৱৰ আশাতে দিন নিয়াইছে৷ মোৰ আঁচলৰ নিধি, হৃদয়ৰ মাণিক চুৰ কৰিবলৈ তেওঁ ছেগ চাই ফুৰিছে; সেই কাৰণেই, তেওঁ মোৰপৰা গোহাঞিদেৱৰ বিষয়ে কথা টুকি নিবলৈ আহে৷ আৰু, যাতে তেওঁৰ সেই চক্ৰান্তৰ গুটি ধৰে তাৰ চেষ্টাত তেওঁ সেইভাৱে আহে-যায়৷ জানোবা গোহাঞিদেৱৰ প্ৰতি মোৰ ভক্তি আৰু মোৰ প্ৰতি তেওঁৰ আসক্তি কমাব পাৰে, তেওঁ তাৰে ছিদ্ৰ বিচাৰি ফুৰেহি৷ কিন্তু, পাচলৈ দেখিলোঁ, সি নহয়৷ মই তেওঁৰ চৰিত্ৰ আৰু চলনত যি সন্দেহ কৰিছিলোঁ সি মিছা৷ তেওঁ তাৰপৰা বহু ওপৰত; তেওঁৰ মন আৰু হিয়াৰ ভাব সাধাৰণে ঢুকি নোপোৱাত৷ মোৰ ক্ষুদ্ৰ মতিয়ে তেওঁৰ মন আৰু ভাব ঢুকি নাপাইছিল৷ তৰা আইদেউৰ যত্নৰ ফল নিজলৈ নহয়, পৰলৈহে৷ গোহাঞিদেৱৰ লগত তেওঁৰ বিয়া পতাবলৈ তেওঁৰ চেষ্টা নহয়, মোৰে সৈতে সেই কাৰ্য্য কেনেকৈ সমাধা হব পাৰে তাৰ নিমিত্তেহে তেওঁ এইদৰে ঘূৰে৷ ভালেমান দিন এই কথাত তেওঁৰ মই প্ৰমাণ বুজিলোঁ৷ মোৰ যিমানখিনি বিশ্বাস, তেওঁৰ অন্তৰত কুচূৰ্ট-কপট নাই৷ তেওঁ এগৰাকী নিঃস্বাৰ্থ প্ৰেমিকা৷ যাৰে তাৰে পৱিত্ৰ প্ৰণয় ৰক্ষা কৰিবলৈ তেওঁ অকাতৰে স্বাৰ্থ বলি দিব পাৰে৷ গোহাঞিদেৱৰ প্ৰতি তেওঁৰ যি ভাব, তাকো গম পাওঁ; কিন্তু সি যে মোৰ এফেৰিও অপকাৰ নকৰে তাকো জানো৷

গোহাঞিদেৱক বন্দীশাললৈ নিয়াৰপৰা মোৰ দৰেই তৰা আইদেৱেও বিয়াকুল হৈ ফুৰিছে৷ কি উপায়ে গোহাঞিদেৱক এই বিপদৰপৰা উদ্ধাৰ কৰিব পাৰি, তাৰ নিমিত্তে তেওঁ মহা চিন্তাত৷ মোৰ ওচৰলৈ দিনে দহবাৰকৈ আহি তাৰ আলচ পাতেহি৷ এইদৰেই এপষ পাৰ হৈ গ’ল৷ কিন্তু, গোহাঞিদেৱৰ মুক্তিৰ অৰ্থে একো উপায় কৰিব নোৱাৰিলোঁহক৷ দিনৌ আলচোঁ, দিনৌ নিৰুপায় হৈ দুয়ো [ ৫৫ ] কান্দোঁ৷ কন্দাত বাজে আমাৰ আলোচনাৰ আন গুটি ধৰা নাই৷ পিচে, এদিন সেইদৰে দুয়ো বহি আলচ পাতি আছোঁ, এনেতে কাঞ্চন সখী ওলালহি৷ ইবাৰ আগেয়ে মোৰপৰা তেওঁ এই কথাৰ ভাগ পোৱা নাছিল৷ সেই কাৰণে, মই আমাৰ আচলৰ কথা টিপতে তল পেলাবলৈ চাইছিলোঁ৷ কিন্তু, তৰা আইদেউ সখীয়ে বোলে তেওঁৰে সৈতে এই বিষয়ৰ আলচ পাতিছিল৷ সেই কাৰণে সেইদিনাপৰা তিনিও একেলগে এই বিষয়ে আলচ পাতিবলৈ ধৰিলোঁ৷ এইদৰেই আৰু কেইবাদিনো গ’ল৷ এদিন কাঞ্চন সখীয়ে কথা-বাৰ্ত্তাৰ মাজে এইবুলি মাত লগাই উঠিলে, “তিনটা উধানৰ মূৰত চাউলকঠা সিজে৷ আমি তিনিমূৰ পাতি আমাৰ আলচকঠা সিজাব নোৱাৰিম নে?" এইবুলি তেওঁ খন্তেক চিন্তা কৰিলে৷ তাৰ পাচত, তৰা আইদেউলৈ চাই তেওঁ কলে, “সখীয়ে এদিন বন্দীশাল চাবলৈ যাবাঁ বুলি অলপতে ৰজা ককাইদেৱাৰাত জনাইছিলাঁ নহয়? তেওঁ 'বাৰু’ বুলিছিল বুলি দেখোন তুমি এদিন কোৱা মনত পৰে৷" তৰা আইদেৱে সুঁৱৰি চাই কলে, “সঁচা, ককাইদেৱে কেতিয়াবাই মোক বন্দীশাল চাবলৈ অনুমতি দিয়া আছে৷" এই কথাত কাঞ্চনে আনন্দ প্ৰকাশ কৰি কলে, “তেনেহলে আৰু কি চিন্তা আছে৷ ৰজাৰ অনুমতি আছে যেতিয়া, আমাক কোনে পায়৷ বন্দীশালত সোমাই লবগৈ পাৰিলে এটা উপায় হব৷ সখী এতিয়া ঘৰলৈ যোৱাঁহি৷ কাইলৈ এটা কৰিব লাগে৷" কাঞ্চনৰ কথাত আশ্বাস পাই তিনিওৰো মুখত অলপ আনন্দ বিৰিঙ্গিল৷

আশ্বাসতে প্ৰাণ ধৰি সেই দিনটো কটালোঁ৷ পিচিদিনা পুৱাতে তৰা আইদেউ সখীৰপৰা এখন গোপনীয় চিঠি পালোঁ৷ চিঠি পঢ়ি আনন্দ লাগিল৷ সেইদিনাই সন্ধিয়াকৈ কাঞ্চন সখীৰে সৈতে তেওঁ বন্দীশাললৈ ওলাই আহিব৷ আমাৰ ঘৰৰ আগেদিয়েই যাবহি৷ যাওঁ যদি, ময়ো সিবিলাকক বাটতে লগ ধৰিব লাগিব৷ তেওঁবিলাক [ ৫৬ ] আমাৰ ঘৰত নোসোমায়। কিন্তু হাঁয়, "যাওঁ যদি!" মোৰ প্ৰাণৰ প্ৰাণ, হৃদয়ৰ স্বামী গোহাঞিদেৱক বিপদত চাবলৈ আকৌ "যাওঁ যদি!" চিঠি পাবৰপৰা মোৰ মন উত্ৰাৱল হবলৈ ধৰিলে। কেতিয়া সন্ধিয়া হব, কেতিয়াকৈ তৰা আইদেউ সখীহঁত ওলাবহি, ইয়াকেহে চিন্তিব লাগিছোঁ। এনে দিন বৰ দীঘল! ৰাতিপুৱাৰপৰা সন্ধিয়ালৈকে! ইমান নাযায়-নুপুৱায় দিনটো মই কেনেকৈ পাৰ কৰোঁ! এনে ভাবি চাটিফুটিকৈ আছোঁ, এনেতে দেউতা অতি বিমৰ্ষভাৱে দুপৰীয়া ঘৰ ওলাইছেহি। এই কেইদিন দেউতাৰ মুখলৈ চাব নোৱাৰি, তেওঁৰ বিমৰ্ষভাব দেখিলে মোৰ হিয়া ফাটি যায় যেন লাগে। অধৰমী ৰজাই যিমান পাৰে দেউতাক বেজাৰ দিবলৈ ছেগ চাই ফুৰে। সেইদিনাও এনাজগৰত নানা ককৰ্থনা কৰি তেওঁক বেজাৰ দি পঠিয়াইছিল। দেউতা ভিতৰ সোমালত মই নিজৰ সকলো দুখ-বেজাৰ খন্তেকলৈ পাহৰি তেওঁৰ শুশ্ৰূষাত ধৰিলোঁ।

চাওঁতে চাওঁতে আমনিলগা দীঘল দিনটো চাপ খাই আহিল। সন্ধিয়াই দেখা দিলেহি। পছিমফালে ভাগৰুৱা বেলি জিৰণিৰ পাটীত পৰিল। তাৰপৰা নিশ্বাসি পঠিওৱা ভাগৰৰ ৰঙা ৰহনে দশোদিশ ব্যাপি পেলালে। সেই ভাগৰতে মোৰ উৎসাহে ভৰ দি উঠিল। উগুল-থুগুলভাৱে তৰা আইদেউলৈ বাট চালোঁ। কিমান বাৰ ওলাই ওলাই চাইছোঁ! পদূলিমূৰলৈকে একোবাৰ আগবাঢ়ি চাই আহোঁগৈ। নাই, তৰা আইদেউ ওলোৱাহি নাই। মনত নানা ভাৱে উগুল-থূগুল লগাবলৈ ধৰিলে। ভাবিবৰো সময় নাই। আকৌ বাটলৈ ওলাই চাবলৈ ধৰিলোঁ। তথাপি তৰা আইদেউ নাই! কেতিয়াকৈ নো ওলাবহি, ইমান পৰ নো কি কৰিছে, এনে ভাবে মনত বিৰক্তি-বিষ তুলিছে। দিনটো বাট চাই যিমান আমনি পোৱা নাছিলোঁ, সেই খন্তেক বাটলৈ চাই তাতকৈ হেজাৰ গুণে অধিক আমনি লাগিল। নাই, সিমানতো অহা নাই! মনত নানা আশঙ্কা উঠিবলৈ ধৰিলে। একোবাৰ ভাবিলোঁ, ময়ে আগবাঢ়ি যাম নেকি? [ ৫৭ ] এই ভাবি এখুজি-দুখুজিকৈ গৈ আছোঁ, এনেতে দেখিলোঁ সিফালৰপৰা কাঞ্চন সখীৰে সৈতে তৰা আইদেউ আহিব লাগিছে।

আগে-পিচে দুটা লগুৱাৰে সৈতে তৰা আইদেউ আগত, মই মাজত আৰু কাঞ্চন সখী পিচত হৈ তিনিও যাবলৈ ধৰিলোঁ। বন্দীশালৰ দুৱাৰমুখ পাই, পোনেই চাওদাং বৰুৱাৰ খবৰ লোৱা হ'ল। বৰুৱা আঁতৰত আছিল। প্ৰহৰীয়ে কাঞ্চন সখীৰ হাতৰপৰা ৰজাৰ অনুমতি-পত্ৰ নি তেওঁক সেই ঠাইতে দিলেগৈ। আমি নিলগৰপৰা শুনিলোঁ, তেওঁ প্ৰহৰীক আদেশ দিছে, "ৰজাৰ ভনীয়েক তৰা আইদেউ বন্দীশাল চাবলৈ আহিছে। দুৱৰীক কৈ দেগৈ দুৱাৰ এৰি দিয়ক।" প্ৰহৰীয়ে কোৱা মতে দুৱৰীয়ে বাট এৰি দিলে। আমি তিনিও ভিতৰ সোমালোঁ। আমাৰ লগতে এটা প্ৰহৰীও সোমাবলৈ ওলাইছিল; কাঞ্চন সখীয়ে তাক মানা কৰি দি কলে, "আইদেউৰ আজ্ঞা, লগত কোনো আহিব নালাগে।" লগুৱা দুটাও বাজতে ৰল। আমি এটা এটাকৈ বন্দী-কোঠাবোৰ চাই গৈছোঁ। কোনোটোত দুটীয়া, কোনোটোত তিনটীয়া আৰু কোনোটোত চাইটীয়াকৈও বন্দী আটক হৈ আছে। কোনোৱে মূৰে-কপালে হাত দি গুণিছে, কোনোৱে চকু-লো টুকিছে, কোনোৱে ভাগ্যক দোষ দি কপালত ভুকুৱাইছে, কোনোৱে নিৰৱে ঈশ্বৰক চিন্তা কৰিছে। সেইবিলাকৰ মাজত আমি ক'তো গোহাঞিদেৱক দেখা নাপালোঁ। আৰু কেইবাটাও কোঠা জুমি জুমি চালোঁ, গোহাঞিদেৱ নাই! আমি চাবলৈ আৰু তিনিটা কোঠা হে আছে গৈ। গোহাঞিদেৱ নাই! আমাৰ মুখ শুকাই আহিল। তিনিও আশঙ্কাত চোৱা-চুই কৰিলোঁ। তিনিও তিনিৰ মনোভাব বুজিলোঁ। আকৌ চালোঁ। নাই! আৰু এটা কোঠা মাথোন আছেগৈ। ভয়ে ভয়ে সেইটোৰো দুৱাৰ মেলা হ'ল। খোঁটালীটো ঘোপ্‌মৰা আন্ধাৰ। আমি পোহৰৰপৰা ভিতৰলৈ একো দেখা নাই। কিন্তু, আন্ধাৰৰপৰা গোহাঞিদেৱে আমাক দেখিলে। দেখি, তেওঁ তিনিওকো চিনিলে। [ ৫৮ ] মোক দেখি তেওঁ বিশেষকৈ আচৰিত হ'ল। তাতোকৈ তেওঁ আশঙ্কিত হোৱা যেন হে পালোঁ। আমি জোমাজুমি কৰি আছোঁ, এনেতে তেওঁ আতুৰভাৱে মাত দিলে, "অহ, ভানু, তুমি কিয় আহিলাঁ।" গোহাঞিদেৱৰ মাত শুনি আন্ধাৰলৈকে জাঁপ দিলোঁ। ক'তো একোতে ধৰিবলৈ নাপাই, পকী বেৰত খুন্দা খাই মই উফৰি পৰিলোঁ। গোহাঞিদেৱে "দেহিহৈ, কি সৰ্বনাশ হল" বুলি ততালিকে মোক দাঙি ধৰিলেহি। আৰু, কাঞ্চন সখীয়ে লৰালৰিকৈ খিৰিকী-দুৱাৰখন মেলি দিয়াত ভিতৰলৈ পোহৰ পৰিল। মই গোহাঞিদেৱৰ কোলাত! তৰা আইদেউ আৰু কাঞ্চন সখী দুৱাৰমুখতে ৰল। মই খন্তেকৈ মোৰ প্ৰাণেশ্বৰৰ কোলাত জিৰণি ললোঁ! খুন্দাত বৰ দুখ পাইছিলোঁ, মূৰ জিন্‌জিনাবলৈ ধৰিলে! কিন্তু, সখীহঁতে চাপিবলৈ বেয়া পাইছে জানি, মই বগুৱা বাই গোহাঞিদেৱৰ কোলাৰপৰা নামি মাটিত বহিলোঁহী। সখীহঁত সোমাই গ'ল। পিচে, কাঞ্চন সখীয়ে কলে যে, কোঠাৰপৰা ওলাই আহিলেহে কথা পাতিবলৈ চল লাগিব। তেওঁৰ কথা শুনি গোহাঞিদেৱে উত্তৰ দিলে, "বাৰু, তোমালোক ওলাই বহাঁ আৰু কিয় আহিছিলাঁ কোৱাঁ। মই বন্দী। ৰখীয়াৰ বিনা-অনুমতিৰে এই কোঠাৰ দুৱাৰদলি পাৰ নহওঁ।" কাঞ্চন সখী অবাক্‌! তৰা আইদেৱে মাত লগালে, "তেনেহলেতো আমি অহাই মিছা হ'ল। অতনা যতন এনেই গ'ল!"

 গোহাঞিদেৱ।--কিয়?
 কাঞ্চন।--কিয়, জানিবই লাগেচোন।
 তৰা।--আমি আপোনাৰ ইয়াৰপৰা উদ্ধাৰ কৰি নিবলৈহে আহিছোঁ।
 গোহাঞিদেৱ।--ৰাজ-অনুমতি পাইছাঁ জানো?
 মই।--হয়, পাইছে। ৰজাৰ অনুমতি লৈহে আইদেউ সখী ইয়ালৈ আহিছে।

[ ৫৯ ]

 গোহাঞিদেৱ।--ই কেনে কথা! উদ্ধাৰৰ হুকুম তৰা আইদেউৰ হাতে হে আহিব লাগে নে? আৰু, এনে অসময়ত?
 কাঞ্চন।--মুক্তিৰ আদেশ নহয়। প্ৰৱেশৰ অনুমতিহে পোৱা হৈছিল।
 গোহাঞিদেৱ।--বাৰু, তাকে কোৱাঁহঁক। পিচে?
 মই।--পিচে, এতিয়া আমাৰ লগতে ওলাই যাব লাগে। বাহিৰ ওলালে এফলীয়া হবলৈ উপায় হব।
 গোহাঞিদেৱ।--পলাই যাম? তুমিও এনে কথা কোৱা নে ভানু!

তিনিও ওপৰা-উপৰিকৈ বুজালোঁ। মই কিমান তুতি-মিনতি কৰিলোঁ। কিমান কাবৌ কৰিলোঁ। কিমান শপত দিলোঁ। একোতে গোহাঞিদেৱ নটলিল। তেওঁ নপলা। তেওঁ জীৱন্তে পলৰীয়া নাম নলয়। অন্তত মই কান্দি ব্যাকুল হলোঁ। গোহাঞিদেৱে বুজাবলৈ ধৰিলে। আৰু, তেওঁ পৱিত্ৰ প্ৰেমৰ চিন্‌ স্বৰূপ, দুই সখীক সাক্ষী কৰি, তেওঁ নিজৰ আঙ্গুলিৰপৰা আঙ্গঠিটি সোলোকাই মোৰ আঙ্গুলিত পিন্ধাই দিলে। তৰা আইদেউ সখীয়েও ততালিকে মোৰ আঙ্গুলিত থকা আঙ্গঠিটো সোলোকাই নি গোহাঞিদেৱৰ আঙ্গুলিত পিন্ধাই দিলে। তাৰ পাচত, গোহাঞিদেৱে কলে, "আজি মোৰ জীৱনৰ শেষ কাম সমাধা হ'ল, এতিয়া তোমালোকৰ ওচৰত বিদায় হে মাগিলোঁ।" এইবুলি তেওঁ আমাক ওলাই আহিবৰ কাৰণে বৰকৈ ধৰিলে। অন্তত, ইমানকৈ কলেগৈ, "মোক এফেৰিমানো শান্তি দিবলৈ চোৱাঁ যদি, তোমালোকে মোৰপৰা বিদায় লোৱাঁহঁক।" তৰা আইদেউ আৰু কাঞ্চনসখীয়ে মোক ধৰি ধৰি উলিয়া আনিলে। গোহাঞিদেৱ অচল-অটল হৈ তাতে ৰল।