পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ত্ৰয়োদশ আধ্যা

গছ-পৰিল

মই ধৰা পৰি উলটি আহি দেউতাক যেনে হত দেখিছিলোঁ, তাতোকৈ তেওঁ দিনক-দিনে হত হৈ যাবলৈ ধৰিলে৷ হেৰোৱা ধন পোৱাৰ দৰে মোক উলটি পোৱাতো দেউতাৰ মনলৈ সুখ-শান্তি নাহিল৷ তেওঁ আগতকৈও দিনক-দিনে বেচি চিন্তাযুক্ত হবলৈ ধৰিলে৷ আৰু, তাৰ পৰিণামত তেওঁ দিনক-দিনে শুকাই-ক্ষীণাই আহিল৷ তাৰ পাচত, গোহাঞিদেৱক বন্দীশাললৈ নিয়াৰপৰা দেউতা একেবাৰে জঁয় পৰিল৷ তেওঁৰ খোৱাত ৰুচি নাইকিয়া হ’ল, বহাত শান্তি নোপোৱা হ’ল, শোৱাত টোপনি নহা হ’ল৷ এইদৰে দেউতা একেবাৰে হত হৈ পৰিল৷ আৰু, কেইদিনমানৰপৰা তেওঁ নৰীয়াপাটী এৰিব নোৱাৰা হ’ল৷

দেউতা নৰিয়াত পৰিবৰপৰা ডাঙৰীয়া-বিষয়াসকল আমাৰ ঘৰলৈ অহা ঘন হবলৈ ধৰিলে৷ কিন্তু, সিবিলাক আহে নৰীয়া চাবলৈ, দেউতাই উলিয়ায় গোহাঞিদেৱৰ কথা৷ বিষয়াসকলে নানা তৰহে বুজনি দিও তেওঁক শান্ত কৰিব নোৱাৰে৷ তেওঁৰ মুখত কেৱল ৰজাই গোহাঞিদেৱৰ প্ৰতি অবিচাৰ কৰাৰ কথা হে৷ গোহাঞিদেৱৰ মুক্তিৰ আশা দেখিলেই তেওঁৰ মুখত অলপ আনন্দৰ চিন্‌ বিৰিঙে; আৰু তেওঁৰ অন্তিম অৱস্থাৰ কথা ভাবিলেই আকৌ অস্থিৰ হৈ পৰে৷ বিষয়াসকলে বুজিলে যে, গোহাঞিদেৱৰ উদ্ধাৰৰ আলোচনাত বাজে আন একোৱে ৰোগীৰ মনত শান্তি দিব নোৱাৰে৷ সেই কাৰণে, পাচলৈ সিবিলাকে নৰীয়া চাবলৈ আহি