পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ধৰ্ম্ম ৰক্ষা কৰা হয়! বাৰু, তহঁত থাক, কাইলৈ মই লৰাক বুজাই-মেলি কিবা এটা কৰিম৷ “ ৰাজমাওৰ কথাত আমি তিনিও আশ্বাস পালোঁ৷ তিনিও মনৰ আনন্দেৰে ঘৰাঘৰি গলোঁ৷

মনৰ আনন্দত ৰাজমাওৰ টোলৰপৰা আহিলোঁ৷ কিন্তু, অন্তৰত উগুল-থুগুল ভাবে উৎপাত লগাবলৈ ধৰিলে৷ অন্তৰত আশা আৰু হতাশৰ খুন্দীয়া-খুন্দিয়ে মোক অস্থিৰ কৰি পেলালে৷ সেইদিনা ৰাতি মোৰ চকুত টোপনি নাই৷ কেতিয়াকৈ ৰাজমাৱে কোৱা ’কাইলৈ’ আহি যাব, কেতিয়াকৈ আমি শুভ বতৰা পাবলৈ পৰ্শু আহিব, তাকে ভাবি থাকোতেই ৰাতি পুৱাল৷ ৰাতি পুৱাল, দুখৰ ৰাতি পাৰ হ’ল৷ কিন্তু আকৌ দীঘল দিনটোৱে আগত দীঘল দিলে৷ ৰাতিপুৱাটো চাওঁতে দীঘল হৈ যায়, দুপৰীয়া নপৰেহি যেন লাগিল৷ দুপৰীয়া আহিলত আকৌ আবেলিলৈ ভাবনা হ’ল৷ আমনি লাগি যোৱা দুপৰীয়াটো পাৰ হৈ যোৱাত, বাটচাই থকা আবেলি আৰু সন্ধিয়া পালেহি৷ কিন্তু, আনকাল সন্ধিয়া যিমান বেগাই ৰাতিত মাৰ যায়, আজি সি সেইদৰে যাব পৰা নাই৷ আগৰ দুখৰ ৰাতিকে আকৌ সুখৰ বুলি মাতিব লগা হ’ল৷ তথাপি, সি পাৰ হৈ যাওকহি৷ তথাপি, কোনোমতে ’পৰ্শু’ পাওকহি৷ কেতিয়া কিমান পৰ হ’ল কব নোৱাৰোঁ৷ দেউতাক ঔষধ-পাতি খুৱাই অলপ আহাৰ দিলোঁ৷ ইমানলৈকে ৰাতিৰ আগছোৱা পাৰ হ’ল, বাকীছোৱাও বহিয়েই পাৰ কৰিলোঁ৷ একেবাৰে দুটা ৰাতি চকুৰ টিপ্‌ নমৰাকৈয়ে পাৰ হ’ল৷ পিচদিনা বেলি এপৰমান উঠোঁতেই ৰাজমাওৰ টোল পালোঁগৈ৷ দেখিলোঁ, কাঞ্চন সখীৰ সৈতে তৰা আইদেউ ৰাজমাওৰ কাষতে বিমৰ্ষভাৱে বহি আছে৷ মোক ওচৰত থিয় হোৱা দেখি তেওঁ দীঘলকৈ এটা হুমুনিয়াহ পেলালে; আৰু ৰাজমাৱে তললৈ মূৰ কৰিলে৷ মই দেখিয়েই বুজিলোঁ, কথা বিষম৷ তথাপি, মনে নপতিয়ালে৷ ৰাজমাওত সুধিলোঁ, বাতৰি কি৷ তেওঁ অতি