পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সদায় গোহাঞিদেৱৰ উদ্ধাৰৰ অৰ্থে আলচ পতা হ’ল৷ আৰু, এইদৰেই কেইদিনমান গ’ল৷ তাৰ পাচত, এই কথা ৰজাৰ কাণত পৰিলগৈ৷ আৰু, এই আলোচনাই ৰাজদ্ৰোহীৰ ষড়যন্ত্ৰৰহে নাম পালে৷ তাৰ ফল স্বৰূপ, এদিন ৰজাৰ আদেশ হ’ল যে, মৰাণ গোহাঞিবৰুৱাৰ ঘৰলৈ কোনো বিষয়া বা ডাঙৰীয়া যাব নোৱাৰে৷ আৰু, ৰজাৰ বিপক্ষে মন্ত্ৰণা কৰা আপাহত কেইজনমান বিষয়াৰ গুৰুতৰ দণ্ড হবলৈকো বাকী নাথাকিল৷

বিষয়াসকল আহিবলৈ বন্ধ হোৱাত, মোৰো সান্ত্বনাৰ এপালি ঔষধ অন্ত পৰিল৷ পাচলৈ, গোহাঞিদেৱৰ উদ্ধাৰৰ অৰ্থে কোনো উপায় আলোচনা নোহোৱা দেখি মোৰ মন-প্ৰাণ অস্থিত হবলৈ ধৰিলে৷ গোহাঞিদেৱৰ কথা নোলোৱা ঠাইত মোৰ শান্তি নোহোৱা হ’ল৷ ভালেই হওক বা বেয়াই হওক, যেয়ে যিহকে গোহাঞিদেৱৰ কথা উলিয়াই তাতে মোৰ মন-প্ৰাণ খন্তেকলৈ লাগি যায়৷ আৰু, পাচলৈ মই যাৰে-তাৰে আগত গোহাঞিদেৱৰ কথা মই উপ্‌যাচি উলিওৱা হলোঁ৷ আন কি, দেউতাৰ সৈতেও মই গোহাঞিদেৱৰ বিষয়ে কথা পতা হলোঁ৷ আৰু, এই কথাত দেউতা আৰু মই দুয়ো সমানে তৃপ্তি পোৱা হলোঁ৷ কিন্তু, বাহিৰৰ বাতৰি নহলে, মনৰ কথা মনতে পতাৰ নিচিনাকৈ, দেউতা আৰু মোৰ ভিতৰত হোৱা কথাই আমাক শান্তি দিব নোৱাৰাত পৰিল৷ গতিকে, তৰা আইদেউ সখীৰ সহায় মোক সঘনাই লগা হ’ল৷

সেইদিনা গোহাঞিদেৱক বন্দীশালত এৰি অহাৰ পাচৰপৰা তৰা আইদেউৰ সৈতে মোৰ কিমানবাৰ দেখা-সাক্ষাৎ হৈছে, মই তাৰ লেখ দিব নোৱাৰোঁ৷ তথাপি, মনত তেওঁৰ লগৰ অভাৱ নুগুচা হ’ল৷ তেওঁ নিজেই কমকৈও দিনটোত আমাৰ ঘৰলৈ তিনিবাৰতকৈও বেচিকৈহে আহে৷ কিন্তু, সেই অহাই মোৰ অভাৱ গুচাব নোৱাৰে; মই তাৰ উপৰিও দুই-তিনিবাৰকৈ চাকুলী বাইক