পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/৬৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


দেৱৰ হন্তে আক্ষেপ কৰিবলৈ ধৰিলে৷ সকলোৱে ৰজাৰ অবিচাৰৰ কথা মুখে মুখে কবলৈ ধৰিলে৷ সকলোৱে গোহাঞিদেৱৰ নিৰ্ম্মল চৰিত্ৰ বখানিবলৈ ধৰিলে৷ ডাঙৰীয়া-বিষয়া সকলোৱে এই কথা লৈ গুপ্ত মন্ত্ৰণা কৰিবলৈ ধৰিলে৷ আৰু, কোনো কোনো বিষয়াই মৰণত শৰণ দি এই বিষয়ে ৰজাক পুনঃ বুজনি দিবলৈকো বাকী নাৰাখিলে৷ কিন্তু, এইবোৰ কাৰবাৰ যিমানেই বাঢ়ি আহিল, পাপমতি ৰজাৰ পাপ ইচ্ছা সিমানেই বলৱতী হৈ উঠিল; তেওঁ যিমান সোনকালে পাৰে গোহাঞিদেৱৰ পৱিত্ৰ জীৱনৰ অন্ত পেলাবলৈ উলাহেৰে আগ বাঢ়িল৷

পাচত, দিন দিয়া সাত দিনৰ অন্ত পৰিবলৈকে নাপালে৷ মাজতে এদিন ঘুনুক-ঘানাককৈ শুনা গ’ল, আজি গোহাঞিদেৱক বিচাৰ-চ’ৰালৈ অনা হ’ব৷ খন্তেকৰ ভিতৰতে এই বাতৰি চাৰিওফালে বিয়পি গ’ল৷ চাৰিও ফালৰপৰা মানুহ বিচাৰ-চ’ৰালৈ লৰিবলৈ ধৰিলে৷ হাটৰুৱা, বাটৰুৱাই নিজৰ উদ্দেশ্য পাহৰি বিচাৰ-চ’ৰাত থিত হলগৈ৷ বনুৱাই বন পেলই বিচাৰ-চ’ৰা পালেগৈ৷ ল’ৰাই ধেমালি এৰি বিচাৰ-চ’ৰাত ভূমুকি মাৰিলেগৈ৷ কাষত পানীৰ কলহেৰে বোৱাৰী-জীয়াৰী বিচাৰ-চ’ৰাৰ পদূলিত শাৰী পাতিলেগৈ৷ চাৰিও ফালৰপৰা চাপ খোৱা মানুহবিলাকৰ ভিতৰত আতুৰভাৱে আক্ষেপ প্ৰকাশৰ গুণগুণনি লগ-লাগি কি যে এটা ভয়া-লগা আৰু হিয়াবিদৰোৱা ভাব বিয়পাই দিলে! এই ভাব অনুভৱত হে ধৰিব পাৰি, ইয়াক কথাৰে ধৰা টান৷ সেই সময়তে ময়ো ঘূৰিছিলোঁ হবলা৷ তৰা আইদেউকো দেখিছিলোঁ যেন মনত পৰে৷ কিন্তু, আমি যেনিয়ে যাওঁ, তেনিয়ে বাধা পাওঁ৷ কোনে জানো, ভালকৈ মনত নপৰে, আমাক বিচাৰ-চ’ৰালৈ সোমাব নিদি আঁতৰাই আনে৷ তৰা আইদেৱে একোবাৰ একোটা আতুৰ ভাৱৰ চিয়ঁৰ মৰা যেন শুনোঁ৷ সেই চিয়ঁৰত ৰাজসভা চমকি উঠা যেন দেখি যাওঁ৷ আৰু, তেতিয়াই আইদেউক আঁতৰাই নিবলৈ ৰজাৰ টান হুকুম পৰে৷ এইদৰেই কিমানপৰ হল কব নোৱাৰোঁ, গোহাঞিদেৱক ৰজাৰ আগত নি থিয় কৰোৱা হল৷