পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কাতৰ হৈ কলে যে, সকলো মিছা হ’ল; তেওঁ বহু যত্ন কৰিও ৰজাৰ মন কোমলাব নোৱাৰিলে৷ মই শুনিয়েই হতাশাৰ খুন্দাত লুটিখাই পৰিলোঁ৷

ৰাজমাওৰপৰা যি আশা কৰিছিলোঁ, সেই আশা ছিগিল৷ লগে লগে মোৰো জীৱনী-শক্তিৰ ধাৰ ছিগিল যেন লাগিল৷ তথাপি তৰা আইদেউৰ ওপৰত অলপ ভৰসা থাকিল৷ তৰা আই্দেৱে লাগি-ভাগি জানোবা আৰু কিবা উপায় উলিয়াব পাৰেই৷ সেই আশাতে আকৌ ভিৰ দি ৰলোঁ৷ এইফেৰি আশাতে মোৰ জীৱনৰ সকলো শক্তিয়ে ভেজনি দি ৰল৷ কিন্তু কি হব, তাৰো অন্ত নাপাওঁ৷ তৰা আইদেৱে যত্নৰ ত্ৰুটী কৰা নাই, কিন্তু তাৰ একো গুণ ধৰা নাই৷ পাচলৈ তেৱোঁ যত্নৰ মোৰ নোপোৱাত পৰিল৷ কেতিয়াবা বিবুদ্ধি হৈ তেওঁ মোক হে উলটি উপায় সোধাত পৰিল৷ তাৰ পাচত, আমি দুইৰো আশ্ৰয় কেৱল কাঞ্চন সখী হে ৰলগৈ৷ তেওঁৰ বুজনিয়েই আমাৰ জীৱনী হ’ল৷

এইদৰেই কেইদিন গ’ল কব নোৱাৰোঁ৷ ইফালে গোহাঞিদেৱক বিচাৰচ’ৰালৈ অনাৰ বিষয় লৈ ধুম্‌ধাম লাগি উঠিল৷ ৰাজমাৱে ৰজাৰ মন কোমলাবলৈ যত্ন কৰোঁতে তাৰ বিপৰীত ফল ধৰিলে৷ ৰজাই কি ভাবি কিছুমান দিন নিটাল মাৰি ৰৈছিল কব নোৱাৰোঁ, কিন্তু ৰাজমাৱে গোহাঞিদেৱৰ মুক্তিৰ চেষ্টা কৰা দেখি তেওঁ দুগুণে জ্বলি উঠিল৷ বিচাৰৰ দিন যিমান পাৰে তেওঁ চমু চপাই আনিলে৷ আগেয়ে শুনিছিওলঁ, বিচাৰৰ দিন আৰু এমাহলৈ দীঘলাব বুলি, কিন্তু এতিয়া হঠাতে চমু চপাই ধৰা হ’ল৷ সাত দিনৰ ভিতৰত গোহাঞিদেৱৰ বিচাৰ শেষ কৰাটো স্থিৰ হ’ল৷ চাৰিওফালে এই কথা ৰাষ্ট্ৰ হৈ পৰিল৷ ঘৰে ঘৰে এই কথা৷ বাটে ঘাটে এই কথা৷ মতাৰ মেলত এই কথা৷ তিৰোতাৰ মেলত এই কথা৷ ল’ৰাৰ মুখতো এই কথাই হ’ল৷ সকলোৱে গোহাঞি-