ভানুমতী/চতুৰ্দশ আধ্যা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
ভানুমতী
লেখক পদ্মনাথ গোহাঞিবৰুৱা
[ ৬৭ ]

চতুৰ্দশ আধ্যা

সামৰণ


নীলা আকাশত আমৰলীয়া পাখিৰে কুমলীয়া মেঘ কেচপৰামান উলাহত উটি ফুৰিছিল৷ নিঠুৰ বেলিয়ে তাকে সহিব নোৱাৰিলে৷ পুৱাতে চেচেঙ্গীয়া ৰ’দে পাই তাক আহৰি কৰিলে! আকাশৰ মেঘ আকাশতে লয় পালে! তাৰ পাচত, মূৰৰ ওপৰলৈ উঠি সূৰ্যদেৱতা জুই যেন হৈ জ্বলি উঠিল৷ পৃথিৱীৰ জীৱ-জন্তু, গছ-লতাৰ ওপৰত তেওঁৰ খাওঁ-খাওঁ মূৰ্ত্তি হ’ল৷ ভিতৰৰপৰা বাহিৰলৈ ওলাবৰ সাহ নোহোৱাত পৰিল৷ পথাৰৰ অলপ-পানীৰ মাছে তাপত তৰণি নাপাই খলক লগাবলৈ ধৰিছে! মানুহ-পশু, চৰাই-চিৰ্‌কতি সকলো ৰ’দত চট্‌ফটবলৈ ধৰিছে! এনে ভয়ানক সময়ত, এনে আপদৰ কালত, আজি জেৰেঙা পথাৰত কাৰ বিয়া? কোন গাঁৱৰ বিহু-হাট আহি বহিছেহি? আজি জেৰেঙা পথাৰত মানুহৰ মাজত বিৰ দি বাট পাব নোৱাৰা হৈছে৷ কিন্তু হায়, লিখকৰ ভ্ৰম, লিখনীৰ ভুল, --ই বিয়া নহয়, বিহু-হাটো বহা নাই৷ আজি জেৰেঙাত নৰবলি পৰিছে৷ আজি মহা প্ৰতাপী স্বৰ্গীয় ঘাইমন্ত্ৰী বৰগোহাঞি ডাঙৰীয়াৰ বংশধৰ, মৰাণ গোহাঞিবৰুৱাৰ বংশজ ভানু-লতাৰ জীৱন-বৃক্ষ, অসমীয়া প্ৰজাৰ আদৰৰ মাণিক শ্ৰীমান চাৰুচন্দ্ৰ বৰগোহাঞিদেৱ বলি পৰিছে৷

অন্তিম কাল উপস্থিত! চাৰু গোহাঞিদেৱক ৰাইজৰ আগলৈ উলিওৱা হ’ল৷ সকলোৱে এবাৰ হেঁপাহ পলুৱাই চাবলৈ ধৰিলে এনে আপদৰ কালতো, জীৱনৰ অন্তিম সময়তো গোহাঞিদেৱৰ সৰিয়হ ফুল যেন প্ৰফুল্ল মুখখনিত বিষাদৰ ৰেখ এটিও নাই৷ [ ৬৮ ] তেওঁ অতি গম্ভীৰভাৱে ৰাইজলৈ সাদৰ-সম্ভাষণ জনাই কবলৈ ধৰিলে, “শুনা ৰাইজ! মোকে বোলে ঘাট-মাউৰা৷ তথাপি, এই পৃথিৱীত মোৰ বুলি এৰি যাবলৈ এটি মাথোঁন প্ৰাণী থাকিল, তেওঁ মোৰ প্ৰাণেশ্বৰী ভানুমতী৷ মৰণ চাপিছে বুলি তাত মোৰ অকণো বেজাৰ নাই৷ জন্ম হলেই অৱশ্যে এদিন মৃত্যু আছে৷ এই ঘৰৰ ভিতৰত নৰিয়া পৰি, কিম্বা হিংস্ৰ জন্তুৰ মুখত পৰি নিজানত নুমাব লগা নহল, মোৰ দেহান্তৰ হোৱা আজি অত ৰাইজে দেখিব, ই মোৰ বৰ ভাগ্যৰ ফল৷ কিন্তু, মোৰ দেহান্তৰ ঘটাৰ পূৰ্ব্বে মোৰ দুআষাৰ শেষ কথা কৈ যাওঁ৷ মই কোনো অপৰাধৰ অপৰাধী নহওঁ৷ ৰজাৰ বিচাৰ সম্পূৰ্ণ অন্যায়৷ কিন্তু আৰ্জ্জিলে ফল ভুঞ্জিব লাগে৷ এই কথা সকলোৱে মনত ৰাখিবাঁহঁক৷ এতিয়া সকলোৰে ওচৰত বিদায় হে মাগিলোঁ৷" এই কেইআষাৰ হিয়াত লাগি যোৱা কথা কৈ তেওঁ চাওদাঙ্গৰ ফালে ঘূৰিল৷ চাওদাঙ্গে নিয়ম লগাই বলিশালত ঠিক কৰি লবলৈ ধৰিছে৷ এনেতে, চাৰিওফালে অন্যায় অবিচাৰ অধৰম ইত্যাদি আৰ্ত্তৰাৱ গগন ভেদি উঠিল৷ হঠাৎ প্ৰকৃতিয়ে ভীষণ মূৰ্তি ধৰিবৰ উপক্ৰম কৰিলে৷ আকাশত এচুকেদি এচকলা মেঘ অকলৈ আছিল৷ তাৰেপৰা গিৰ্‌-গিৰ্‌কৈ গাজনি উঠিল৷ গছৰ ডাল এৰি চৰাইবোৰে ৰমলিয়াবলৈ ধৰিলে৷ নিমিষতে অকস্মাৎ ভয়ঙ্কৰ ধুমুহা আহিল৷ ক’লা ডাৱৰে আকাশ ঢাকি পেলালে৷ ধাৰাসাৰে মেঘে বৰষিবলৈ ধৰিলে৷ ঘনে ঘনে কাণ-টাল-মৰা ঢেৰেকনিত মানুহ আছাৰখাই পৰিবলৈ ধৰিলে! স্বাভাৱিক অমঙ্গলৰ চিন্‌ এটা বিৰঙ্গি উঠিল! চাওদাঙ্গৰ হাতৰ পৰা বলিকটা-দা সৰি পৰিল৷ এনেতে, হঠাৎ স্বৰগ পৰি চাৰু গোহাঞিদেৱ থিয়ৈ থিয়ৈ স্বৰ্গী হ’ল! তুলসীৰ লগত কলপটুৱাৰ মুক্তিৰ দৰে চাওদাং দুটাৰো গোহাঞিদেৱৰ লগতে পৱিত্ৰ মৰণ মিলিল৷ উপস্থিত জনমণ্ডলীয়ে জয়ধ্বনিৰে গগন ফালি দিলে৷ এনেতে, ভানু সখীৰে সৈতে ইফালে তৰা আইদেউ বাউলী হৈ উৰি আহিছে৷ দুয়ো মানুহৰ ওপৰেদি উৰি [ ৬৯ ] যোৱাদি গৈ, "হাঁ, প্ৰাণনাথ!" বুলি গোহাঞিদেৱৰ জীৱহীন দেহা সাবটি ধৰিলেগৈ! মানুহে স্পৰ্শ কৰা মাত্ৰকে কাটি হৈ মাটিত পৰিল। আশ্ৰয়হীনা লতাৰ দৰে ভানুমতী আৰু তৰা আইদেৱো লগতে লুটি-খাই পৰিল! তাৰ পাচত, বহু প্ৰৱন্ধেৰে দুই কল্পিত সতিনী-সখীৰ আলিঙ্গনৰপৰা গোহাঞিদেৱৰ মৃতদেহা এৰুৱাই নিয়া হ'ল। প্ৰাণ কাঢ়ি নিয়া অচেতন দেহাৰ নিচিনা হৈ আইদেউহঁত তাতে পৰি ৰল!

তাৰ পাচত, ভানুৰ দশা হল কি! ভানুত আৰু ভানু নাই। ভানুৰ আকৃতি আছে, প্ৰকৃতি নাই। ভানুৰ ৰূপ আছে গুণ নাই। ভানুৰ ভেলা আছে জীৱনৰ বেহা নাই। চাৰু গোহাঞিদেৱ স্বৰ্গী হোৱাৰ পাচত, আজি, ভানুৰ অময়া আনন্দ মিলিছে! আজি আনন্তে ভানুৱে অকলে-অকলে হাঁহিছে! পুখুৰী পাৰত বহি ভানুৱে জাঁত-জাঁতকৈ নাম উৰুৱাইছে! মানুহ দেখিলেই তেওঁ খল্‌খলাই হাঁহি গাত ধৰিবলৈ খেদি যায়! থাকি থাকি একোবাৰ ফুলনিৰ ফালে মন কৰে; আৰু একোবাৰ লৰি গৈ আঁচল ভৰাই ফুল তুলি আনি তেওঁ হেঁপাহেৰে মালা গাঁথিবলৈ ধৰে! পুৱাৰপৰা এইদৰে আপোন-মনেৰে আনন্দ কৰি থাকোঁতেই বেলি ভাটী দিলে। সকলো ভাত-পানী খাই উঠিল। ভানুক মাতিবলৈ কাৰো সাহ যোৱা নাই। দেউতাক নৰিয়া-পাটীৰপৰা উঠিব নোৱাৰা অৱস্থাত। ভানুক আৰু পায় কোনে! ভয় আৰু ভালপোৱাৰ গুণত আগৰবাৰ ভানু অলপ সুস্থিৰ আছিল। এতিয়া তেওঁৰ সেই দুয়ো বস্তুৰে অভাৱ। অন্তৰত তাৰ এটিও নাই। চাকুলীৰ প্ৰাণে কিন্তু নসহে। তাই আকৌ এবাৰ ওচৰ চাপিল গৈ। আৰু, ভানুৰ গাত হাত বুলাই তাই কলে, "আইদেউ! তুমি ভাত খোৱা নাই নহয়। তুমি নাই খোৱা দেখি ময়ো খোৱা নাই। বেলি আবেলি হল।" চাকুলীৰ কথা শুনি, চেতন পোৱাদি পাই ভানুৱে কবলৈ ধৰিলে, "অ' গোহাঞিদেৱ আহিল? দেউতা আহিল? ময়ো গৈছোঁ, যা।" চাকুলীয়ে আকৌ [ ৭০ ] কলে, 'নহয়, আইদেউ, তোমাক ভাত খাবলৈ হে মাতিছোঁহি!" পিচে, ভানুৱে অলপ পৰ টলকা মাতি থাকি কলে, "অ ভাত? ভাত খাব লাগে? বাৰু।" এই বুলি তেওঁ আকৌ মালা গাঁথিবলৈ ধৰিলে। চাকুলী বুঢ়ী নিৰুপায় হৈ আকৌ উলটি আহিল। এইদৰে এখনমান তামোল খাবৰপৰা গুণ্‌গুণ্‌কৈ মালা গাঁথি থকাৰ পাচত, চাকুলীয়ে মতাৰ কথা ভানুৰ মনত পৰিল। মনত পৰা মাত্ৰকে ভানু গিৰিপ্‌ কৰে থিয় হল; আৰু, "অ, মই ভাত খাব লাগে, মই গা ধোৱা নাই" এই কেইআষাৰ কথাৰে ভানু পুখুৰীত জাঁপ মাৰি পৰিল! সেই যে পৰিল, ভানু আৰু নুঠিল। তিনিখনমান তামোল খোৱা পৰৰ পাচত চাকুলী আকৌ আহি চায়, ভানু নাই! ভানুক নেদেখিয়েই তাই আতুৰভাৱে চিয়ঁৰ মাৰি দিলে। ঘৰত হুলস্থূল লাগি পৰিল। তাৰ পাচত, ভালেমান পৰ কেইওপিনে বিচাৰি চোৱাৰ ফলৰ দেখা গল, পুখুৰীৰ নিজান চেঁচা পানী বুকুত লৈ, ইমান দিনৰ দুখে-ভাগৰে ভানু চিৰজিৰণিত পৰিল!!

ঘৰত আৰু চবুৰীত হাঁহাকাৰ লাগি উঠিল। চাকুলীয়ে বিননিত গছৰ পাত সৰাব লাগিছে। আন লিগিৰা-লিগিৰী সকলোৱে কান্দনত খলক লগাইছে। কাঞ্চনে ভানুৰ মৃতদেহাৰ ওপৰত উঠি ইনাই-বিনাই কান্দিবলৈ ধৰিছে! চুবুৰীৰ বুঢ়া-মেথা মানুহে মূৰে-কপালে হাত দি হৰি-হৰি কৰিবলৈ ধৰিছে। বাহিৰৰ চিয়ঁৰ-বাখৰ ভিতৰত নৰীয়া দেউতাকৰ কাণত পৰিলগৈ। আৰু, সেই বজ্ৰ শৱদ কাণত পৰা মাত্ৰকে গোহাঞিবৰুৱা ডাঙৰীয়া নৰীয়া-পাটীত স্বৰ্গী হল! ভালেমান পৰৰ পাচত, যেতিয়া ৰজা পৰ্য্যন্ত উপস্থিত হলহি, তেতিয়া হে তেওঁৰ বিচাৰ লোৱা হ'ল। লৰালৰিকৈ কেইজনমান বিষয়াই ভিতৰ সোমাই চায়, মৰাণ-গোহাঞিবৰুৱা ডাঙৰীয়া ইহসংসাৰত আৰু নাই; জীৱনাধিক জীয়েকক অকলৈ পঠিয়াব নোৱাৰি, তেৱোঁ লগতে স্বৰ্গী হল! গোহাঞিবৰুৱাৰ দেহান্তৰ ঘটাত আৰু এক মহা হুলস্থূল লাগি [ ৭১ ] পৰিল, ঘৰে-পৰে সকলোৱে তেওঁৰ অমায়িক গুণ বখানি বিনাবলৈ ধৰিলে৷ আৰু, সেই হুলস্থূলৰ ভিতৰত চাকুলী বুঢ়ী মানুহৰ মাজৰপৰা কেনি কলৈ গল কেৱে কব নোৱাৰে৷ সেইদিনাৰপৰা তাইক আৰু দেখা নগল!

এই হিয়াবিদৰোৱা পৰিণতি দেখি, অন্তত কঠুৱা ৰজাৰ মনতো বিষম অনুতাপ হবলৈ ধৰিলে৷ বিশেষকৈ, ভানুৰ অকাল-বিয়োগত ৰজাই মৰ্ম্মান্তিক বেজাৰ পালে৷ ইমান দিন তেওঁ ভানুৰ মোহিনী ৰূপত মুগ্ধ হৈ আছিল৷ ভানুৰ ৰূপত বিমোহিত হৈয়েই, তেওঁ হিতাহিত জ্ঞান হেৰুৱাই অতনা অন্যায় কাম কৰিলে৷ কিন্তু, সিমান কৰিও তেওঁ ভানুক লাভ কৰিব নোৱাৰিলে৷ ভানু আৰু নাই৷ যাৰ ভানু তাক পোহৰাবলৈ তাৰ লগতে সি গল৷ এই কথাত ৰজাৰ মনত অনুতাপতকৈও অধিককৈ ধিক্কাৰ লাগিল৷ চাৰু আৰু ভানুৰ পৱিত্ৰ প্ৰেমত বিঘিনি হৈ তেওঁ এতিয়া প্ৰাণত শান্তি নোপোৱা হ’ল৷ কি উপায়ে তেওঁ এতিয়াও সিবিলাকৰ প্ৰতি সজ ভাৱ দেখুৱাই এফেৰি শান্তি লাভ কৰিব, তাৰ উপায় চিন্তিবলৈ ধৰিলে৷ আৰু, তাৰে ফলস্বৰূপে ৰজাই ভানুৰ শৱটি চাৰুৰ মৈদামৰ বাৱেঁ শাৰীপতাই মৈদাম দিয়ালে; আৰু তেওঁ নিজ হাতে চাৰুৰ মৈদামৰ ওপৰত এজুপি জৰীগছ ৰুই তাত যত্ন-পানী দিবলৈ ধৰিলে৷ তাৰ পাচত, শুভদিন চাই, ৰজাই ৰাজভঁৰালৰপৰা বিস্তৰ অৰ্থ ভগন কৰি বৰ ধুমধামকৈ গছ দুজুপিৰ বিয়া পাতি, দুইৰো মাজত পৱিত্ৰ লগ্নগাঁথি দি মিলন ঘটালে৷ কালত গছ দুজুপি একেলগ হৈ বাঢ়ি উঠি এজুপি ৰূপহ জৰীগছ হলগৈ৷

তেতিয়াৰপৰা তৰা আইদেউ ভালেমান দিন নিৰুদ্দেশ হৈ আছিল৷ পিচে, বছৰদহেকৰ মূৰত তপস্বিনী বেশেৰে তেওঁ এদিন নগৰ ওলালহি৷ আৰু, তাৰ পাচত, ভানু-চাৰু যুগল গছজুপিৰ তলতে বহি ভালেমান [ ৭২ ] দিন আইদেৱে কঠোৰ তপস্যা ব্ৰত পালন কৰি আছিল। দেখি দেখি ৰজা, ডাঙৰীয়া, বিষয়া আৰু আন সকলোৰে প্ৰাণত বৰ ব্যথা লাগিলগৈ। তাৰ পাচত, বহু আলোচনা কৰি, কাঞ্চন সখীয়াৰ হতুৱাই আইদেউৰ মন বুজাই-বৰাই ঘূৰাবলৈ চোৱা হ'ল। কাঞ্চনে এদিন তৰা আইদেউৰ ওচৰলৈ গৈ তেওঁক বহুপৰ বুজাইছিল; কিন্তু বিৰহিনী আইদেৱে এবাৰো এটি কথাৰেও উত্তৰ নিদিলে। তাৰ পিচদিনাৰপৰা তপস্বিনীক আৰু কেৱে ক'তো দেখা নোপোৱা হল!