বুৰঞ্জীবোধ/কোচ ৰজাৰ কথা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
বুৰঞ্জীবোধ
লেখক পদ্মনাথ গোহাঞি বৰুৱা
[ ৮২ ]

১১। পাঠ।
⸺৹⸺
কোচ ৰজাৰ কথা।

 কোচ আৰু কছাৰিৰ আঁতিগুৰি একেটা। দুয়ো একেটা বদো বংশৰপৰা ওলোৱা দুটা ঠাল বা ফৈদ। ৰাজভোগত কোচতকৈ কছাৰি আগ। কছাৰি ৰজাই যেতিয়া উজনিৰ ৰাজ্য আহোম ৰজাক এৰি দি মাজ অসমত ৰাজ্য পাতেগৈ, তেতিয়া নামনি অসমত কোচ ৰজাই নতুনকৈ ৰাজ্য পাতিছিল মাথোন। আগধৰি হিন্দু হোৱাৰ কাৰণে, হিন্দু সমাজত কোচ ফৈদে কছাৰিতকৈ আগশাৰীত ঠাই পাইছে।

 আদিতে নামনি কামৰূপত হাজো নামে এজন কোচ ফৈদী শাসনকৰ্ত্তা আছিল। তেওঁৰ পুতেক নাছিল, হীৰা আৰু জীৰা নামে দুজনী জীয়েক মাথোন আছিল। তেওঁ জীয়েকহঁতলৈ হৰিয়া মেছ নামে এটা মানুহ চপাই লয়। সেই হৰিয়া মেছৰ পৰাই হীৰা আৰু জীৰাৰ ক্ৰমে বিশু আৰু শিশু নামে দুটি পুত্ৰ লাভ হয়। ১৪৮৫ খ্ৰীষ্টাব্দত হাজো ঢুকালত তেওঁৰ ৰাজ্যত বিশু ৰজা আৰু শিশু যুৱৰাজ হল। তাৰ পাচত, বিশুৱে বিশ্বসিংহ আৰু শিশুৱে শিৱসিংহ নাম লয়। বিশ্বসিংহ এজন বৰ প্ৰতাপী ৰজা আছিল। তেওঁ ৪৯ বছৰ ৰজা হৈ কোচ ৰাজ্য ভালেমানলৈকে বঢ়ালে। তেওঁৰ ১৮ গৰাকী কুঁৱৰীৰপৰা ১৮ জন পুত্ৰ হৈছিল। তাৰ ভিতৰত নৰসিংহ, মালদেৱ, শুক্লধ্বজ আৰু গোহাঁইকমলা এই কেইজন ঘাই। [ ৮৩ ]  বিশ্বসিংহৰ পাচত, তেওঁ দি যোৱা দিহামতে, ১৫৩৪ খ্ৰীষ্টাব্দত মালদেৱ, ৰজা হয়। মালদেৱে, ৰজা হোৱাৰ পাচত, নৰনাৰায়ণ নাম লয়। আৰু তেওঁ শুক্লধ্বজক চিলাৰায় নাম দি যুৱৰাজ পাতে। এই কথাত বেজাৰ পাই, ককায়েক নৰসিংহই ৰাজ্যত বিদ্ৰোহ তুলিছিল। কিন্তু, তেওঁ উদ্দেশ্য সিদ্ধি কৰিব নোৱাৰি দেশ এৰি বিদেশলৈ পলাব লগা হল। তাৰ পাচত, নৰনাৰায়ণে বৰ সুখ্যাতিৰে সৈতে ৰাজ্য চলাবলৈ ধৰিলে। তেওঁ ৰজা হৈয়ে আহোম ৰাজ্য দুবাৰ আক্ৰমণ কৰাইছিল। তাৰ কথা “বুৰঞ্জীবোধ"ৰ মাজছোৱাত, তৃতীয় পাঠত বহলাই কোৱা হৈছে।

 চিলাৰায় এজন আচল বীৰ পুৰুষ আছিল। ৰণ-বিদ্যাত তেওঁ বৰ পৈণত আছিল। কোচ ৰজাই আহোম ৰজাৰে সৈতে মিতিৰ পতাৰ পাচত, তেওঁ অসমৰ চাৰিওফালে দেশ জয় কৰিবলৈ ধৰিলে। বছৰচেৰেকৰ ভিতৰতে তেওঁ কছাৰি ৰজা, জয়ন্তীয়াৰ ৰজা, মণিপুৰৰ ৰজা, ত্ৰিপুৰাৰ ৰজা, ডিমূৰীয়াৰ ৰজা এইবিলাকক এজন-এজনকৈ ৰণত হৰুৱাই কোচ ৰজা নৰনাৰায়ণৰ তলতীয়া কৰিলে। তাৰ পাচত, তেওঁ শ্ৰীহট্ট ৰাজ্য আক্ৰমণ কৰেগৈ। কিন্তু, সেই সময়ত, শ্ৰীহট্টৰ ৰজা বৰ পৰাক্ৰমী আছিল। গতিকে, তেওঁ চিলাৰায়ৰে সৈতে তয়াময়াকৈ ৰণ পাতিলে। অৱশেষত চিলাৰায় ৰণত জিকিলগৈ যদিও, সেই ৰণত তেওঁৰ ভালেমান পৈণত ৰণুৱা নিপাত হল। তথাপি, বাকী ৰণুৱাৰে সৈতেই মনৰ বলত তাৰপৰা বাজে বাজে গৈ, চিলাৰায়ে বিষম বিক্ৰমেৰে গৌৰদেশ আক্ৰমণ কৰিলেগৈ। এইবাৰ কিন্তু তেওঁৰ প্ৰতাপ নৰজিল। [ ৮৪ ] গৌৰ দেশৰ ৰজাই উলটি ধৰাত দুয়ো পক্ষৰ লাজত ঘোৰতৰ ৰণ লাগিল। ৰণত চিলাৰায়ৰ ৰণুৱা সমূলঞ্চে নিপাত হোৱাৰ পাচত, তেওঁ শত্ৰুৰ হাতত বন্দী হল।

 সেই সময়তে, ১৫৫৩ খ্ৰীষ্টাব্দত বঙ্গদেশৰ সেনাপতি কালাপাহাৰে অসম দেশ আক্ৰমণ কৰেহি। কালাপাহাৰ আগেয়ে বামুণ আছিল; পাচত তেওঁ মছলমান হয়। তেওঁ অসম সোমায়েই পোনেই কামাখ্যা পীঠ আক্ৰমণ কৰিলেগৈ। তেতিয়া চিলাৰায় বিদেশত বন্দী। ইফালে ৰাজ্যত ভাল ৰণুৱাও নাই। গতিকে, কালাপাহাৰে কামাখ্যা মন্দিৰ হেলাৰঙ্গে ভাঙ্গি নানা উৎপাত্‌‌‌‌ কৰি উলটি গুচি গল। এয়ে অসমত মছলমানৰ সপ্তম আক্ৰমণ। তাৰ পাচত, চিলাৰায় গৌৰ দেশৰপৰা মুকলি হৈ আহিলত, মহাৰাজ নৰনাৰায়ণ কামাখ্যাৰ ভগা মন্দিৰ আকৌ ভালকৈ সজাই দিলে।

 ইয়াৰ পাচত, চিলাৰায় দিল্লীলৈ যায়। তাত আকবৰ সম্ৰাটৰে সৈতে আলচ পাতি তেওঁ মোগলৰ সহায়েৰে আকৌ গৌৰ দেশ আক্ৰমণ কৰিলেগৈ। এইবাৰ গৌৰৰ ৰজা ৰণত ঘাটিল। চিলাৰায়ে গৌৰ দেশ সমানে ভগাই, এভাগ মোগল সম্ৰাটক দি, ইভাগ কোচ ৰাজ্যৰ লগত চামিল কৰিলে। তাৰ পাচত, স্বদেশলৈ উলটি আহোঁতে বাটতে চিলাৰায় নৰিয়া পৰি ঢুকাল।

 মহাৰাজ নৰনাৰায়ণ বৰ ধাৰ্ম্মিক আৰু বিদ্বান ৰজা আছিল। তেওঁৰ আমোলত পণ্ডিতমণ্ডলীৰ বৰ আদৰ কাঢ়িছিল। শঙ্কৰদেৱ, মাধৱদেৱ, অনন্ত কন্দলি এই সকল তেওঁৰ দিনৰ পণ্ডিত আছিল। [ ৮৫ ] তেওঁ আঢ়ৈ কুৰি বৰ বৰ সুখ্যাতিৰে ৰাজপাট খাই, ১৫৮৪ খ্ৰীষ্টাব্দত স্বৰ্গী হল।

 মহাৰাজ নৰনাৰায়ণে মৰণৰ সময়ত পুতেক লক্ষ্মীনাৰায়ণ, আৰু ভতিজাক ৰঘুৰায়ৰ মাজত তেওঁৰ ৰাজ্য ভগাই দি যায়। ৰঘুৰায় যুৱৰাজ চিলাৰায়ৰ পুতেক। নৰনাৰায়ণৰ পাচত, তেওঁৰ দিহা মতেই শোণকোষৰ পূব ভাগত ৰঘুৰায় আৰু পছিম ভাগত লক্ষ্মীনাৰায়ণ ৰজা হল। লক্ষ্মীনাৰায়ণৰ ৰাজ্যত এতিয়াৰ কোচ বিহাৰ, দিনাজপুৰ, জলপাইগুৰি আৰু ভাটী-ৰংপুৰ জিলা পৰিছিল। ৰঘুৰায়ৰ ৰাজ্যত এতিয়াৰ গুৱালপাৰা, কামৰূপ আৰু মঙ্গলদৈ মহকুমা পৰিছিল। এই দৰেই বছৰচেৰেক দুয়ো দুখন সুকীয়া ৰাজ্যত ৰজা হৈ আছিল। কিন্তু, পাচলৈ দুয়ে দুইকো হিংসা কৰিবলৈ ধৰিলে। তাৰ ফলত দুইৰ ভিতৰত কন্দল লাগি উঠিল। সেই কন্দল লাগি থাকোতেই ৰঘুৰায় ঢুকাল, আৰু তেওঁৰ ৰাজ্যত তেওঁৰ পুতেক পৰীক্ষিতনাৰায়ণ ৰজা হল। পৰীক্ষিত ৰজা হৈয়ে দদায়েক লক্ষ্মীনাৰায়ণ ৰজাক আক্ৰমণ কৰিলেগৈ। লক্ষীনাৰায়ণে ঠাৱৰিব নোৱাৰি ঢাকাৰ নবাবৰ আশ্ৰয় ললেগৈ। এই কথাত ভয় খাই পৰীক্ষিতনাৰায়ণেও নবাবৰ কাষ চাপিলেগৈ; নবাবে আগৰ লক্ষ্মীনাৰায়ণৰ পক্ষ লোৱাত, পৰীক্ষিতে তাৰপৰা জাহাঙ্গীৰ বাদচাহৰ ওচৰলৈ আগ বাঢ়িল; কিন্তু দিল্লী নৌ পাওঁতেই বাটতে তেওঁ ঢুকাল। সেই ছেগতে, ইফালে ১৬১৩ খ্ৰীষ্টাব্দত নবাবে পৰীক্ষিতৰ ৰাজ্য দখল কৰি বহিলেছি। এয়ে অসমত মছলমানৰ ৮ম, আক্ৰমণ। [ ৮৬ ] মুছলমানে ৰাজ্য কাঢ়ি লোৱাত পৰীক্ষিতৰ ভায়েক বলিতনাৰায়ণে আহোম ৰজাৰ আশ্ৰয় ললেহি। আহোম ৰজাৰ সেনাপতিয়ে মছলমানক খেদি বলিতনাৰায়ণক ককায়েকৰ ৰাজত্য ৰজা পাতিলে। এই কথা শুনি দিল্লীত জাহাঙ্গীৰ বাদচাহ খঙ্গত জ্বলি উঠিল। তেওঁ ততালিকে সত্ৰাজিত আৰু আবাবাকৰ নামে দুজন সেনাপতিক সসৈন্যে পঠিয়াই আহোম ৰাজ্য আক্ৰমণ কৰালে। ১৬২৭ খ্ৰীষ্টাব্দত কলিয়াবৰতে আহোম আৰু মুছলমানৰ মাজত ৰণ লাগিল। ৰণত আহোম জিকিল, আৰু মুছলমান উলটি পলাল। এয়ে অসমত মছলমানৰ ৯ম, আক্ৰমণ।

 এই পৰাজয়ৰ বাতৰি পাই জাহাঙ্গীৰ বাদচাহ খঙ্গত চতুৰ্গুণে জ্বলি উঠিল। তেওঁ আব্দুৰ চালাম নামে এজন সেনাপতি ভালেমান কাজুৱা সেনা দি আকৌ অসমদেশ আক্ৰমণ কৰিবলৈ পঠিয়ালে। প্ৰথমতে তেওঁ বলিতনাৰায়ণৰ হাতত কেইবাবাৰো ঘটিছিল। পিছে, এনে সময়েতে ৰঙ্গামাটিৰ নবাবেও বলিতনাৰায়ণক আন হাতে আক্ৰমণ কৰিলেগৈ, আৰু শ্ৰীঘাটৰ ওচৰতে এখন ৰণ লাগি উঠিল। গতিকে, একে সময়তে দুখন ৰণত পৰি ঠাৱৰিব নোৱাৰি বলিতনাৰায়ণ শিঙ্গৰিলৈ পলাই গল। আৰু, পলৰীয়া অৱস্থাত তেওঁ ঢুকাল। তেওঁৰ লগতে কোচৰ ৰাজত্বও অন্ত পৰিল। মছলমানে অহোমৰ পাণ্ডু আৰু শ্ৰীঘাটৰ দুৰ্গ হাত কৰি, কোচ ৰাজ্য দখল কৰিলে। এয়ে অসমত মছলমানৰ ১০ম, আক্ৰমণ।

 মছলমানে কোচ ৰাজ্য দখল কৰি, পৰীক্ষিতনাৰায়ণৰ পুতেক বিজিতনাৰায়ণক দদায়েক বলিনাৰায়ণৰ ৰাজ্যত জমিদাৰ পাতিলে। [ ৮৭ ] বিজিতনাৰায়ণে বেজিনী নামে ঠাইত ৰাজধানী পাতি মছলমানৰ তলে জমিদাৰী ভোগ কৰিবলৈ ধৰিলে। পাচলৈ তেওঁৰ বংশৰ জমিদাৰ সকলক বেজিনী ফৈদ বোলা হয়। আগেয়ে এই জমিদাৰীৰ বাৰে মোগল সম্ৰাটক বছৰি ২০০০৲ টকা ৰাজহ শোধাব লগা হৈছিল; বৃটিচৰ আমোলত সেই ৰাজহ ২১৫০৲ টকা ধাৰ্য হয়। এতিয়া এই জমিদাৰী গৱৰ্ণমেণ্টৰ “কোৰ্ট অৱ ওৱাৰ্ড"ৰ তত্ত্বাৱধানত চলিছে।

 মছলমানে গুৱালপাৰত বেজিনী ফৈদক জমিদাৰ পতাৰ পাচত, আহোম ৰজাই দৰঙ্গী ফৈদক এতিয়াৰ মঙ্গলদৈ মহকুমাত জমিদাৰ পাতে। এই ফৈদৰ আদি জমিদাৰ মহেন্দ্ৰনাৰায়ণ। তেওঁ বলিত নাৰায়ণৰ পুতেক। দৰঙ্গী ফৈদৰ জমিদাৰসকলে আহোম ৰজাৰপৰা “ৰজা” খিতাপ পাইছিল। পাচলৈ গৃহকন্দল লাগি সিবিলাক জুৰুলা হবলৈ ধৰিলে। শেহান্তৰত, সিবিলাক জমিদাৰী চলাবলৈকো অপাৰগ হৈ পৰিল। গতিকে, আহোম ৰজাই সিবিলাকক প্ৰবৰ্ত্তিবৰ জোখাৰে মাথোন নিষ্কৰ মাটি ভোগ কৰিবলৈ দি, দৰং ৰাজ্য অহোমৰ খাচ্‌ দখলৰ ভিতৰ কৰিলে। বৃটিচ্‌ আমোলৰপৰা দৰঙ্গী ফৈদৰ বংশধৰে সেই মাটি নিষ্পখেৰাজকৈ ভোগ কৰিবলৈ পাইছে।

 মুঠ কথা।—কোচ জাতি বদোবংশী মানুহ। সিবিলাক অসমৰ আদিবাসী লোক। আদিতে সিবিলাক মেছবংশী আছিল। মেছ কছাৰিৰে এটা ঠাল মাথোন। কোচ ৰজাৰ আদিপুৰুষৰ নাম হাজো। সিবিলাকৰ বংশৰ মূলপুৰুষ হৰিয়া মেছ। কোচৰ প্ৰথম ৰজা বিশ্বসিংহ। তেওঁৰ পুতেক মহাৰাজ নৰনাৰায়ণ। [ ৮৮ ] নৰনাৰায়ণৰ দিনতে কোচৰ গৌৰৱ বৰকৈ বাঢ়িছিল। নৰনাৰায়ণ এজন পণ্ডিত-ৰজা আছিল। শঙ্কৰদেৱ, মাধৱদেৱ, অনন্ত কন্দলি এই সকল তেওঁৰ দিনতে জিলিকি উঠিছিল। কোচ ৰাজবংশীৰ ভিতৰত চিলাৰায় এজন মহাবীৰ আছিল। তেওঁ মহাৰাজ নৰনাৰায়ণৰ ভায়েক। তেওঁ নৰনাৰায়ণৰ ঘাই সেনাপতি আছিল। কোচ ৰাজবংশ শেহত দৰঙ্গী আৰু বেজিনী এই দুটা ফৈদত ভাগ হৈ মাৰ যায়। বেজিনী ফৈদৰ জমিদাৰী এতিয়াও আছে। দৰঙ্গী ফৈদে জমিদাৰী হেৰুৱাই এতিয়া জুৰুলা হৈ পৰিছে। এই দুয়ো ফৈদৰ আঁতিগুৰি একেজন,—মহাবীৰ চিলাৰায়। চিলাৰায়ৰ পুতেক ৰঘুৰায়। ৰঘুৰায়ৰ পুতেক পৰীক্ষিত আৰু বলিতনাৰায়ণ। পৰীক্ষিতৰ পুতেক বিজিতনাৰায়ণৰপৰা বেজিনী ফৈদ, আৰু বলিতনাৰায়ণৰ পুতেক মহেন্দ্ৰনাৰায়ণৰপৰা দৰঙ্গী ফৈদৰ উৎপত্তি।