সমললৈ যাওক

বুৰঞ্জীবোধ/সৰু সৰু ৰজাৰ কথা

ৱিকিউৎসৰ পৰা

[ ৮৮ ]

১২। পাঠ।
⸺৹⸺
সৰু-সৰু ৰজাৰ কথা।

 অসমৰ বুৰঞ্জীৰ মাজছোৱাত আহোম, ছুটীয়া, কছাৰি আৰু কোচ ৰজাত বাজেও কিছুমান সৰু-সৰু ৰজা ৰা ৰাজখোৱা আছিল। সিবিলাকৰ বহুল বিৱৰণ ভাঙ্গৰখন "অসমৰ বুৰঞ্জী"ত বহলাই [ ৮৯ ] কোৱা হৈছে। এই চমু "বুৰঞ্জীবোধ"ত সিবিলাকৰ বিষয়ে চমুকৈ উনুকিওৱা হব মাথোন।

 আৰিমত্ত ৰজাৰ বংশ লোপ পোৱাৰ লগে লগে অসমৰ নিজাপি লোক এদলে ঠায়ে ঠায়ে সৰু সৰু ৰাজ্য পাতিছিল। সিবিলাক ৰজা নহলেও ৰাজখোৱা আছিল। সিবিলাকৰে এদল “বাৰভূঞা” নামে জনা যায়। ভূঞাৰ অৰ্থ ভূঁই বা ভূমিৰ অধিকাৰী। সেই সূত্ৰতে সিবিলাকৰু সৰু-সৰু ভূপতিও বুলিব পাৰি। সিবিলাকৰ বাৰ জন বাৰ ঠাইত প্ৰখ্যাত হৈ উঠিছিল; সেই কাৰণে সিবিলাকক “বাৰভূঞা" বোলা যায়। বাৰঘৰ কায়স্থ ভূঞাত বাজেও দুঘৰ বামুণ ভূঞা আছিল। ছুটীয়া আৰু কোচ ৰজাৰ আমোলত বাৰভূঞাৰ প্ৰতাপ বৰকৈ চৰিছিল। বিশেষকৈ ভূঞাবিলাক কোচৰ চিৰবৈৰী আছিল। কিন্তু, আহোম ৰজাৰ ওচৰত সিবিলাকৰ সেই বল নৰজিল; শেহান্তৰত ভূঞাবিলাকে আহোম ৰজাৰ তলতীয়া কৰ্ম্মচাৰীৰূপে দেশ জয় কৰি ফুৰিছিল।

 খাচী আৰু জয়ন্তীয়া পাহাৰকে আগেয়ে জয়ন্তীয়া ৰাজ্য বোলা হৈছিল। সেই ৰাজ্যৰ অধিপতি জয়ন্তীয়া ৰজা বুলিছিল। ইবিলাকৰ সুকীয়া ভাষা আৰু সাহিত্য আছিল। সেয়ে খাচী সাহিত্য। সি এতিয়া ওখ খাপৰ পঢ়াশালিৰ পাঠ্য হৈছে। কিন্তু, সিবিলাকৰ বুৰঞ্জী লিখাৰ ৰীতি নাছিল। সেই কাৰণে, জয়ন্তীয়া ৰজাৰ বিষয়ে মানুহৰ মুখে শুনা কথাত বাজে আন তথ্য, পাবলৈ নাই। আহোম আৰু কোচ ৰজাৰ সম্পৰ্কত মাথোন জয়ন্তীয়া ৰজাৰ বিষয়ে অলপ বহুল আভাস পোৱা যায়। জয়ন্তীয়া [ ৯০ ] ৰজা ভালেমানৰ নাম পোৱা যায়। তাৰ ভিতৰত ধনমাণিক, যশমাণিক, ৰামসিংহ এই কেইজন ঘাই। ৰামসিংহ জয়ন্তীয়াৰ শেহ ৰজা। তেওঁৰ দিনতে, ১৭৮ খ্ৰীষ্টাব্দত জয়ন্তীয়া ৰাজ্য আহোম ৰাজ্যৰ লগত চামিল কৰা হয়।

 শ্ৰীহট্ট এখন পুৰণি দেশ। ইয়াৰ আদি নাম গোৰ বা গৌৰ। আদিতে এই দেশ কামৰূপ ৰাজ্যৰ ভিতৰত আছিল। পাচত শ্ৰীহট্টৰ উত্তৰ ভাগ বঙ্গদেশৰ সেনবংশী ৰজাই দখল কৰে, আৰু দক্ষিণ ভাগ ত্ৰিপুৰা ৰাজ্যৰ লগত চামিল হয়। শ্ৰীহট্টৰ ৰজাৰ বিষয়ে লিখা বুৰঞ্জী নাই। আহোম আৰু মোগল সম্ৰাট আৰু বৃটিচ্‌ গৱৰ্ণমেণ্টৰ সম্পৰ্কত যে সিবিলাকৰ বিষয়ে অলপ জনা যায়। শ্ৰীহট্ট ৰাজ্য অসম উপত্যকাতকৈ ডেৰশ বছৰৰ আগেয়েই, ১৬৭৫ খ্ৰী: চনতে বৃটিচ্‌ গৱৰ্ণমেণ্টৰ তললৈ যায়। তাৰ আগতে দুশ বছৰমান শ্ৰীহট্ট মোগল সম্ৰাটৰ দখলত আছিল।

 মণিপুৰ এখন অতি পুৰণি ৰাজ্য। ইয়াৰ নাম মহাভাৰততো পোৱা যায়। কিন্তু, মণিপুৰীয়া ৰজাৰ সুকীয়া বুৰঞ্জী নাই। সেই কাৰণে, আহোম ৰজা আৰু বৃটিচ্‌ গৱৰ্ণমেণ্টৰ বুৰঞ্জীত হে সিবিলাকৰ বিষয়ে উনুকিউৱা হৈছে। মণিপুৰৰ আগৰ ৰজাবিলাকৰ নাম পাবলৈকো নাই। ১৭৫০ খ্ৰীষ্টাব্দৰপৰা মাথোন জনদিয়েক ৰজাৰ বিষয়ে অলপ-অচৰপ জনা যায়। সিবিলাকৰ ভিতৰত জয়সিংহ, চৌৰজিত সিংহ, মাৰ্জ্জিত সিংহ, গম্ভীৰসিংহ, চন্দ্ৰকান্তসিংহ, সুৰচন্দ্ৰসিংহ এই কেইজন ঘাই। ১৮২৬ খ্ৰীষ্টাব্দৰপৰা মণিপুৰ বৃটিচৰ মিত্ৰ ৰাজ্যৰ লেখত পৰে। তেতিয়াৰেপৰা মণিপুৰত [ ৯১ ] বৃটিচ্‌ গৱৰ্ণমেণ্টৰ এজন, 'পলিটিকেল এজেণ্ট' বা ৰাজপ্ৰতিনিধি থকাৰ নিয়ম চলে। ১৮৯১ খ্ৰীষ্টাব্দত মণিপুৰত এটা ভয়ঙ্কৰ বিদ্ৰোহ হৈছিল। সেই আপাহতে, অসমৰ চীফ কমিচনাৰ মিঃ কুইণ্টন, বৃটিচ্‌ পলিটিকেল এজেণ্ট মিঃ গ্ৰীমউড্‌ প্ৰভৃতি পাঁচজন বৃটিচ্‌ ৰাজকৰ্মচাৰীক মণিপুৰীবিলাকে ঠেকত পেলাই লৈ বধ কৰে। সেই অপৰাধত সুৰচন্দ্ৰসিংহক ভাঙ্গি নাবালক ৰাজকোঁৱৰ চূড়াচন্দ্ৰসিংহক ৰজা পতা হয়; যুৱৰাজ কুলচন্দ্ৰক দেশান্তৰ কৰা হয়। সেনাপতি টিকেন্দ্ৰজিত আৰু টঙ্গাল জেনেৰেলক ফাঁচী দিয়া হয়। চূড়াচন্দ্ৰসিংহই এতিয়া বৃটিচ্‌ ৰজাৰপৰা মহাৰাজ খিতাপ পাইছে।

 মুঠ্‌-কথা।—“বাৰভূঞা” নামে বাৰজন ৰাজখোৱা আছিল। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে সিবিলাকৰ ক্ষমতা প্ৰৱল আছিল। দক্ষিণ পাৰেও বাৰজন ভূঞাৰ বসতি আছিল, কিন্তু সিবিলাকে উত্তৰপৰীয়া ভূঞাসকলৰ দৰে ৰাজকীয় ক্ষমতা চলাব পৰা নাছিল। ভূঞা আটাইবিলাকেই কায়স্থ, মাথোন ওপৰঞ্চি দুঘৰ বামুণ ভূঞাৰ বসতি কামৰূপত থকা জনা যায়। ভূঞাবিলাক কোচৰ জাতবৈৰী আছিল। শদিয়া অঞ্চলত খাম্‌তী ৰজাৰ প্ৰভুত্ব চলিছিল। ডিব্ৰুগড় মটকৰ ৰাজধানী আছিল। জয়ন্তীয়া, শ্ৰীহট্ট, মণিপুৰ এই কেইখন সৰু সৰু ৰাজ্যতো সুকীয়া ৰজা আছিল। শেহান্তৰত অসমৰ সৰু-সৰু ৰজা আটাইবিলাক আহোম ৰাজৰ শৰণীয়া হয়গৈ। মণিপুৰীয়া ৰজা এতিয়াও , আছে। তেওঁ এতিয়া বৃটিচ্‌-ৰাজৰ তলতীয়া।