বুৰঞ্জীবোধ/কছাৰি ৰজাৰ কথা

ৱিকিউৎসৰ পৰা
[ ৭৭ ]

১০। পাঠ।
⸺৹⸺
কছাৰি ৰজাৰ কথা।

 কছাৰি জাতি অসম উপত্যকাৰ আদিবাসী মানুহ। ইবিলাকক বদো বংশী বোলে। পাচলৈ ইবিলাকক মেছ নামেও জনা যায়। কছাৰিৰ দোৱান আছে, কিন্তু সাহিত্য নাই। সেই কাৰণে, সিবিলাকৰ লিখা বুৰঞ্জীও নাই।

 আদিতে কছাৰি ৰাজ্য ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে দিখৌ নৈৰপৰা কলং নৈলৈকে আছিল। ১৩০৩ খ্ৰীষ্টাব্দত ধনশিৰী উপত্যকাত কছাৰিৰ ক্ষমতা বৰকৈ বাঢ়িছিল। ১৪০০ খ্ৰীষ্টাব্দত দিখৌ নৈৰ পূব পাৰৰ কছাৰি ৰাজ্য আহোম-ৰজাই কাঢ়ি লয়। তাৰপৰা, ১৫০০ খ্ৰীষ্টাব্দত আহোম-ৰাজে কছাৰি ৰাজ্য ক্ৰমাৎ ঠেলি নি ধনশিৰী নৈৰ সীমা পোৱালেগৈ। সিমানতে কছাৰিয়ে আহোমক উভতি ধৰিলে। সেই আপাহতে, ১৫২৬ আৰু ১৫৩১ খ্ৰীষ্টাব্দত দুখন বৰ ডাঙ্গৰ কছাৰি-ৰণ লাগিছিল। তেতিয়া খুন্‌খৰা নামে এজন কছাৰি ৰজা আছিল। কছাৰি ৰজা ৰণত হাৰি হুঁহকি ডিমাপুৰ পালেগৈ; আৰু আহোম ৰাজ্য তালৈকে বহলোৱা হল। তাৰ পাচত, ১৫৩৬ খ্ৰীষ্টাব্দত কছাৰি ৰাজ্য আহোম-ৰাজে আকৌ আক্ৰমণ কৰে। তেতিয়া কছাৰি ৰজা ডেট্‌চুং আছিল। তেওঁ ৰণত ঘাটি মায়বং নামে ঠাইলৈ পলাই গল। ডিমাপুৰ নগৰ [ ৭৮ ] আহোম ৰাজ্যৰ চামিল হল। ডিমাপুৰ এখন বিতোপন নগৰ আছিল। ধনশিৰী নৈৰ পাৰত সেই নগৰৰ পকী ঘৰ-দুৱাৰৰ চিন্‌

ডিমাপুৰ নগৰৰ ভগ্নাৱশেষ।

এতিয়াও আছে। সেই চিনে এতিয়াও কছাৰি ৰজাৰ গৌৰৱৰ চিনাকি দিছে। সেই নগৰৰ সমুখতে এতিয়া ডিমাপুৰ থানা বহিছে।

 মায়বঙ্গত গৈয়ো কছাৰিবিলাক শান্তি নোপোৱা হল। তাত সিবিলাক ঘনে ঘনে কোচ ৰজাৰ আক্ৰমণত পৰে। তাতে, [ ৭৯ ] ১৬০০ খ্ৰীষ্টাব্দত কোচ ৰজা নৰনাৰায়ণৰ ভায়েক বিখ্যাত চিলাৰায়ে কছাৰি ৰাজ্য আক্ৰমণ কৰেগৈ। তেতিয়া শত্ৰুদমন কছাৰি ৰজা আছিল। তেওঁ কোচ ৰজাৰ তলতীয়া হবলৈ মান্তি হৈ চিলাৰায়ৰ আক্ৰমণৰপৰা সাৰিল। তাৰ পাচত, জয়ন্তীয়াৰ ৰজাৰে সৈতে শত্ৰুদমনৰ বিবাদ চলিবলৈ ধৰে। সেই সংসৰ্গতে ১৬৩০ খ্ৰীষ্টাব্দত আহোম ৰজাৰে সৈতে ৰহাত তেওঁৰ ৰণ লাগে। সেই ৰণত কছাৰি ৰজাৰ জয় হয়। শত্ৰুদমনৰ পাচত, দদায়েক ভীমদৰ্প ৰজা হল। তেওঁ ৰজা হৈয়ে ধনশিৰীৰ সীমাত আহোম ৰাজ্য আক্ৰমণ কৰিছিলগৈ; কিন্তু ৰণ চলি থাকোতেই তেওঁৰ মৃত্যু হল। তাৰ পাচত, তেওঁৰ পুতেক ইন্দ্ৰবল্লভক আহোমৰাজে ৰজা পাতি তেওঁৰে সৈতে মিতিৰ কৰিলে। সেই দিন ধুৰি, খ্ৰী: ১৬৩৭ চনৰ- পৰা ১৬৭২ চনলৈকে ৩৫ বছৰ কাল, আহোম আৰু কছাৰিৰ মাজত মিলা-প্ৰীতিৰে সৈতে পাৰ হয়।

 তাৰ পাচত, তিনি জন কছাৰি ৰজাই ৩০ বছৰ ৰাজত্ব কৰাৰ পাচত, ১৭০২ খ্ৰীষ্টাব্দত তাম্ৰধ্বজ নামে এজন ৰজা হয়। তেওঁ কছাৰি ৰাজপাটত উঠিয়েই আহোমৰ অধীনতা অস্বীকাৰ কৰিলে। সেই কথাত কুপিত হৈ, আহোম মহাৰাজ ৰূদ্ৰসিংহ স্বৰ্গদেৱে কছাৰি ৰাজ্য আকৌ আক্ৰমণ কৰালে। তাম্ৰধ্বজে ঠাৱৰিব নোৱাৰি জয়ন্তীয়াৰ ৰজা ৰামসিংহৰ আশ্ৰয় ললেগৈ। সেই আপাহতে জয়ন্তীয়াৰ ৰজাৰে সৈতেও আহোম ৰজাৰ এখন ৰণ লাগিল। ৰণত ৰামসিংহ হাৰিল। আৰু ১৭০৮ খ্ৰীষ্টাব্দত জয়ন্তীয়া ৰাজ্য আহোম ৰাজ্যৰ লগত চামিল হল। [ ৮০ ]  তাম্ৰধ্বজৰ পাচত সাত জন কছাৰি ৰজাই চাৰি কুৰি বছৰ ৰাজত্ব কৰে। ইবিলাকৰ ভিতৰত সন্ধিকাৰী আৰু কৃষ্ণচন্দ্ৰ এই দুজন প্ৰখ্যাত। সিবিলাকে আহোম ৰজাৰ লগত মিলিব নোৱাৰাৰ গতিকে, অকালতে ৰাজপাটৰপৰা নামিব লগাত পৰে। শেহান্তৰত গোবিন্দচন্দ্ৰ নামে এজন কছাৰি ৰজা প্ৰখ্যাত হৈ উঠে। তেওঁৱেই কছাৰিৰ শেহ ৰজা। তেওঁ ৰজা হৈয়ে কহিধন নামে তেওঁৰ বিষয়া এজনৰ বিদ্ৰোহত পৰে। গোবিন্দচন্দ্ৰই বহু প্ৰবন্ধেৰে বিদ্ৰোহ দমাই কহিধনক বধ কৰিলে। কিন্তু, সিমানতে তেওঁ নিৰাপদ নহল; কহিনৰ পুতেক তুলাৰাম সেনাপতিয়ে আকৌ বিদ্ৰোহ তুলিবলৈ ধৰিলে। এনেতে, মণিপুৰৰ ৰজা মাৰ্জ্জিতসিংহৰ আক্ৰমণো পৰিলহি। গোবিন্দচন্দ্ৰ নিৰুপায় হৈ বৃটিচ ৰাজৰ শৰণাগত হলগৈ। বৃটিচ গৱৰ্ণমেণ্টে সেইমতে তেওঁক আপদৰপৰা ৰক্ষা কৰিলে। কিন্তু, গোবিন্দচন্দ্ৰ আৰু সৰহ দিন নাবাঁচিল। তেওঁ অপুত্ৰক হৈ মৃত্যু হোৱাত, ১৮৩২ খ্ৰীষ্টাব্দত কছাৰি ৰাজ্য বৃটিচৰ খাচ্‌ দখললৈ নিয়া হয়। এতিয়াৰ কাছাৰ জিলাই কছাৰি ৰজাৰ শেহ ৰাজধানী আছিল।

 তুলাৰাম সেনাপতি এজন বৰ চোকা বুদ্ধিৰ বীৰপুৰুষ আছিল। তেওঁ গোবিন্দচন্দ্ৰ ৰজাৰ দিনত কেইবাবাৰো বিদ্ৰোহ ঘটাই কছাৰি ৰাজ্যৰ এভাগ তেওঁৰপৰা কাঢ়ি নৈছিল। সেই ভাগ ৰাজ্যৰে তেওঁ এজন স্বতন্তৰীয়া অধিপতি হৈ উঠিছিল। গোবিন্দচন্দ্ৰ অপুত্ৰক হৈ মৃত্যু হোৱাত, তুলাৰাম সেনাপতিয়ে কছাৰি ৰাজপাটলৈ বেঙা মেলিছিল। কিন্তু, তেওঁ কছাৰি ৰাজবংশী নহয় [ ৮১ ] কাৰণে, বৃটিচ্‌ ৰাজে তেওঁৰ দাবী গ্ৰাহ্য নকৰিলে। তথাপি, তেওঁ আগেয়ে ভোগ কৰা ৰাজ্যতে তেওঁক জমিদাৰ পতা হল। সেই বাবে তেওঁ বৃটিচ্‌ গৱৰ্ণমেন্টক বছৰি ৪৯০ টকা কৰ শোধাইছিল।

 মুঠ্‌-কথা।—কছাৰি জাতি ব্ৰহ্মপুত্ৰ উপত্যকাৰ আদিবাসী মানুহ। ইবিলাকৰ দোৱান আছিল, কিন্তু সাহিত্য নাই। আহোম ৰজাৰ লগত কছাৰি ৰজাৰ ভালেমান ৰণ লাগিছিল। সেইবোৰ আজিকালিও “কছাৰি-ৰণ” নামে অসমীয়া মানুহৰ মুখত পটন্তৰ হৈছে। কছাৰি ৰাজ্য আদিতে দিখো নৈৰ পূবভাগত আছিল। তাৰপৰা আহোম ৰজাই ঠেলি নি নি ধনশিৰীৰ দক্ষিণে ডিমাপুৰ পোৱালেগৈ। তাৰ পাচত, মায়বং নামে ঠাইত ঠেলি থলেগৈ। এতিয়া সেই ঠাই চুৰমা উপত্যকাৰ ভিতৰ। আৰু, এতিয়াৰ কাছাৰ জিলাই আগৰ কছাৰি ৰাজধানী আছিল। খুন্‌খৰাৰ পৰা গোবিন্দচন্দ্ৰলৈকে কুৰিজনমান কছাৰি ৰজা হৈছিল। কছাৰিৰ মুঠ ৰাজভোগৰ কাল ৩০০ তিনি-শ বছৰ। কছাৰি ৰাজ বংশৰ আজিকালি চিন্‌ মৰি আহিছে। হিন্দু সংসৰ্গত যিবিলাক এতিয়া আগশাৰীলৈ উঠিছে, তাৰ এভাগে সৰুকোচ নাম লৈছে। যিবিলাক হিন্দুৰ আচাৰ-ব্যৱহাৰত পৈণত হৈ উঠিছে, সিবিলাক বৰকোচ নামে অভিহিত হৈছে। কছাৰিৰ এটা ঠাল সোণোৱাল। সিবিলাকৰ অৱস্থা আনবিলাকতকৈ টনকিয়াল।