সমললৈ যাওক

পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১১। পাঠ।
⸺৹⸺
কোচ ৰজাৰ কথা।

 কোচ আৰু কছাৰিৰ আঁতিগুৰি একেটা। দুয়ো একেটা বদো বংশৰপৰা ওলোৱা দুটা ঠাল বা ফৈদ। ৰাজভোগত কোচতকৈ কছাৰি আগ। কছাৰি ৰজাই যেতিয়া উজনিৰ ৰাজ্য আহোম ৰজাক এৰি দি মাজ অসমত ৰাজ্য পাতেগৈ, তেতিয়া নামনি অসমত কোচ ৰজাই নতুনকৈ ৰাজ্য পাতিছিল মাথোন। আগধৰি হিন্দু হোৱাৰ কাৰণে, হিন্দু সমাজত কোচ ফৈদে কছাৰিতকৈ আগশাৰীত ঠাই পাইছে।

 আদিতে নামনি কামৰূপত হাজো নামে এজন কোচ ফৈদী শাসনকৰ্ত্তা আছিল। তেওঁৰ পুতেক নাছিল, হীৰা আৰু জীৰা নামে দুজনী জীয়েক মাথোন আছিল। তেওঁ জীয়েকহঁতলৈ হৰিয়া মেছ নামে এটা মানুহ চপাই লয়। সেই হৰিয়া মেছৰ পৰাই হীৰা আৰু জীৰাৰ ক্ৰমে বিশু আৰু শিশু নামে দুটি পুত্ৰ লাভ হয়। ১৪৮৫ খ্ৰীষ্টাব্দত হাজো ঢুকালত তেওঁৰ ৰাজ্যত বিশু ৰজা আৰু শিশু যুৱৰাজ হল। তাৰ পাচত, বিশুৱে বিশ্বসিংহ আৰু শিশুৱে শিৱসিংহ নাম লয়। বিশ্বসিংহ এজন বৰ প্ৰতাপী ৰজা আছিল। তেওঁ ৪৯ বছৰ ৰজা হৈ কোচ ৰাজ্য ভালেমানলৈকে বঢ়ালে। তেওঁৰ ১৮ গৰাকী কুঁৱৰীৰপৰা ১৮ জন পুত্ৰ হৈছিল। তাৰ ভিতৰত নৰসিংহ, মালদেৱ, শুক্লধ্বজ আৰু গোহাঁইকমলা এই কেইজন ঘাই।