পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৬
বুৰঞ্জীবোধ।

নৰনাৰায়ণৰ দিনতে কোচৰ গৌৰৱ বৰকৈ বাঢ়িছিল। নৰনাৰায়ণ এজন পণ্ডিত-ৰজা আছিল। শঙ্কৰদেৱ, মাধৱদেৱ, অনন্ত কন্দলি এই সকল তেওঁৰ দিনতে জিলিকি উঠিছিল। কোচ ৰাজবংশীৰ ভিতৰত চিলাৰায় এজন মহাবীৰ আছিল। তেওঁ মহাৰাজ নৰনাৰায়ণৰ ভায়েক। তেওঁ নৰনাৰায়ণৰ ঘাই সেনাপতি আছিল। কোচ ৰাজবংশ শেহত দৰঙ্গী আৰু বেজিনী এই দুটা ফৈদত ভাগ হৈ মাৰ যায়। বেজিনী ফৈদৰ জমিদাৰী এতিয়াও আছে। দৰঙ্গী ফৈদে জমিদাৰী হেৰুৱাই এতিয়া জুৰুলা হৈ পৰিছে। এই দুয়ো ফৈদৰ আঁতিগুৰি একেজন,—মহাবীৰ চিলাৰায়। চিলাৰায়ৰ পুতেক ৰঘুৰায়। ৰঘুৰায়ৰ পুতেক পৰীক্ষিত আৰু বলিতনাৰায়ণ। পৰীক্ষিতৰ পুতেক বিজিতনাৰায়ণৰপৰা বেজিনী ফৈদ, আৰু বলিতনাৰায়ণৰ পুতেক মহেন্দ্ৰনাৰায়ণৰপৰা দৰঙ্গী ফৈদৰ উৎপত্তি।


১২। পাঠ।
⸺৹⸺
সৰু-সৰু ৰজাৰ কথা।

 অসমৰ বুৰঞ্জীৰ মাজছোৱাত আহোম, ছুটীয়া, কছাৰি আৰু কোচ ৰজাত বাজেও কিছুমান সৰু-সৰু ৰজা ৰা ৰাজখোৱা আছিল। সিবিলাকৰ বহুল বিৱৰণ ভাঙ্গৰখন "অসমৰ বুৰঞ্জী"ত বহলাই