পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২
বুৰঞ্জীবোধ

গৌৰ দেশৰ ৰজাই উলটি ধৰাত দুয়ো পক্ষৰ লাজত ঘোৰতৰ ৰণ লাগিল। ৰণত চিলাৰায়ৰ ৰণুৱা সমূলঞ্চে নিপাত হোৱাৰ পাচত, তেওঁ শত্ৰুৰ হাতত বন্দী হল।

 সেই সময়তে, ১৫৫৩ খ্ৰীষ্টাব্দত বঙ্গদেশৰ সেনাপতি কালাপাহাৰে অসম দেশ আক্ৰমণ কৰেহি। কালাপাহাৰ আগেয়ে বামুণ আছিল; পাচত তেওঁ মছলমান হয়। তেওঁ অসম সোমায়েই পোনেই কামাখ্যা পীঠ আক্ৰমণ কৰিলেগৈ। তেতিয়া চিলাৰায় বিদেশত বন্দী। ইফালে ৰাজ্যত ভাল ৰণুৱাও নাই। গতিকে, কালাপাহাৰে কামাখ্যা মন্দিৰ হেলাৰঙ্গে ভাঙ্গি নানা উৎপাত্‌‌‌‌ কৰি উলটি গুচি গল। এয়ে অসমত মছলমানৰ সপ্তম আক্ৰমণ। তাৰ পাচত, চিলাৰায় গৌৰ দেশৰপৰা মুকলি হৈ আহিলত, মহাৰাজ নৰনাৰায়ণ কামাখ্যাৰ ভগা মন্দিৰ আকৌ ভালকৈ সজাই দিলে।

 ইয়াৰ পাচত, চিলাৰায় দিল্লীলৈ যায়। তাত আকবৰ সম্ৰাটৰে সৈতে আলচ পাতি তেওঁ মোগলৰ সহায়েৰে আকৌ গৌৰ দেশ আক্ৰমণ কৰিলেগৈ। এইবাৰ গৌৰৰ ৰজা ৰণত ঘাটিল। চিলাৰায়ে গৌৰ দেশ সমানে ভগাই, এভাগ মোগল সম্ৰাটক দি, ইভাগ কোচ ৰাজ্যৰ লগত চামিল কৰিলে। তাৰ পাচত, স্বদেশলৈ উলটি আহোঁতে বাটতে চিলাৰায় নৰিয়া পৰি ঢুকাল।

 মহাৰাজ নৰনাৰায়ণ বৰ ধাৰ্ম্মিক আৰু বিদ্বান ৰজা আছিল। তেওঁৰ আমোলত পণ্ডিতমণ্ডলীৰ বৰ আদৰ কাঢ়িছিল। শঙ্কৰদেৱ, মাধৱদেৱ, অনন্ত কন্দলি এই সকল তেওঁৰ দিনৰ পণ্ডিত আছিল।