পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৪
বুৰঞ্জীবোধ।

মুছলমানে ৰাজ্য কাঢ়ি লোৱাত পৰীক্ষিতৰ ভায়েক বলিতনাৰায়ণে আহোম ৰজাৰ আশ্ৰয় ললেহি। আহোম ৰজাৰ সেনাপতিয়ে মছলমানক খেদি বলিতনাৰায়ণক ককায়েকৰ ৰাজত্য ৰজা পাতিলে। এই কথা শুনি দিল্লীত জাহাঙ্গীৰ বাদচাহ খঙ্গত জ্বলি উঠিল। তেওঁ ততালিকে সত্ৰাজিত আৰু আবাবাকৰ নামে দুজন সেনাপতিক সসৈন্যে পঠিয়াই আহোম ৰাজ্য আক্ৰমণ কৰালে। ১৬২৭ খ্ৰীষ্টাব্দত কলিয়াবৰতে আহোম আৰু মুছলমানৰ মাজত ৰণ লাগিল। ৰণত আহোম জিকিল, আৰু মুছলমান উলটি পলাল। এয়ে অসমত মছলমানৰ ৯ম, আক্ৰমণ।

 এই পৰাজয়ৰ বাতৰি পাই জাহাঙ্গীৰ বাদচাহ খঙ্গত চতুৰ্গুণে জ্বলি উঠিল। তেওঁ আব্দুৰ চালাম নামে এজন সেনাপতি ভালেমান কাজুৱা সেনা দি আকৌ অসমদেশ আক্ৰমণ কৰিবলৈ পঠিয়ালে। প্ৰথমতে তেওঁ বলিতনাৰায়ণৰ হাতত কেইবাবাৰো ঘটিছিল। পিছে, এনে সময়েতে ৰঙ্গামাটিৰ নবাবেও বলিতনাৰায়ণক আন হাতে আক্ৰমণ কৰিলেগৈ, আৰু শ্ৰীঘাটৰ ওচৰতে এখন ৰণ লাগি উঠিল। গতিকে, একে সময়তে দুখন ৰণত পৰি ঠাৱৰিব নোৱাৰি বলিতনাৰায়ণ শিঙ্গৰিলৈ পলাই গল। আৰু, পলৰীয়া অৱস্থাত তেওঁ ঢুকাল। তেওঁৰ লগতে কোচৰ ৰাজত্বও অন্ত পৰিল। মছলমানে অহোমৰ পাণ্ডু আৰু শ্ৰীঘাটৰ দুৰ্গ হাত কৰি, কোচ ৰাজ্য দখল কৰিলে। এয়ে অসমত মছলমানৰ ১০ম, আক্ৰমণ।

 মছলমানে কোচ ৰাজ্য দখল কৰি, পৰীক্ষিতনাৰায়ণৰ পুতেক বিজিতনাৰায়ণক দদায়েক বলিনাৰায়ণৰ ৰাজ্যত জমিদাৰ পাতিলে।