সমললৈ যাওক

পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৫
কোচ ৰজাৰ কথা।

বিজিতনাৰায়ণে বেজিনী নামে ঠাইত ৰাজধানী পাতি মছলমানৰ তলে জমিদাৰী ভোগ কৰিবলৈ ধৰিলে। পাচলৈ তেওঁৰ বংশৰ জমিদাৰ সকলক বেজিনী ফৈদ বোলা হয়। আগেয়ে এই জমিদাৰীৰ বাৰে মোগল সম্ৰাটক বছৰি ২০০০৲ টকা ৰাজহ শোধাব লগা হৈছিল; বৃটিচৰ আমোলত সেই ৰাজহ ২১৫০৲ টকা ধাৰ্য হয়। এতিয়া এই জমিদাৰী গৱৰ্ণমেণ্টৰ “কোৰ্ট অৱ ওৱাৰ্ড"ৰ তত্ত্বাৱধানত চলিছে।

 মছলমানে গুৱালপাৰত বেজিনী ফৈদক জমিদাৰ পতাৰ পাচত, আহোম ৰজাই দৰঙ্গী ফৈদক এতিয়াৰ মঙ্গলদৈ মহকুমাত জমিদাৰ পাতে। এই ফৈদৰ আদি জমিদাৰ মহেন্দ্ৰনাৰায়ণ। তেওঁ বলিত নাৰায়ণৰ পুতেক। দৰঙ্গী ফৈদৰ জমিদাৰসকলে আহোম ৰজাৰপৰা “ৰজা” খিতাপ পাইছিল। পাচলৈ গৃহকন্দল লাগি সিবিলাক জুৰুলা হবলৈ ধৰিলে। শেহান্তৰত, সিবিলাক জমিদাৰী চলাবলৈকো অপাৰগ হৈ পৰিল। গতিকে, আহোম ৰজাই সিবিলাকক প্ৰবৰ্ত্তিবৰ জোখাৰে মাথোন নিষ্কৰ মাটি ভোগ কৰিবলৈ দি, দৰং ৰাজ্য অহোমৰ খাচ্‌ দখলৰ ভিতৰ কৰিলে। বৃটিচ্‌ আমোলৰপৰা দৰঙ্গী ফৈদৰ বংশধৰে সেই মাটি নিষ্পখেৰাজকৈ ভোগ কৰিবলৈ পাইছে।

 মুঠ কথা।—কোচ জাতি বদোবংশী মানুহ। সিবিলাক অসমৰ আদিবাসী লোক। আদিতে সিবিলাক মেছবংশী আছিল। মেছ কছাৰিৰে এটা ঠাল মাথোন। কোচ ৰজাৰ আদিপুৰুষৰ নাম হাজো। সিবিলাকৰ বংশৰ মূলপুৰুষ হৰিয়া মেছ। কোচৰ প্ৰথম ৰজা বিশ্বসিংহ। তেওঁৰ পুতেক মহাৰাজ নৰনাৰায়ণ।