বুঢ়ী আইৰ সাধু
বুঢ়ী আইৰ সাধু
লক্ষ্মীনাথ বেজবৰুৱা
সাহিত্য-প্ৰকাশ
ট্ৰিবিউন বিল্ডিংছ
গুৱাহাটী-৩
মৰমৰ
“অৰুণা”ৰ হাতত
“বুঢ়ী আইৰ সাধু”
দিলোঁ
"পাপা"
পাতনি
প্ৰত্যেক জাতিৰ আৰু প্ৰত্যেক দেশৰ সুকীয়া ভাষা থকাদি সুকীয়া সাধু-কথা (Folklore) আছে। ভাষা যেনেকৈ কোনো এটা জাতিৰ জাতীয় জীৱনৰ গুৰিৰ পৰা আত্মপ্ৰকাশ আৰু আত্ম-জীৱনচৰিত, পুৰণি সাধুকথাবোৰো সেইদৰে জাতীয় জীৱনৰ পুৰণি কালৰপৰা আত্মপ্ৰকাশ আৰু আত্ম-জীৱন চৰিত।কোনো এটা জাতিৰ ভিতৰুৱা শিক্ষিত-অশিক্ষিত, সভ্য-অসভ্য, জ্ঞানী-অজ্ঞানী সকলো মানুহৰে চৰণৰ ছাপ যেনেকৈ সেই জাতিৰ নিজা ভাষাত নচ নোখোৱাকৈ থাকি যায়, জাতীয় পুৰণিকলীয়া সাধুকথাবিলাকতো সেইদৰে সেই জাতিৰ ভিতৰুৱা সকলো শ্ৰেণীৰ মনুহৰ পুৰণি আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি, চিন্তা-কল্পনা আদিৰ সাঁচ মচ নোখোৱাকৈ থাকি যায়। সেইদেখি মানুহৰ জাতীয় জীৱনত অলিখিত পুৰণি বুৰঞ্জী জানিবৰ নিমিত্তে “ফাইল’লজি” (Philology) অৰ্থাৎ ভাষাতত্ত্ব আৰু “মাইধ’লজি” (Mythology) অৰ্থাৎ পুৰাণতত্ত্ব যেনেকুৱা লাগতিয়াল, ফকল’ৰ (Folklore) অৰ্থাৎ সাধুকথাতত্ত্বও তেনেকুৱা লাগতিয়াল |
সুপ্ৰসিদ্ধ ভাষাতত্ববিদ জাৰ্মান পণ্ডিত বপ্ (Bopp) আদিৰ দ্বাৰাই আবিষ্কৃত এই মত,—অৰ্থাৎ টিউটন (Tuton) কেল্ট (Celt) হিন্দু আদি আৰ্য্যবংশীয় মানুহবোৰ যে গুৰিতে একে আছিল আৰু তেওঁলোকে যে আদিতে মধ্য এচিয়াৰ একে ঠাইতে থকা একে পৰিয়ালৰ একেজোপা গছৰে ডাল,-সাধুকথাবোৰৰ তত্ত্ব আলোচনাই আৰু গজগজীয়া কৰিলে।
কিছুকালৰ আগলৈকে সাধুকথাবোৰৰ আচল মূল্য নবুজি সকলোৱে সেইবোৰ ল'ৰালি আৰু অকামিলা বুলি ভাবি আছিল। কিন্তু প্ৰথমতে জাৰ্মান পণ্ডিতসকলে এই ভুল বিশ্বাস ভাঙি দিয়ে। প্ৰথমতে জাৰ্মানীত সাধুকথাৰ প্ৰকৃত মূল্য নিৰ্দ্ধাৰিত হয় আৰু তাতে সেইবোৰ বৈজ্ঞানিক প্ৰণালীত আলোচিত হয়। ১৭৭৮-৭৯ খৃষ্টাব্দত ছপা হোৱা হাৰ্ডাৰৰ (Herder) প্ৰসিদ্ধ "Collection of Popular Songs" অত এই চেষ্টাৰ প্ৰথম উন্মেষ হয়। কিন্তু ১৮১১ অৰ পৰা ১৮৩৫ খৃষ্টাব্দৰ ভিতৰত কৰা বিখ্যাত পণ্ডিত গ্ৰীণৰ (Grimm দুই ভায়েক) পৰিশ্ৰমে এই চেষ্টাৰ ফল ধৰায়। জাৰ্ম্মানীৰ গাৱলীয়া কটনাকটা বুঢ়ী তিৰোতা মানুহৰ মুখৰপৰা পোনতে এনে সাধু গোটাই ছপা কৰি উলিওৱা হয়। বাস্তৱিকতে কবলৈ গলে জাৰ্ম্মান পণ্ডিতসকলৰ পৰিশ্ৰমেহে পোনতে সভ্য জগতক দেখৱাই দিলে যে কোনো এটা জাতিৰ এটা পুৰণি সাধুকথাৰ ইতিহাস আৰু ভাষাৰ ভিতৰত এটা শব্দৰ ইতিহাস ডাঙৰ যুদ্ধৰ ইতিহাসতকৈ মূল্যবান।
সাধুকথা দুবিধ আছে। এবিধ, মানুহক ঘাইকৈ নীতিশিক্ষা দিবৰ নিমিত্তে ৰচিত:—পঞ্চতন্ত্ৰ হিতোপদেশ আৰু লা ফন্টেনৰ (La Fontion) সাধুবোৰ। আনবিধ, মানুহৰ কল্পনা শক্তিৰ বাঘজৰী ঢিলাই দি তাক চেকুৰিবলৈ এৰি দি ল’ৰা-ডেকা-বুঢ়া সকলোৰে মনত আনন্দ দিবলৈ ৰচিত, ঘাইকৈ ল’ৰাৰ মনত। কিন্তু গুৰিতে সাধুবোৰ যি উদ্দেশ্যেৰেই হওক, এতিয়া সেইবোৰৰ পৰা পণ্ডিতসকলে মনুষ্য জাতিৰ পুৰণি ইতিহাসৰ অমৃতৰস খীৰাই উলিয়াই তাৰে জ্ঞান-বিজ্ঞানক হৃষ্ট-পুষ্ট আৰু শকত কৰিছে, সি যি হওক, সেইবোৰ এতিয়া এই চুটি পাতনিত উলিয়াই আমি ইয়াক দীঘল কৰিব নোখোজো।
পাঠকসকলে দেখিব যে এই কিতাপত দিয়া কোনো কোনোটো সাধু ভাৰতবৰ্ষৰ আন আন দেশত, ঘাইকৈ বঙ্গদেশত প্ৰচলিত সাধুৰে সৈতে ঘাই কথাবিলাকত মিলে। এনে দেখি যদি তেওঁলোকে ভাবে যে সেইবোৰ বিদেশী সাধুৰ ছাঁলৈ ৰচনা কৰা হৈছে তেন্তে ভুল কৰা হব। এদেশৰ সাধু আন এদেশৰ সাধুৰে মিলি যোৱাৰ কেবাটাও কাৰণ আছে; তাৰে প্ৰথমটো হৈছে— সাধুবোৰ ইমান পুৰণি যে অতীজৰ আৰ্য্যবংশীয় মানুহবোৰ একেলগে থাকোতেই সেইবোৰ ৰচিত হয়। কালক্ৰমত আৰ্য্যবিলাক ফাটি য়ুৰোপ আৰু এচিয়াত ভাগ ভাগ হৈ পৰিলত দেশ-কাল-পাত্ৰ অনুসৰি তেওঁলোকৰ স্বভাৱ আৰু গঢ়-গতিৰ সলনি হোৱাদি সেই সাধুবোৰৰো গঢ়-গতিৰ সলনি ঘটিছে। কিন্তু সেইবুলি সেইবোৰৰ জঁকাৰ সলনি ঘটা নাই,আৰু ঘটিব নোৱাৰেও। সেইদেখি ইণ্ডো-যুৰোপীয়সকলৰ (Indo-Europeans) ভিতৰত প্ৰচলিত অনেক সাধুৰ বাহিৰৰ আকৃতি অনেক বিষয়ত বেলেগ হলেও তলৰ ভেঁটি একে। সেইদেখি লা ফন্টেনৰ সাধুবোৰ পঢ়োতে, পঞ্চতন্ত্ৰ আৰু হিতোপদেশৰ সাধুবোৰ পঢ়োতাই সেইবোৰ আচহুৱা যেন নাপায়। সেইদেখি ভাৰতবৰ্ষৰ ল’ৰা-নিচুকুৱা ধাইমাকে ল’ৰা নিচুকুৱাওঁতে যিবোৰ সাধু কয়, প্ৰায় তেনেকুৱা সাধুকে জাৰ্ম্মান, নৰ’ৱে আৰু ফ্ৰান্সৰ ধাইমাকৰ মুখত শুনিবলৈ পোৱা যায়,—বিভিন্নতাৰ ভিতৰত মাথে৷ তাৰ সাজপাৰ, বৰণ আৰু মাত-কথা।
দ্বিতীয়তে, এদেশৰ সাধু লাহে লাহে মুখে মুখে বাগৰি আন দেশলৈ নগৈ নাথাকে আৰু যাওঁতে বাটত তাৰ মোট সলনি নহৈ নাথাকে। প্ৰবাসত দীৰ্ঘকাল বাস কৰা বাবে শেষত সেইবোৰ পৰ-বাসেই আপোন বাস হয় আৰু গঢ়-পিত লৰি পৰে। কিন্তু এই শ্ৰেণীৰ সাধুৰ লেখ সৰহ নহব। ওচৰ-চুবুৰীয়া দেশৰ পৰাও সাধুৱে অহা-যোৱা কৰিবলৈ সুচল পায়। সেইদেখিহে আমি অসমীয়া সাধু বঙ্গদেশত ঘাইকৈ পূৰ্ব্ববঙ্গত অনেক পাওঁ। আৰু এটা কথা মন কৰিবলৈ পাহৰিব নালাগে যে পূৰ্ব্ববঙ্গ আৰু উত্তৰবঙ্গৰ এডোখৰ পুৰণি কামৰূপ ৰাজ্যৰ ভিতৰত থকা বাবে আমাৰ বহুত কামৰূপীয়া অথাৎ অসমীয়া সাধু বঙালী হ’ল। এই কথা ভালকৈ মন কৰিলে ফটফটীয়াকৈ দেখিবলৈ পোৱা যায় যে, আজিকালি যিবিলাক বঙালী গ্ৰন্থকাৰে সাধু বা “ৰূপকথা”ৰ কিতাপ লেখি ছপাইছে, তেওঁলোকৰ ভিতৰত যি কেইজন পূৰ্ব্ব বঙ্গদেশীয় তেওঁলোকৰ কিতাপ অসমীয়া সাধুকথাৰ জকা অৰুি ছাঁ সৰহ; পশ্চিমবঙ্গদেশীয় কেইজনৰ কিতাপত সিমান নহয়। আমাৰ কথাৰ প্ৰমাণ দুখন বঙলা সাধুকথাৰ কিতাপেৰে দিওঁ, যেনে পূৰ্ব্ববঙ্গদেশীয় গ্ৰন্থকৰ্ত্তাৰ “টুনটুনিৰ বই” আৰু পশ্চিম বঙ্গদেশীয় গ্ৰন্থকৰ্ত্তাৰ “ঠাকুৰমাৰ ঝুলি”।
আৰু এটা কাৰণত সাধুকথাৰ মিল ঘটে। সেইটো হৈছে আকস্মিক মিল। মানুহ সকলো ঠাইতে মানুহ, আৰু তেওঁৰ ভাবিবৰ প্ৰণালীও পৃথিৱীৰ সকলো৷ ঠাইতে অনেক বিষয়ত একে। সেইদেখি আন কি জুলুৰ কি হণ্টেণ্টৰ কোনো কোনো সাধুৰে সৈতেও আৰ্য্যজাতিৰ মানুহৰ কোনো কোনো সাধুৰ মিল ওলায়।
অসমীয়াই সাধুৰ মোল পুৰণি কালৰ পৰা বুজে আৰু চিৰকাল যে সাধক সমাদৰ কৰি আহিছে এই কথা “সাধু-কথা” এই শব্দটোলৈ মন কৰিলেই দেখিবলৈ পোৱা যায়। সাধুকথা মানে সজ কথা বা সন্ত-সাধুৰ উপদেশ বাক্য বুলি আদিৰপৰাই অসমীয়াই ভাবি আহিছে। ইয়াৰ পৰা এইটো স্পষ্টকৈ বুজিব পাৰি যে এইবিধ মনোজ্ঞ মৌখিক উপকথাৰে পুৰণি কালত অসমত জ্ঞানবৃদ্ধসকলে লোকক আৰু নিজৰ ল’ৰা-ছোৱালীক সজ উপদেশ আৰু নীতি-শিক্ষা দিছিল; সেইদেখিয়ে ইয়াৰ নাম সাধু-কথা দিছিল। এনে উপকথা বা গল্পক কোনো দেশৰ কোনো জাতিয়ে "সাধু-কথা” এই ওখ নাম দিয়া নাই। য়ুৰোপীয়া Folktales বঙালীয়ে ইয়াক “ৰূপকথা”, “আষাঢ়ে গল্প” বোলে। অসমীয়াৰ দৰে সাধু-কথা নোবোলে। ভাষা আৰু Folktales জাতিৰ হাড়-মগজু। ভাষাক অসমীয়াই বোলে মাতৃ আৰু ফক্টেলচক সাধু-কথা; তথাপি অসমীয়া আৰু বঙলা ভাষা হেনো একে।
শেহত কওঁ যে তলত নাম দিয়া সকলৰ পৰা আমি এই কিতাপত দিয়া সৰহ ভাগ সাধু পাইছিলো; কিন্তু কোনটো কাৰপৰা পোৱা গৈছিল সেইটো কোৱা অসাধ্য, কাৰণ নানাৰকমকৈ লিখা একোটা সাধুকে আমি কেইবাজনৰ পৰা পাইছিলো আৰু সেই এটাইবোৰ পঢ়ি মিলাই বাছি, যোগ-বিয়োগ কৰি আমি নিজৰ ভাষাত সাধুবোৰ সম্পূৰ্ণ নতুনকৈ লিখিছো। স্বৰূপাৰ্থত, তেওঁলোকে যি ভাষাত সাধুবোৰ লিখি পঠাইছিল সেই ভাষা এই সাধুবোৰত নাই বুলিলেই হয়, দৈবাৎ হে কোনোটোত এশাৰী আদশাৰী আছে। কিছুমান সাধু আমাৰ সমুলি নিজা। সি যি নহওক, তেওঁলোকৰ সহায়ৰ বাবে আমি তেওঁলোকৰ শলাগ লৈছো। তেওঁলোকৰ নাম—
শ্ৰী ভ্ৰমৰচন্দ্ৰ শইকীয়া, শ্ৰীমহীচন্দ্ৰ বৰা, শ্ৰীসীতানাথ শৰ্ম্মা, শ্ৰীসৰ্ব্বেশ্বৰ শৰ্ম্মা কটকী, শ্ৰীৰূদ্ৰকান্ত গোস্বামী, শ্ৰীওৱাজেদ আলি, শ্ৰীনৰনাথ শৰ্ম্মা, শ্ৰীৰোষেশ্বৰ শৰ্ম্মা, শ্ৰীপদ্মধৰ চলিহা, শ্ৰীৰত্নকান্ত শৰ্ম্মা, শ্ৰীহলধৰ ভূঞা, শ্ৰীগোলোক চন্দ্ৰ শৰ্ম্মা, শ্ৰীমেঘনাথ ডেকা, শ্ৰীৰ ৰূপচন্দ্ৰ বৰুৱা শ্ৰীদীননাথ মেধি, শ্ৰীলোকনাথ দাস, শ্ৰীগোবিন্দ চন্দ্ৰ চৌধুৰী, শ্ৰীদীনেশ্বৰ দত্ত।
লৰেলচ্হাওৰা
কাতি, ১৮৩৩ শক। ১৯১১ খৃষ্টাব্দ
গ্ৰন্থকাৰ
| বিষয় | পৃষ্ঠা |
|---|---|
| ১। মেকুৰীৰ জীয়েকৰ সাধু | ১ |
| ২। বান্দৰ আৰু শিয়াল | ৫ |
| ৩। ঔ-কুঁৱৰী | ১০ |
| ৪। ঢোঁৰাকাউৰী আৰু টিপচীচৰাই | ১৩ |
| ৫৷ এজনী মালিনী আৰু এজোপা ফুল | ১৯ |
| ৬৷ বুধিয়ক শিয়াল | ২০ |
| ৭। বাঘ আৰু কেঁকোৰা | ২৫ |
| ৮৷ তেজীমলা | ৩৬ |
| ৯। বুঢ়া-বুঢ়ী আৰু শিয়াল | ৪৫ |
| ১০৷ দীঘল ঠেঙীয়া | ৪৯ |
| ১১৷ গঙ্গাটোপ | ৫৩ |
| ১২। নুমলীয়া পো | ৫৭ |
| ১৩৷ সৰব্জান | ৫৯ |
| ১৪৷ এটা শিঙৰা মাছৰ কথা | ৬৫ |
| ১৫। এটা বলী মানুহ | ৬৭ |
| ১৬৷ চিলনীৰ জীয়েকৰ সাধু | ৭০ |
| ১৭। তুলা আৰু তেজা | ৮১ |
| ১৮। কটা যোৱা নাক, খাৰণী দি ঢাক | ৯৮ |
| ১৯৷ তীখৰ আৰু চুটিবাই | ১০৪ |
| ২০৷ চম্পাৱতী | ১০৯ |
| ২১। জৰদ্গৱ ৰজাৰ উপাখ্যান | ১২০ |
| ২২। পানেশৈ | ১২৪ |
| ২৩৷ জোঁৱাইৰ সাধু | ১৩০ |
| ২৪। কুকুৰীকণা | ১৩২ |
| ২৫৷ ভেকুলীৰ সাধু | ১৩৮ |
| ২৬৷ তাৱৈয়েকৰ সাধু | ১৪১ |
| ২৭৷ লট্কন | ১৪৫ |
| ২৮। লখিমী তিৰুতা | ১৫০ |
| ২৯। দুই বুধিয়ক | ১৫৫ |
| ৩০। কাঞ্চনী | ১৫৯ |
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )