বুঢ়ী আইৰ সাধু

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
বুঢ়ী আইৰ সাধু
লেখক লক্ষ্মীনাথ বেজবৰুৱা
Wikimedia-logo.svg আৰু চাওক প্ৰবন্ধ.

বুঢ়ী আইৰ সাধু

পাতনি

প্ৰত্যেক জাতিৰ আৰু প্ৰত্যেক দেশৰ সুকীয়া ভাষা থকাদি সুকীয়া সাধু-কথা (Folklore) আছে। ভাষা যেনেকৈ কোনো এটা জাতিৰ জাতীয় জীৱনৰ গুৰিৰপৰা আত্মপ্ৰকাশ আৰু আত্মজীৱনচৰিত, পুৰণি সাধুকথাবোৰো সেইদৰে জাতীয় জীৱনৰ পুৰণি কালৰে পৰা আত্মপ্ৰকাশ আৰু আত্ম-জীৱন চৰিত। কোনো এটা জাতিৰ ভিতৰুৱা শিক্ষিত-অশিক্ষিত, সভ্য-অসভ্য, জ্ঞানী-অজ্ঞানী সকলো মানুহৰে চৰণৰ ছাপ যেনেকৈ সেই জাতিৰ নিজা ভাষাত মচ নোখোৱাকৈ থাকি যায়, জাতীয় পুৰণিকলীয়া সাধুবিলাকতো সেইদৰে সেই জাতিৰ ভিতৰুৱা সকলো শ্ৰেণীৰ মানুহৰ পুৰণি আচাৰ ব্যৱহাৰ, ৰীতি-নীতি, চিন্তা-কল্পনা আদিৰ সাঁচ মচ নোখোৱাকৈ থাকি যায়। সেইদেখি মানুহৰ জাতীয় জীৱনত অলিখিত পুৰণি বুৰঞ্জী জানিবৰ নিমিত্তে "ফাইল'লজি (Philology) অৰ্থাৎ ভাষাতত্ত্ব আৰু মাইথ'লজি (Muthology) অৰ্থাৎ পুৰাণতত্ত্ব যেনেকুৱা লাগতিয়াল, ফকল'ৰ (Folklore) অৰ্থাৎ সাধুকথাতত্ত্বও তেনেকুৱা লাগতিয়াল।

সুপ্ৰসিদ্ধ জাৰ্মান পণ্ডিত বপ্ (Bopp) আদিৰদ্বাৰাই আৱিষ্কৃত এই মত, - অৰ্থাৎ টিউটন (Tuton) কেল্ট (Celt) হিন্দু আদি আৰ্যবংশীয় মানুহবোৰ যে গুৰিতে একে আছিল আৰু তেওঁলোকে যে আদিতে মধ্য এচিয়াৰ একে ঠাইতে থকা একে পৰিয়ালৰ একেজোপা গছৰে ডাল, - সাধুবোৰৰ তত্ত্ব আলোচনাই আৰু গজগজীয়া কৰিলে।

কিছুকালৰ আগলৈকে সাধুকথাবোৰৰ আচল মূল্য নুবুজি সকলোৱে সেইবোৰ ল'ৰালি আৰু অকামিলা বুলি ভাবি আছিল। কিন্তু প্ৰথমতে জাৰ্মান পণ্ডিতসকলে এই ভুল বিশ্বাস ভাঙি দিয়ে। প্ৰথমতে জাৰ্মানীত সাধুকথাৰ প্ৰকৃত মূল্য নিৰ্ধাৰিত হয় আৰু তাতে সেইবোৰ বৈজ্ঞানিক প্ৰণালীত আলোচিত হয়। ১৭৭৮-৭৯ খ্ৰীষ্টাব্দত ছপা হোৱা হাৰ্ডাৰৰ (Herder) প্ৰসিদ্ধ "Collection of popular Songs" অত এই চেষ্টাৰ প্ৰথম উন্মেষ হয়। কিন্তু ১৮১১ অৰপৰা ১৮৩৫ খ্ৰীষ্টাবদৰ ভিতৰত বিখ্যাত পণ্ডিত গ্ৰীমৰ (Grimm দুই ভায়েক) পৰিশ্ৰমে এই চেষ্টাৰ ফল ধৰায়। জাৰ্মানীৰ গাঁৱলীয়া কটনাকটা বুঢ়ী তিৰোতা মানুহৰ মুখৰপৰা পোনতে এনে সাধু গোটাই ছপা কৰি উলিওৱা হয়। বাস্তৱিকতে ক'বলৈ গলে জাৰ্মান পণ্ডিতসকলৰ পৰিশ্ৰমেহে পোনতে সভ্য জগতক দেখুৱাই দিলে যে কোনো এটা জাতিৰ পুৰণি সাধুকথাৰ ইতিহাস আৰু ভাষাৰ ভিতৰত এটা শব্দৰ ইতিহাস এখন ডাঙৰ যুদ্ধৰ ইতিহাসতকৈ মূ্ল্যৱান।

গ্ৰন্থকাৰ
লৰেল্ চ
হাওৰা
কাতি, ১৮৩৩ । ১৯১১ খ্ৰীষ্টাব্দ

সুচী

  1. মেকুৰীৰ জীয়েকৰ সাধু
  2. বান্দৰ আৰু শিয়াল
  3. ঔ-কুঁৱৰী
  4. ঢোঁৰাকাউৰী আৰু টিপচীচৰাই
  5. এজনী মালিনী আৰু এজোপা ফুল
  6. বুধিয়ক শিয়াল
  7. বাঘ আৰু কেঁকোৰা
  8. তেজীমলা
  9. বুঢ়া-বুঢ়ী আৰু শিয়াল
  10. দীঘল ঠেঙীয়া
  11. গঙ্গাটোপ
  12. নুমলীয়া পো
  13. সৰবজান
  14. এটা শিঙৰা মাছৰ কথা
  15. এটা বলী মানুহ
  16. চিলনী জীয়েকৰ সাধু
  17. তুলা আৰু তেজা
  18. কটা যোৱা নাক,খাৰণী দি ঢাক
  19. তীখৰ আৰু চুটিবাই
  20. চম্পাৱতী
  21. জৰদগৱ ৰজাৰ উপাখ্যান
  22. পানেশৈ
  23. জোঁৱাইৰ সাধু
  24. কুকুৰীকণা
  25. ভেকুলীৰ সাধু
  26. তাৱৈয়েকৰ সাধু
  27. লট্‌কন
  28. লখিমী তিৰোতা
  29. দুই বুধিয়ক
  30. কাঞ্চনী