জৰদগৱ ৰজাৰ উপাখ্যান

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
জৰদ্‌গব ৰজাৰ উপখ্যান
লেখক লক্ষ্মীনাথ বেজবৰুৱা
Wikimedia-logo.svg আৰু চাওক প্ৰবন্ধ.
বুঢ়ী আইৰ সাধুৰ একবিংশ গল্প

এঠাইৰ এজন পণ্ডিতে এজন ছাতৰৰে সৈতে দেশ চাবলৈ ওলাই গ’ল| তেওঁলোক গৈ এক ৰজাৰ এখন নগৰ পালেগৈ| তেওঁলোকে দেখিলে যে সেই নগৰত জহা চাউলৰ দাম সেৰে দুই পইচা, উখুৱা, আহু চাউলৰ সেৰে দুই অনা, ঘিঁউৰ সেৰে চৰতীয়া আৰু তেলৰ সেৰে এটকা| পণ্ডিতে ছাতৰক ক’লে, ”বোলে আমাৰ ইয়াতেহে কিছুদিন থকা ভাল|” এইবুলি তেওঁলোকে এঘৰত থাকিবলৈ ঠাই ল’লে|

এদিন ৰজাৰ হাউলিৰ ওচৰৰে এঘৰ মানুহৰ ঘৰত চোৰে সিন্ধি দি চুৰি কৰিছিল| সি চুৰ কৰি ওলাই যাব খোজোতেই গৃহস্থৰ হাতত ধৰা পৰিলত, গৃহস্থই তাক বান্ধি আনি অজাৰ আগত হাজিৰ কৰিলেহি| ৰজাই পাত্ৰ-মন্ত্ৰী সকলোৰে বৰ চ’ৰাত বিচাৰ কৰিবলৈ বহি অনেক ভাবি ভাবি পালে যে সিন্ধিটো ডাঙৰ নোহোৱাহেঁতেন চোৰটো তাত সোমাব নোৱাৰিলেহেঁতেন| ইয়াকে ভাবি ৰজাই চোৰক সুধিলে, ”হেৰ চোৰ, তই সিন্ধিটো কিয় ডাঙৰ কৰিছিলি?” চোৰে উত্তৰ দিলে, ”স্বৰ্গদেউ কাটক বা মাৰক মোৰ চিপ্‌ৰাংখন ডাঙৰ আছিল সেইদেখি তাৰে খান্দোতে সিন্ধিটো ডাঙৰ হৈ পৰিল|” এই উত্তৰ শুনি ৰজাই ক’লে, ”ওঁ হয়তো, চোৰৰ গাত কি দায়? কটা কমাৰে চিপ্‌ৰাংখন ডাঙৰকৈ কিয় গঢ়িছিল? ধৰ কমাৰক| আন কমাৰক| আন তাক পাছলৈ বান্ধ দি মোৰ আগলৈ|” ৰজাৰ হুকুম শুনি তেতিয়াই টেকেলা গৈ কমাৰক বান্ধি আনি ৰজাৰ আগত হাজিৰ কৰিলেহি| ৰজাই সুধিলে, ”হেৰ কমাৰ, তই কিয়নো চিপ্‌ৰাংখন ডাঙৰকৈ গঢ়িছিলি? যদি ডাঙৰকৈ নগঢ়িলিহেঁতেন তেন্তেই চোৰে কেতিয়াও সিন্ধিটো ডাঙৰকৈ খান্দি সোমাই বস্তু চুৰ কৰিব নোৱাৰিলেহেঁতেন|’ কমাৰে ৰজাৰ আগত আঁঠু লৈ ক’লে, ”স্বৰ্গদেউ, সুধি কাটিলে কটা নাযাওঁ, নুসুধি কাটিলেহে কটা যাওঁ|” ৰজাই ক’লে, ”বাৰু সুধিছোঁ, তোৰ কি ক’বলৈ আছে ক? নহ’লে তোক আজি শূলত দিম|” কমাৰে মাত লগালে, ”স্বৰ্গদেউ, মই চিপ্‌ৰাংখন গঢ়ি থাকোঁতে স্বৰ্গদেউৰ বান্দীজনী মোৰ আগেদিয়েই লচ্‌লচ্‌ কৰে লৰ মাৰিছিল| তাইৰ ফালে মোৰ চকু গ’লত চিপ্‌ৰাংখনত এটা কোব বেছিকৈ পৰিল|” ৰজাই কমাৰৰ কথা শুনি ক’লে, ”কথাটো সঁচা, তোৰ গাত দোষ নাই| তাই বেটী সেই সময়ত তোৰ আগেদিয়েই বা কিয় গৈছিল? ধৰ তাইক| আন তাইক| ৰজাৰ মুখৰ পৰা এই হুকুম ওলোৱা মাত্ৰকতে টেকেলাই গৈ ৰজাৰ বান্দীজনী ধৰি আনিলে| ৰজাই বান্দীজনীক সুধিলে, ”হেৰ’ তই সঁচাই বুলিছনে? কমাৰে চিপ্‌ৰাংখন গঢ়ি থাকোঁতে তই তাৰ আগেদি কিয় লৰ মাৰিছিলি?”

বান্দীয়ে হাতযোৰকৈ ক’লে, ”দেউতা, বেটীক মাৰকেই বা কাটকেই নকৈ নোৱাৰোঁ, আই দেউতাৰ ল’ৰা পাবৰ হৈছিল দেখি মই বেজিজনীক মাতি আনিবলৈ লৰি গৈছিলোঁ|” ৰজাই বোলে ”কথাটো হয়, এইৰ গাত দোষ নাই; মোৰ ল’ৰাৰ গাতহে দোষ| সিনো এই সময়ত উপজিবলৈ ওলাইচিল কিয়? আন মোৰ ল’ৰাক ধৰি|” ৰজাৰ হুকুমত ৰজাৰ কণমান কোঁৱৰক আগলৈ লৈ অহা হ’ল| ৰজাই কোঁৱৰক সুধিলে, ”হেৰ তই এইখিনি সময়ত কিয় উপজিবলৈ ওলাইছিলি?” কেঁচুৱা কোঁৱৰে একো উত্তৰ দিব নোৱাৰি মনে মনে থকা দেখি ৰজাই কোঁৱৰক শূলত দিবলৈ হুকুম দি ক’লে, ”হ’লেই বা মোৰ ল’ৰা, মই ৰজা, মই ধৰ্মৰ অৱতাৰ, মই কেতিয়াও অন্যায় বিচাৰ কৰিব নোৱাৰোঁ| এতেক ন্যায় বিচাৰ কৰি মোৰ ল’ৰাকে শূলত দিম|” ৰজাৰ ল’ৰাক শূলত দিবৰ হুকুম হ’লত মন্ত্ৰীয়ে ভাবিলে, ”বৰ ব্য়া কথা হ’ল| এটা বুধি কৰি ইয়াক এৰুৱাব লাগিব|” ইয়াকে ভাবি মন্ত্ৰীয়ে ৰজাক ক’লে, ”স্বৰ্গদেউ, এই কেঁচুৱা ল’ৰাটিক শূলত নধৰে| গাই-গাৰিয়ে শকত এটা ডাঙৰ মানুহ হ’লেহে শূলত ভালকৈ বহুৱাব পৰা যাব|” ৰজাই মন্ত্ৰীৰ কথা শুনি হুকুম দিলে, ”মোৰ ৰাজ্যত যি গায়ে-গাৰিয়ে শকত ডাঙৰ মানুহ আছে, তাকে ধৰি আনি মোৰ কোঁৱৰৰ সলনি শূলত দিয়া হওক|” মন্ত্ৰীয়ে নগৰত ডাঙৰ গাৰে মানুহ এটা বিচাৰিবলৈ টেকেলা পঠিয়াই দিলে|

ইফালে পণ্ডিত আৰু তেওঁ ছাতৰে ৰজাৰ নগৰত থাকি সস্তা জহা চাউলৰ ভাত আৰু ঘিঁউ খাই গায়ে-গাৰি্য়ে ডাঙৰ হৈ পৰিছিল| পণ্ডিত ক’ৰবালৈ ওলাই গৈছিল| এনেত ৰজাৰ মানুহে ছাতৰকে গায়ে-গাৰিয়ে শকত দেখি ধৰি লৈ গুচি আহিল| পণ্ডিত ঘৰলৈ উভতি আহি ছাতৰক নেদেখি সি ক’লৈ গ’ল আক-তাক সুধি জানিলে যে ৰজাৰ মানুহে তাক শূলত দিবলৈ লৈ গ’ল| এই কথা শুনি পণ্ডিত ৰজাৰ ঘৰ ওলালগৈ| ৰজাক পণ্ডিতে আশীৰ্বাদ কৰিলত ৰজাই তেওঁক কোন বুলি সুধিলে| পণ্ডিতে ক’লে, ”মই পণ্ডিত, হাত চাব জানো আৰু গণি-পঢ়ি ভূত-ভৱিষ্যত সকলো কথা ক’ব পাৰো|” ৰজাই নিজৰ আৰু ৰাণীৰ হাত দেখুৱালত গণকজনে নানা ভাল কথা কৈ ৰজাক সন্তুষ্ট কৰিলে| এনেতে ৰজাই ক’লে, ”কাইলৈ ৰাতিপুৱা এটা মানুহ শূলত দিয়া হ’ব, তাৰ বিষয়ে তুমি কি ক’ব পাৰা?” এই কথা শুনি পণ্ডিতে অনেক গণি-পঢ়ি চাই ক’লে, ”উ: মহাৰজা! তাৰ কপালখন বৰ বলী| কাইলৈ সেই সময়ত যি মানুহক শূলত দিয়া যাব সেই মানুহেই তত্‌ক্ষণাত্‌ স্বৰ্গ পাই স্বৰ্গৰ ৰজা হ’ব|” ৰজাই এই কথা শুনি জঁপিয়াই উঠি ক’লে, ”মই থাকোঁত ক’ৰ কুকুৰধুলি মানুহ এটা স্বৰ্গৰ ৰজা হ’বগৈহে? এনে কথা মই ক্তিয়াও হ’বলৈ দিব নোৱাৰো|” এই বুলি ৰজাই তেতিয়াই মন্ত্ৰীক মতাই আনি হুকুম দিল যে ”সেই ডাঙৰ মানুহটোক এতিয়াই এৰি দিয়া আৰু কাইলৈ মইহে শূলত উঠিম| আন কোনো উঠিব নোৱাৰে|” যেনে হুকুম তেনে কথা হ’ল| পিছ্দিনা জৰদ্‌গব ৰজাক শূলত দিয়া হ’ল|