বুঢ়া-বুঢ়ী আৰু শিয়াল

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
বুঢ়া-বুঢ়ী আৰু শিয়াল
লেখক লক্ষ্মীনাথ বেজবৰুৱা
Wikimedia-logo.svg আৰু চাওক প্ৰবন্ধ.
বুঢ়ী আইৰ সাধুৰ নৱম গল্প

এহাল বুঢ়া বুঢী আছিল| এদিন বুঢ়াই কিছুমান কচু আনি ৰুবলৈ ধৰিছে, এনেতে কেইটামান শিয়ালে আহি বুঢ়াক মাত লগালে, ”ককা, আপুনি কচু কেঁচাই ৰুইছে নে সিজাই ৰুইছে?” বুঢ়াই উত্তৰ দিলে, ”বোপাহঁত, মই কচু কেঁচাই ৰুইছোঁ|” শিয়ালবোৰে বুঢ়াৰ কথা শুনি বুঢ়াক ক’লে, ”ককা, আপুনি কচু ৰুব জনা নাই; কচুবোৰ আগেয়ে সিজাই লওক| আৰু য’ত ৰুব গাঁত একোটা দি ঢাকি থৈ যাওক, দেখিব ৰাতিৰ ভিতৰতে একোজোপা ডাঙৰ ডাঙৰ কচু গছ হৈ আছে|” সিহঁতৰ কথা শুনি বুঢ়াই ক’লে, ”বাৰু মোৰ বোপাহঁত, তহঁতৰ কথামতেই মই কচু ৰুম|”

গধূলি বুঢ়াই এটাইবোৰ কচু সিজাই শিয়ালৰ বুধিমতেই ৰুই থলে| ৰাতি শিয়ালবোৰে আহি সিজোৱা কচুবোৰ আনন্দ কৰি খাই গুচি গ’ল| পিছদিনা বুঢ়াই ৰাতিপুৱাই কচুবাৰীত কচু চাবলৈ গৈ দেখে যে কচু এটাও নাই| তেতিয়া বুঢ়াই শিয়ালৰ ফাঁকিটো বুজিব পাৰি লাজতে তল-মূৰকৈ বহিল|

ইয়াৰ কিছুদিনৰ পিছত বুঢ়াই এটা বুধি সাজি বুঢ়ীক ক’লে, ”বুঢ়ী, আজি তই মোৰ গাত কিছুমান লালী-গুড় ঢালি থ| গুড়ৰ গোন্ধ পাই যেতিয়া জাকে জাকে মাখি আহি মোৰ গাত পৰিব, তেতিয়াই তই ইনাই-বিনাই বুঢ়া মৰিল বুলি কান্দিবি| তোৰ কান্দোন শুনি শিয়ালবোৰে ওচৰ চাপি আহি কি হৈছে বুলি তোক সুধিলেই তই সিহঁতক বুঢ়া মৰিল বুলি কৈ মোৰ ঘৰৰ ভিতৰৰ পৰা উলিয়াই লৈ গৈ খাবলৈ কবি| মোৰ ওচৰতে টাঙোন এডাল লুকাই থ’বি| সিহঁতে মোক উলিয়াই নিবলৈ ঘৰৰ ভিতৰ সোমালেই তই লাহেকৈ দুৱাৰখন জপাই দিবি, দিলেই মই গিৰিস্‌ কৰে উঠি টাঙোনডাল লৈ সিহঁতক কোবাই মাৰিম|” বুঢ়াৰ কথামতেই বুঢ়ীয়ে কৰিলত শিয়ালবোৰে বুঢ়ীক সুধিলেহি, ”আই কান্দিছ কিয়? কি হৈছে?” বুঢ়ীয়ে ক’লে, ”বোপাহঁত, আজি আমাৰ বুঢ়াটো ঢুকাল সেইবাবে কান্দিছো| তহঁতে পাৰ যদি বুঢ়াক বাহিৰলৈ উলিয়াই নি খাগৈ| বুঢ়ীৰ কথা শুনি শিয়ালবোৰে ৰং মনেৰে বুঢ়াক নিবলৈ বুলি ঘৰৰ ভিতৰ সোমালত বুঢ়ীয়ে দুৱাৰখন মাৰি পেলালে আৰু বুঢ়াই একেচাবেই উঠি টাঙোনডাল হাতত লৈ শিয়ালবোৰক মৰিয়াই মাৰিলে; মাত্ৰ সিহঁতৰ ভিতৰত চাৰিটা শিয়াল কেনেবাকৈ পলাই সাৰিল|

কেইদিনমানৰ মূৰত এদিন বুঢ়ীয়ে ক’লে, ”মই ভালেমান দিন শিয়ালৰ ভয়ত ক’লৈকো ওলোৱা নাই; জী-জনীৰ ঘৰলৈ গৈ এবাৰ তাইক চাই আহোঁগৈ বুলিছোঁ; মনটো বেয়া লাগি আছে|” বুঢ়াই ক’লে, ”বুঢ়ী, তই গ’লে বাটাত শিয়ালবোৰে তোক অকলৈ পাই খাই পেলাব|” বুঢ়ীয়ে ক’লে, ”নোৱাৰে খাব, যাম কোনো মতে|” এইবুলি জীয়েকৰ ঘৰলৈ গ’ল| বাটত শিয়ালবোৰে বুঢ়ীক অকলৈ পাই বেঢ়ি ধৰি ক’লে, ”বুঢ়ী, তোক আজি আমি নেৰো, খাম|” বুঢ়ীয়ে উত্তৰ দিলে, ”খাব খুজিছ খাবি, কিন্তু আহি মই ভালেমান দিন মোৰ ছোৱালীজনী দেখিবলৈ পোৱা নাই, মনটো কেনেবা লাগি আছে| সেইদেখি মৰিবৰ আগেয়ে তাইক এবাৰ চাই লওঁ বুলি আহিছো| মই উভতি আহোঁতে তহঁতে মোক খাবি|” শিয়ালে ক’লে, ”যদি উভতি নাহ তেন্তে?’ বুঢ়ীয়ে উত্তৰ দিলে, ”বুঢ়াক এৰিনো মই নহাকৈ কেনেকৈ থাকিম, মোৰ বোপাহঁত| মই সইত খাই কৈছোঁ, এই বাটেদিয়ে মই সোনকালে উভতি আহিম| আৰু তহঁতে মোক যি কৰ কৰিবি|’’ বুঢ়ীৰ কথা পতিয়াই সিহঁতে বুঢ়ীক এৰি দিলত, বুঢ়ী জীয়েকৰ ঘৰ পালেগৈ| জীয়েকৰ ঘৰত কিছুদিন খাই লৈ থাকি বুঢ়ীয়ে উভতি আহিবলৈ ধৰি জীয়েকক শিয়ালবোৰেৰে সৈতে হোৱা সকলো কথা ক’লত জীয়েকে মাকক ক’লে, ”আই, মোৰ ঘৰত এটা ডাঙৰ লাওৰ খোলা আছে| তুমি তাৰ ভিতৰত সোমাই বাগৰি ঘৰ পাবাগৈ; শিয়ালে তোমাক নেদেখে|’ বুঢ়ীয়ে জীয়েকৰ বুধিমতে লাওৰ খোলাটোত সোমাই বাটে বাটে বাগৰি গৈ আছে, এনেতে শিয়ালবোৰে দেখি কোৱাকুই কৰিবলৈ ধৰিলে, ”এইটো বৰ আচৰিত কথা, লাওৰ খোলাটো কেনেকৈ বাগৰি যাব লাগিছে| ই নিশ্চয় লাও নহয়, ইয়াৰ ভিতৰত কিবা আছে|” এইবুলি সিহঁতে লথিয়াই লাওৰ খোলাটো ভাঙি পেলালে| ভাঙিলত তাৰ ভিতৰৰ পৰা বুঢ়ী ওলাই পৰিল| সিহঁতে বুঢ়ীক দেখি আনন্দত ”খেক্‌ খেক্‌ হোৱা-হোৱা” কৰিবলৈ ধৰি ক’লে, ”বুঢ়ী তই আমাক ফাঁকি দি পলাই যাবলৈ ধৰিছিলি| এতিয়া কি হ’ব? আমি তোক এতিয়া খামহঁক|” বুঢ়ীয়ে উত্তৰ দিলে, ”কি কৰিম, খাব খুজিছ খাবি; কিন্তু মই মোৰ জীৰ ঘৰত এটা সুন্দৰ নতুন নাচ শিকি আহিছোঁ| মই মৰিলে মোৰ নাচটো মোৰ লগতে যাব; সেইদেখি মই সেই নাচটো নাচি তহঁতক দেখুৱাওঁ| তাৰ পিছত তহঁতে মোক খাবি|” বুঢ়ীৰ কথা শুনি সিহঁতে নাচ দেখাৰ লোভ সামৰিব নোৱাৰি সেই কথাতে মান্তি হ’লত বুঢ়ীয়ে ক’লে, ”মই নাম লগাই দিওঁ, তহঁতে হয় হয় কৰি যাবি তেহে আকৌ মোৰ ভালকৈ গাটো উঠৈব|” এইখিনিতে কওঁ যে বুঢ়ী লাওৰ খোলাটোৰ ভিতৰত থাকি বাগৰি বাগৰি ঘৰৰ ওচৰ পাওঁতেহে ধৰা পৰিছিল| বুঢ়ীৰ দুটা কুকুৰ আছিল| এটাৰ নাম আছিল ৰঙা, আনটোৰ নাম ক’লা| বুঢ়ীয়ে পাক দি নাচি নাচি নাম ধৰিলে, ”ৰঙা ঔচ! ক’লা ঔচ!” শিয়ালবোৰে মাতিলে, ”হয় হয়|” এইদৰে বাৰচেৰেক বুঢ়ীয় ”ৰঙা ঔচ! ক’লা ঔচ!” বুলিলত ৰঙা আৰু ক’লা কুকুৰ দুটা তাত লৰি ওলালহি| কুকুৰ দুটা দেখিয়েই শিয়ালবোৰে পিয়াপি দি পলাল আৰু তেতিয়া আমাৰ বুঢ়ী ঘৰলৈ গুচি আহিল| আমাৰো কাপোৰ-কানি ক’লা হ’লত আমিও গুচি আহিলোঁ|