এজনী মালিনী আৰু এজোপা ফুল
অৱয়ব
এক মালিনী আছিল। তাই বৰ যতনকৈ এজোপা ফুল-গছ ৰুইছিল। তাই সেই গছজোপা দিনৌ ইমান পতি কৰে, তথাপি তাত ফুল নুফুলে। সেইদেখি এদিন তাই ফুলগছজোপাক সুধিলে-”অ’ গছ, অ’ গছ ফুল নুফুল কিয়?” গছে উত্তৰ দিলে-”মই যে ফুলিব লাগে, গৰুৱেনো মোৰ আগ খায় কিয়?” তেতিয়া মালিনীয়ে গৰুৰ ওচৰলৈ গৈ গৰুক সুধিলে-”অ’ গৰু, অ’ গৰু ফুলগছৰ আগ খাৱ কিয়?”
গৰু | : | ”গৰখীয়াই যে গৰু নাৰাখে, মই বা নাখাম কিয়?” |
মালিনী | : | ”অ’ গৰখীয়া, অ’ গৰখীয়া গৰু নাৰাখ কিয়?” |
গৰখীয়া | : | ”ৰান্ধনীয়ে যে ভাত নিদিয়ে, মই বা ৰাখিম কিয়?” |
ৰান্ধনী | : | ”খৰিকটীয়াই যে খৰি নিদিয়ে, মইনো দিম কিয়?” |
মালিনী | : | অ’ খৰিকটীয়া, অ’ খৰিকটীয়া খৰি নিদিয় কিয়?” |
খৰিকটীয়া | : | ”কমাৰে যে কুঠাৰ নিদিয় মইনো দিম কিয়?” |
মালিনী | : | ”অ’ কমাৰ, অ’ কমাৰ, কুঠাৰ নিদিয় কিয়?” |
কমাৰ | : | ”এঙাৰীয়াই যে এঙাৰ নিদিয়ে মইনো দিম কিয়?” |
মালিনী | : | ”অ’ এঙাৰীয়া, অ’ এঙাৰীয়া এঙাৰ নিদিয় কিয়?” |
এঙাৰীয়া | : | ”মই যে এঙাৰ দিব লাগে, মেঘেনো বৰষুণ দিয়ে কিয়?” |
মালিনী | : | ”অ’ মেঘ অ’মেঘ বৰষুণ দিয় কিয়?” |
মেঘ | : | ”ভেকুলীয়ে যে টোৰ্টোৰায় মইনো নিদিম কিয়?” |
মালিনী | : | ”অ’ ভেকুলী অ’ভেকুলী টোৰ্টোৰাৱ কিয়?” |
ভেকুলী | : | ”বোপা-ককাৰ ৰীতিটো মইনো এৰিম কিয়? মই কৰোঁ টোৰ্ টোৰ্, মেঘ গাজে ঘোৰ ঘোৰ, বৰষুণ আহে আহে হোৰ্ হোৰ।” |