কটা যোৱা নাক,খাৰণী দি ঢাক

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
কটা যোৱা নাক, খাৰণী দি ঢাক
লেখক লক্ষ্মীনাথ বেজবৰুৱা
Wikimedia-logo.svg আৰু চাওক প্ৰবন্ধ.
বুঢ়ী আইৰ সাধুৰ গল্প

এক ৰজাৰ সাতোটা কোঁৱৰ আছিল আৰু কোঁৱৰটোৱে প্ৰতি একোজনীকৈ কুঁৱৰী আছিল। কুঁৱৰীহঁতে সদায় গধূলি ভাত-পানী খোৱাৰ সময়লৈকে একেখন মজিয়াতে বহি সূতা কাটে আৰু তাত ভাৰস্তৰ কথা-উজাৰি মনৰ ভাগৰ পলুৱায়। যঁতৰৰ কেৰ্কেৰণিৰ লগে লগে সিহঁতৰ শাক-খোৱা, ভাত-খোৱা, মাছ-খোৱা সকলো কথাই ওলাই পৰে।

চ’ত মাহ পৰিল। আজিৰ বাজে কাইলৈ ব’হাগ বিহু। বৰ বিহুৰ দিনা গা-পা ধুই আহি চোতালত থিয় হোৱা নিজৰ ল’ৰা-ছোৱালীক আৰু গিৰীয়েকক অতি কমেও এডুখৰি নিজে বোৱা ন-কাপোৰ সিহঁতে নিদিলেই নহয়, মিতিৰ-কুটুম, লা-লগুৱাবোৰৰতো কথাই নাই। সেইদেখি কুঁৱৰীহঁতৰ গাত তৰণিয়েই নাই- কেনেকৈনো ফুলাম গামোচা বওঁ, কেনেকৈ এখন মিহি সূতাৰ চুৰিয়া বওঁ, কেনেকৈ এখন চেলেং বওঁ, এইবোৰ ভাবিয়েই সিহঁত অস্থিৰ। সিহঁতে দিনৰ দিনটো তাঁত বৈ ৰাতি এপৰলৈকে পাঁজি বাটে, সূতা কাটে, মহুৰা ফুৰায়।

আজি সাতোজনী কুঁৱৰীয়ে নিজৰ নিজৰ যঁতৰ আগত লৈ কোনোৱে বা দীঘৰ, কোনোৱে বা বাণিৰ সূতা কাটিছে। বিহু পালেহিয়েই বুলিব লাগে। বৰজনীয়ে মাজুজনীক মাত লগালে, ”ৰুকুণীৰ মাক তই এইবাৰ বিহুৰ কেইদিন আগেয়ে মাৰৰ ঘৰলৈ যাবি? মই হ’লে উৰুকাৰ দিনাহে যাম, মোৰ বহুতো লেঠা, তাৰ আগেয়ে মাৰি অঁতাব নোৱাৰিম। তাৰ উপৰিও ল’ৰা-ছোৱালী এমখা লৈ আইৰ ঘৰতনো কিমান দিন থাকিমগৈ, ভাল নেলাগে চোন। তহঁত তিনি-চাৰি দিনৰ আগেয়ে যাঁহক আই হেৰেই, মই আগেয়ে ল’ৰা-ছোৱালীৰ মাইকী নোহোৱাত দহ-বাৰ দিনৰ আগেয়েই গৈছিলোঁ। আৰু আমাৰ সেইদিন নাই, আমাৰ খোলা উঠিল।” ৰুকুণীৰ মাকে ক’লে, ”এৰা বাই, মোৰো চোন একে গতিয়েই; তোমাতকৈ অলপহে কম। তেও মই দুদিনৰ আগেয়ে যাম। তই কেইদিনৰ আগেয়ে যাবি গঙাইৰ মাক?” গঙাইৰ মাকে উত্তৰ দিলে, ”মই তিনিদিনমানৰ আগেয়ে যাম বুলি ভাবিছোঁ।” গঙাইৰ মাকৰ পিছৰজনীয়ে ক’লে, ”মই হ’লে চাৰিদিনৰ আগেয়ে যাম ; আৰু একেবাৰে গা খালি হ’লেহে আহিম। গোসাঁয়ে দোমাহীৰ যোৰাত একো বিঘিনি নঘটালেই ভাল হয়। উস্‌ মোৰ সোণামুৱা থকাহেঁতেন! সি মোমায়েকৰ ঘৰত কি ৰঙেৰেই বিহু খাবলৈ গ’লহেঁতেন। কণা গোসাঁইৰ মোতেহে চকু পৰিল।” এনেতে ধনঞ্জয়ৰ মাকে মাত লগালে, ”মই পাঁচদিনৰ আগেয়ে যাম।” সৰু মাজিউজনীয়ে টপৰাই মাতিলে, ”ময়ো পাঁচদিনৰ আগেয়েহে যাম, আৰু মোমায়েকৰ ঘৰতে মোৰ চন্দ্ৰৰ মুখত ভাত দিম।”

এটাইকেউজনীয়ে এইদৰে কথা পাতিছে, কিন্তু এটাইতকৈ সৰুজনীয়ে একো নামাতি তললৈ মূৰ কৰি সূতা কাটি আছে আৰু একোটা হুমুনিয়াহ কাঢ়িছে। ইয়াকে দেখি মাজুজনীয়ে চেনেহৰ মাতেৰে ক’লে, ”আমাৰ সৰু জাক মোৰ লগতে আইৰ ঘৰলৈ লৈ যাম দিয়া।” এই কথা শুনি সৰু জাকে ক’লে,” নেলাগে বাই, মই ইয়াতে শাহুৱে যি দিয়ে, শাকেৰেই হওক বা শোকোতাৰেই হওক, বিহু খাম, ক’লৈকো নাযাওঁ বাই।” এই কথা শুনি বৰজনীয়ে ক’লে, ”কিয়নো নেযাৱ আই হেৰে? তোৰ মাৰ নাই, বাপেৰ নাই, ককায়েৰ নাই, ভায়েৰ নাই, নাইতো নাই কোনোৱে নাই, আমি এটাইকেইজনীয়ে আই-বোপাইৰ ঘৰলৈ বিহু খাবলৈ যাম, তইনো অকলে ইয়াত থাকিবিনে? গোসাঁয়ে যেতিয়া তোক এনেকুৱা নিঠৰুৱা কৰিছে, কি কৰিবি মোৰ আই? বেজাৰ কৰিলে কি হ’ব" তোক ইয়াতে অকলৈ এৰি যাবলৈ আমাৰ বৰ বেয়া লাগিব।”

কাইলৈ ব’হাগৰ বিহু, আজি উৰুকা। বাটে-পথে মানুহ হো-হো কৰে আহিছে, হো-হো কৰে গৈছে, কাৰো গাত তত-ভত নাই। গৃহস্থৰ ঘৰৰ বোৱাৰী জীয়ৰী মাকৰ ঘৰলৈ যোৰাই যোৰাই যাব লাগিছে। এনেতে আবেলি এটা লহঙা মানুহে ৰজাৰ হাউলি সোমাই ৰজাৰ ঘৈণীয়েকক মাত লগাই ক’লে, ”আমৈ মই আমাৰ আইটীক নিবলৈ আহিছোঁ। ৰাণীয়ে আচৰিত মানি চকু থিয়কৈ সুধিলে, ”কাক?” সি উত্তৰ দিলে, ”আপোনাৰ সৰুজনী বোৱাৰীয়েকক।” ৰাণীয়ে ক’লে, ”তাইৰতো কোনো নাই। তই আকৌ ক’ৰপৰা ওলালিহি?” সি ক’লে, ”নহয় আমৈ, মই সৰুতে আই-বোপাইৰ লগৰ পৰা গৈ মোমাইৰ ঘৰত আছিলোগৈ। পিছে আই-বোপাই ঢুকালত, মই তাৰপৰা বস্তু-বেহানি সোপাকে লৈ গৈ মোমাইৰ গাঁৱতে ন-কৈ ঘৰ-বাৰী সাজি বিয়া-বাৰু কৰাই থিতাপি লৈ আছোঁ। কাইলৈ বিহু, সেইদেখি মই মোৰ ভনীটিক লৈ যাবলৈ আহিলোঁ। ক’তনো আছে?” ৰাণীয়ে উত্তৰ দিলে, ”ভিতৰত আছে আহিব এতিয়া। হওঁতে যাদি সঁচাহে বৰ ভাল কথা। আন এটাইকেইজনী বোৱাৰী মাকহঁতৰ ঘৰলৈ গ’ল। এইজনী যাবলৈ ঠাই নাই বুলি মই মনতে অসন্তোষহে কৰি আছোঁ।”

এনেতে ভিতৰৰপৰা সৰু বোৱাৰীয়েক ওলাই আহিল। শাহুৱেকে বোৱাৰীয়েকক সকলো কথা ক’লত বোৱাৰীয়েক আচৰিত হ’ল। তাই কোনোমতেই তাইৰ ককায়েক এটা আছে বুলি স্বীকাৰ নকৰে আৰু তাৰ লগত যাবলৈ মান্তি নহয়। কিন্তু সেই মানুহটোৱে নানা ছলাহী কথাৰে মিঠা মিঠাকৈ মৰমলগাই নানা কথা কোৱাত শাহুৱেকে তাৰ কথা পতিয়াই বোৱাৰীয়েকক যাবলৈ কোৱাত বোৱাৰীয়েকে যাওঁ-নাযাওঁকৈ অন্তত তাৰ লগত গ’ল।

সিহঁত দুয়ো গৈ বহুত পৰৰ পিছত এখন হাবিৰ ভিতৰ সোমাই এটা ঘৰ পালেগৈ। সেই ঘৰটোত সি সৰু কুঁৱৰীক সুমাই ক’লে, ”এইটো মোৰ ঘৰ। কাইলৈ তোৰ লগত মোৰ বিয়া হ’ব। এতিয়া তই ইয়াতে খাই-বৈ শুই থাক।” এইবুলি সি বুঢ়ী এজনী মাতি ”আই, তই এইক চাবি, মই বিয়াৰ বস্তু গোটাবলৈ যাওঁ” বুলি কৈ গুচি গ’ল। কুঁৱৰীয়ে এতিয়াহে ভালকৈ বুজিব পাৰিলে যে তাইক চোৰে পালে। ভয়ত কুঁৱৰীৰ জ্বৰ-ঘামে ঘামিবলৈ ধৰিলে, মূৰ আচন্দ্ৰাই কৰিবলৈ ধৰিলে, থিয় হৈ থাকিব নোৱাৰি তাই বহি পৰিল। এনেতে এজনী বুঢ়ীয়ে মাত লগালে, ”উঠা মোৰ আই, ভয় নাখাবা, বেজাৰ নকৰিবা। ৰজাৰ ঘৰতকৈও তুমি মোৰ পোৰ ঘৰত ভালকৈ সুখেৰে খাই-মেলি থাকিব পাৰিবা। উঠি দুটামান ভাত খোৱাহি, মই ভাত ৰান্ধি থৈছোঁ।” বুঢ়ীৰ কথা শুনি কুঁৱৰীয়ে মনটো অলপ ডাঠ কৰি মাত লগালে, ”বুঢ়ী আই, তুমি কোন?” বুঢ়ীয়ে উত্তৰ দিলে, ”মই তাৰ মাক হওঁ। সি মোৰ পো। আমি চহকী আৰু ভাল কুলীয়া মানুহ। সি গাঁৱৰপৰা, নগৰৰ পৰা ধন-সোণ লুতি-পুটি আনি মোৰ ঘৰ ভৰাই থৈছে, কিন্তু আজিলৈকে বিয়া কৰোৱা নাই। সিদিনা সি ৰজাৰ ঘৰত চুৰ কৰিবলৈ গৈছিল। তাতে বেৰৰ জলঙাইদি তাৰ নাকতো সুমাই তোমালোক আটাইকেইজনী কুঁৱৰীৰ কথা-বাৰ্তা শুনি আছিল। তাতে তুমি হেনো তোমাৰ কোনো নাই বুলি কৈ কান্দিছিলা, সেইদেখি সি তোমাক বুধি কৰি আনিছে। সি তোমাক বিয়া কৰাব। আজি সি গাঁৱলৈ গৈছে, তোমাৰ বিয়ালৈ বয়-বস্তু আনিবলৈ। কাইলৈ উভতি আহিব। আই, তুমি বেজাৰ নকৰিবা, তোমাৰ মহা সুখ হ’ব।” এইবুলি বুঢ়ীয়ে কুঁৱৰীক বুজাই ভাত খাবলৈ আনি দিলে। কুঁৱৰীয়ে কিন্তু ভাত হাতেৰে নুচুলে। ৰাতিটো কুঁৱৰী বুঢ়ীৰে সৈতে একেলগে থাকিল। কিন্তু ৰাতিপুৱাই বুঢ়ীক শোৱা চালপীৰাতে কট্‌কটীয়াকৈ বান্ধি থৈ তাৰ ঘোঁৰাশালৰপৰা ভাল তেজী ঘোঁৰা এটা মেলি লৈ ঘোঁৰাত উঠি ফাইদাং মাৰিলে। কুঁৱৰীয়ে ঘোঁৰাত উঠি ঘোঁৰা চেকুৰাই আহোঁতে বাটৰ এঠাইত দেখিলে যে সেই মানুহটো এজোপা গছৰ তলত বহি আছে। সি দূৰৈৰপৰা কুঁৱৰীক দেখি, ঘোঁৰাত উঠি ৰজাৰ চিপাহী আহিছে বুলি ভাবি সাউত্‌কৰে উঠি হাবিৰ মাজত সোমালগৈ। কুঁৱৰীয়ে সেই গছৰ তল পাই দেখিলে, যে গছৰ গুৰিতে কিছুমান বাখৰপতোৱা সোণৰ অলঙ্কাৰ পৰি আছে, মানুহটোৱে লৰালৰিকৈ উঠি পলাই যোৱা বাবে সেইবোৰ লৈ যাব নোৱাৰিলে। কুঁৱৰীয়ে সেই অলঙ্কাৰবোৰ বুটলি লৈ ঘোঁৰা চেকুৰাই ৰজাৰ হাউলি পালত, সকলোৱে দেখি আচৰিত মানিলে। কুঁৱৰীয়ে তেতিয়া সকলোবোৰ কথা আগৰ পৰা গুৰিলৈকে ভাঙি ক’লত সকলো অবাক হ’ল।

মানুহটোৱে তাৰ ঘৰলৈ গৈ কুঁৱৰী পলাই যোৱা দেখি মাকৰ বান্ধ মোকোলাই দি তেতিয়াই ৰজাৰ নগৰৰ ফালে আহিল। গধূলি সৰু বোৱাৰীয়েকে শাহুয়েকৰে সৈতে কথা পাতি থাকোঁতে সি আকৌ আগৰ দৰে বেৰৰ জলঙাইদি নাকটো সুমাই কথা শুনি আছিল। চতুৰ সৰু কুঁৱৰীয়ে তাৰ কথা গম পাই লাহেকৈ উঠি গৈ খুৰ এখন আৰু খাৰণীসতাৰপৰা খাৰণী এবাটি আনি সাউত্‌কৰে গৈ খুৰেৰে তাৰ নাকৰ আগটো বেৰেৰে সৈতে সমান কৰি দিলে আৰু ততালিকে তাত খাৰণীবাটি ঢালি ফকৰাৰে ক’লে-

  • কটা যোৱা নাক

খাৰণী দি ঢাক।”

চোৰে ”বোপাই ঐ! আই ঐ!” কৈ চিঞৰিবলৈ ধৰিলত ৰজাৰ পহৰীয়াই লৰি গৈ তাক ধৰি পেলালে। তেতিয়া সেইটো চোৰেই কুঁৱৰীক ফাঁকি দি লৈ গৈছিল বুলি কুঁৱৰীয়ে ক’লত ৰজাই তাক শূলত দিয়ালে।