বাঘ আৰু কেঁকোৰা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
বাঘ আৰু কেঁকোৰা
লেখক লক্ষ্মীনাথ বেজবৰুৱা
Wikimedia-logo.svg আৰু চাওক প্ৰবন্ধ.
বুঢ়ী আইৰ সাধুৰ সপ্তম গল্প

অতি পুৰণি কালত এঠাইত এটা বাঘ আছিল। সি চোং সলাই আন এখন চোঙলৈ যাওঁতেই এটা কেঁকোৰাৰ সৈতে তাৰ দেখা-শুনা হ’ল। কেঁকোৰাটোৱে বাঘক দেখি মিচিকিয়া হাঁহি মাৰি মাত লগালে, ”ককাই ক’লৈ যোৱা?” বাঘে কেঁকোৰাৰ হাঁহিমুখ দেখি ভাল পাই উত্তৰ দিলে, ”মই চোং সলাই আন এখন হাবিলৈ যাওঁ। তুমিনো ক’লৈ যোৱা?” কেঁকোৰাই ক’লে, ”মই কলৈকো নাযাওঁ, মোৰ ওচৰতে ঘৰ। মই অকলশৰীয়া জীৱ। মোৰ আগলৈকো চাবলৈ নাই, পিছলৈকে চাবলৈ নাই। বাঘেও ক’লে, ”মোৰো সেয়ে কথা, ময়ো অকলশৰীয়া নিৰাশ্ৰয় প্ৰাণী; মোৰো কেও কিছু নাই।” এইদৰে দুয়ো আলাপ কৰি দুয়ো দুয়োৰো ওচৰত ইমান সন্তুষ্ট হ’ল যে শেষত দুয়ো সখি পতাই সেই হাবিতে ওচৰা-ওচৰিকৈ কৰি থাকিল।

এইদ্দৰে কিছুদিন দুয়ো মিলাপ্ৰীতিৰে আছিল। বাঘে পহু মাৰি আনে, দুয়ো ভগাই মহাসুখেৰে খাই-মেলি থাকে। কেঁকোৰা বাঘৰ সহিয়েক দেখি আন হিংসুক জন্তুৱেও কেঁকোৰাৰ কোনো অপকাৰ কৰিবলৈ সাহ নকৰে। এদিন কেঁকোৰাই বাঘক ক’লে, ”সখি মঙহ খাই আৰু আমুৱালে, তোমাৰ আগত সঁচা কথা ক’বলৈ কি, মঙহ খাই মই লাহে লাহে পেটৰুগীয়া হৈছোগৈ। এতেকে আমি মাজে মাজে নিৰামহীয়া খাবৰো দিহা কৰিলে কেনে হয়? আমি খেতি কৰোঁ আহাঁ?” বাঘে উত্তৰ দিলে, ”খেতি কৰাটোনো কি টান কথা? তুমি ভাল দেখা যদি কৰোঁহক আহাঁ।” এইবুলি বাঘে কেঁকোৰাৰ কথাত হয় দিলত কেঁকোৰাই ক’লে, ”তেন্তে সখি তুমি গাঁৱলৈ গৈ ধানৰ পথাৰৰ পৰা কিছুমান কঠীয়া তুলি লৈ আহাঁ। মই হাবিৰ মাজৰ এই মাটিডোখৰকে চহাওঁ।” এইবুলি দুয়ো আলচ কৰি, কেঁকোৰাই মাটি খানিবলৈ লাগিল আৰু বাঘে লোকৰ পথাৰৰ পৰা মাণিকীমধুৰি ধানৰ কঠীয়া চুৰকৈ আনি সেই মাটিত ৰুবলৈ ধৰিলে।

কিছুমান দিনৰ ভিতৰতে সিহঁতৰ ধানে থোক মেলিলে। ধান দেখি সন্তোষ পাই কেঁকোৰাই বাঘক মাত লগালে, ”ধান জানিবা অৰ্জিলো, কিন্তু তাৰ সাৰথি পাচলি নহ’লে কি হ’ব? শুদা ভাত খামহঁক নেকেকৈ? এতেকে আমি শাক-পাচলিও আৰ্জিব লগা হ’ল। তুমি গাঁৱৰ পৰা লাই, লফা, চুকা, পালেং, মেমেধু, বাবৰিৰ পুলি কিছুমান লৈ আহাঁগৈ। বেঙেএনাৰ পুলি গোটাচেৰেকো আনিবলৈ নাপাহৰিবা। মই শাকনিবাৰীৰ মাটি চহাওঁ।” এইবুলি বাঘক শাক-পুলি আনিবলৈ পাচি দি কেঁকোৰাই মাটি খান্দিবলৈ লাগিল। বাঘ দুখোজমান যোৱাৰ পিছতে কেঁকোৰাই আকৌ ৰিঙিয়াই মাত লগালে, ”সখি মই ক’বলৈ পাহৰিছিলোঁ, জলকীয়াৰ পুলি গোটাচেৰেকো আনিবা, টেঙা দিয়া শাকৰ আঞ্জাৰে ভাত খাবলৈ জলকীয়া নহ’লে জুতি নালাগিব”। বাঘে ”হুঁ” বুলি আনিবলৈ গাত লৈ দীঘলকৈ দীঘল জাঁপ মাৰি গাঁৱৰফালে যাবলৈ ধৰিলে।

এইদৰে খেতি-বাতি কৰি দুয়ো বহি আছে। লাহে লহে আঘোণ মাহ পালেহি। ধান পকিবলৈ আৰম্ভ হৈছে, দাবৰ আয়োজন কৰি কেঁকোৰাই বাঘক সুধিলে, ”সখি মই আগ নিম।” এইবুলি কেঁকোৰাই ধানৰ আগ অৰ্থাত্‌ গুটি নিলে আৰু বাঘে গুৰি অৰ্থাত্‌ নৰা নিলে। তাৰ পিছত বেঙেনা ছিঙিবৰ হ’ল। বাঘে কেঁকোৰাক সুধিলে, ”সখি তুমি গুটি নিবা নে গছ নিবা?” কেঁকোৰাই গুটি নিম বুলি বেঙেনাৰ গুটি নিল, বাঘে গছ নিলে। এইদৰে খেতি সামৰি অঁতাই এদিন বাঘে নখোৱা পাতি কেঁকোৰাক নিমন্ত্ৰণ কৰিলে। ইপিনে বাহে ধানৰ গুৰি ৰান্ধিছে, বেঙেনা গছৰ শাক ৰান্ধিছে, ৰান্ধি কেঁকোৰাক খাবলৈ দিলে। কেঁকোৰাই সেইবোৰ কি খাব, অলপ ছুই গুচি আহিল। সি যি হওক, ইয়াৰ পিছতো কেঁকোৰাই সদায় তিনি তেলনি মাৰি বাঘৰ ঘৰত মঙহৰ আঞ্জাৰে ভাত খায়, কিন্তু এদিনো বাঘক তাৰ নিজৰ ঘৰলৈ খাবলৈ নামাতে। বাঘে এই কথা টং কৰি এদিন কেঁকোৰাক ক’লে, ”সখি, তুমি এদিনো মোক তোমাৰ ঘৰত খাবলৈ মতা নাই। এদিন ন-খোৱা পাতি মোক মাতা, তোমাৰ ঘৰতনো কেনে ৰন্ধা-বঢ়া হয়, মোৰ খাই চাবৰ মন গৈছে।” কেঁকোৰাই উত্তৰ দিলে, ”সখি তোমাক মোৰ ঘৰত খাবলৈ কিয় নামাতিম? মই ন-খোৱা পাতি তোমাক মাতিম মাতিম বুলি সদায় পাঙিয়েই আছোঁ, কিন্তু মোৰ ঘৰত ঠাই সঙ্কীৰ্ণ, তোমাক ক’ত বহুৱাম, ক’ত খুৱাম বুলিহে থেৰোগেৰোকৈ আছোঁ, সেইদেখি সেই কাম হৈ উঠা নাই। যি হওক, তুমি আহুকাল নাপালে কাইলৈ ৰাতিপুৱাৰ সাজ ভাতকে মোৰ ঘৰত খাবাগৈ। কি বোলা সখি? ন-খোৱা নামতহে। দুখীয়াৰ ঘৰত কাইলৈ ভৰিৰ ধূলি পেলাই শাকে-খাৰে এগাল খাই আহিবাগৈ মাথোন।” বাঘে উত্তৰ দিলে, ”নিশ্চয়, কাইলৈ তোমাৰ ঘৰত ন-খাবলৈ যাম।”

পিছদিনা পুৱা কেঁকোৰাই ন-খোৱা পাতি মাণিকী-মধুৰি জহা-চাউলৰ ভাত ৰান্ধিলে, বেঙেনাৰ খাৰ ৰান্ধিলে। বাঘে কেঁকোৰাৰ ঘৰত ন-খাবলৈ আহিল। কেঁকোৰাই বাঘক ক’লে, ”সখি, তুমি মোৰ গাঁতৰ ওচৰতে বহা, মই ভাত আঞ্জা উলিয়াই দি থাকো, তুমি খাই থাকা; তুমিতো আৰু মোৰ গাঁতৰ ভিতৰলৈ সোমাব নোৱাৰা। এইবুলি কেঁকোৰাই ভাত-আঞ্জা গাঁতৰ মুখলৈ উলিয়াই দিবলৈ ধৰিলে, আৰু বাঘে সলৌপ-সলৌপ কৰে খাবলৈ ধৰিলে। কেঁকোৰাৰ ভাতৰ চৰু সৰু, ভাত যি ৰন্ধা হৈছিল তাক দুমোকোৰাতে বাঘে ওৰ পেলালে, গতিকে কেঁকোৰাৰ ভয় হ’ল-সি ভাবিলে, বাঘৰ আশয় পাবলৈ নাই। খাবলৈ বহি তাৰ পেট নভৰিলে, মোৰ প্ৰতি তাৰ বন্ধুতা-কন্ধুতা সোপাই ক’ৰবালৈ যাব আৰু তাৰ খং উঠি সি মোক খাই পেলাব। এতেকে এটা বুদ্ধি কৰি ইয়াৰ হাতৰ পৰা সাৰিব লাগিব। ইয়াকে মনত পাঙি সি বাঘক ক’লে, ”সখি বাৰে বাৰে মই তোমালৈ ভাত কঢ়িয়াই মোৰ কঁকালৰ বিষে ধৰিছে, আৰু উঠিবই নোৱাৰো। তুমি তোমাৰ নেজডাল মোৰ গাঁতৰ ভিতৰলৈ সুমুৱাই দিয়া, তাতে মই ভাত-আঞ্জা বাটিয়ে বাটিয় বান্ধি দিওঁ, তুমি নি নি খাই থাকা।” কেঁকোৰাৰ টেঙৰালি কথাৰ আচল মানে বুজিব নোৱাৰি বাঘে তাৰ নেজডাল গাঁতত সুমুৱাই দিলতে, কেঁকোৰাই ভিতৰৰ পৰা সেইডাল চেপি ধৰিলে। বাঘে দুখ পাই টানেহে টানে, নেজডাল নোলায়, আৰু তাত কেঁকোৰাৰ চেপা টানহে হয়। বাঘে যন্ত্ৰণাত ততমত এৰি চিঞৰত গগন ফালিবলৈ ধৰিলে, তথাপি কেঁকোৰাই এৰি নিদিয়ে। দৈবযোগত তেতিয়া ওচৰতে বাঁৰী-কোঁৱৰ এটাই পথাৰত মাটি কুৰি আছিল। সি বাঘৰ চিঞৰ শুনি মাটি কুৰিবলৈ এই কোৰ লৈ পলাবলৈ ধৰোঁতে বাঘে দূৰৰ পৰা তাক দেখি চিঞৰি কান্দি-কাটি কাকূতি কৰি ক’লে, ”হে ককাই, এইপিনে আহাঁ, মই মৰিলো, কেঁকোৰাৰ চেপাৰ তাপত মোৰ প্ৰাণ যায়। মোৰ নেজডাল এৰুৱাই দিয়াহি ঐ।” বাঁৰী-কোঁৱৰে উত্তৰ দিলে, ”মই নোৱাৰো বুজিছনে? তই বাঘ, তোৰ বিশ্বাস নাই, এৰুৱাই দিলেই তই মোক খাই পেলাবি।’ বাঘে ক’লে, ”হে দেউতা আহাঁ ঐ। মই সইত সইত সইত তিনি সইত খাই কৈছোঁ, তোমাক নেখাওঁ। মোক এৰুৱাই দিয়া মোৰ দেউতা। তুমি যদি মোক এই বিপদৰ পৰা উদ্ধাৰ কৰা তেনেহ’লে মই শপত খাই কৈছোঁ দিনৌ তোমাক একোটাকৈ পহু মাৰি আনি দিম।” এই কথা শুনি বাঁৰী-কোঁৱৰে বাঘৰ কথা পতিয়াই ওচৰ চাপি আহি কোৰখনেৰে চাব মাৰি দি বাঘৰ নিজডাল কাটি দিলত বাঘ ৰক্ষা পৰিল। বাঘে সেইখিনিৰ পৰা গুচি যাবৰ সময়ত বাঁৰী-কোঁৱৰক কাণে কাণে কৈ গ’ল, ”তোমাক মই মোৰ কথামতে দিনৌ পহু একোটা দিম হয়, তুমি কিন্তু সেই কথা কাৰো আগত ক’ব নোৱাৰা, ক’লেই তুমি য’তে থাকা, তাৰেপৰাই মই ততালিকে তোমাক লৈ গুচি যামহি।”

বাঘৰ উপকাৰ কৰাৰ বাবে ইয়াৰ পিছৰপৰা বাঁৰী-কোঁৱৰে বাঘৰ পৰা দিনৌ একোটা পহু পাবলৈ ধৰিলে। এইদৰে ভালেমান দিন গ’ল। এদিন বাঁৰী-কোঁৱৰৰ অলপ গা-বেয়া হোৱা বাবে মাকে মঙ্গলতী বুঢ়ী এজনী মাতি আনি মঙ্গল চোৱালে। বুঢ়ীয়ে মঙ্গল চাই ক’লে যে কিছুমান জ্ঞাতি ভকতক পহুৰে ভোজ এটা খুৱালে বাঁৰী-কোঁৱৰৰ গা ভাল হ’ব। এই কথা শুনি বাঁৰীয়ে পুতেকক ক’লত পুতেকে বাঘক ভোজলৈ দুটা পহু আনি দিবলৈ ক’লে। বাঘে ভোজৰ দিনা দুটা পহু মাৰি আনি বাঁৰী-কোঁৱৰক দি গ’ল।

ভোজৰ দিনা সকলো জ্ঞাতি কুটুমে বাঁৰী-কোঁৱৰৰ ঘৰত খাবলৈ বহিছে, এনেতে এখন পাত কম পৰাত এজনে কলপাত এখন কাটি আনিবৰ মনেৰে বাৰীৰ পাছফাললৈ গৈ দেখিলে কিহবাৰ হাড়ে তাত পৰ্বতাকাৰ হৈ আছে। মানুহটোৱে হাড়বোৰ দেখি বিচুৰ্তি খাই পাত নাকাটি উভতি গুচি আহি সকলোকে ক’লে, ”ৰাইজসকল, আমি ইয়াৰ ঘৰত ভোজ খাব নোৱাৰো, ই কিবা খায়। আপোনাসকলে আহি চাওকচোন। ই ইমানবোৰ হাড় দ’মাই থ’বলৈ ক’ত পালে?” এইবুলি ক’লত, সকলো ভোজৰ ভাতৰ পৰা হাত দাঙি উঠি আহি দেখিলে কথা সঁচা। তেতিয়া সকলোৱে বাঁৰী-কোঁৱৰক সুধিলে, ”এইবোৰ কিহৰ হাড়-মূৰ ক? নহ’লে আমি তোৰ ঘৰত ভোজ খাব নোৱাৰো।” বাঁৰী-কোঁৱৰে ক’লে, ”খাব পোৱা জন্তুৰ বাহিৰে আন একোৰে হাড়-মূৰ নহয়। আপোনাসকলৰ আগত ক’ব নোৱাৰো; কাৰণ ক’লেই মোক বাঘে লৈ গুচি যাবহি। সেইবাবে আপোনাসকলে খুকুৰি নাৰাখি মোক ক্ষমা কৰি ভোজ-ভাত খাওক।” ৰাইজে তাৰ কথা শুনি নপতিয়াই তাক ক’লে, ”আমি সকলোৱে যাঠি-জোং লৈ তোক বেঢ়ি থাকোঁ, তই ক; নহ’লে আমি নাখাওঁ।” ৰাইজৰ কথা শুনি বাঁৰী-কোঁৱৰে নিৰুপায় হৈ সকলোৰে মাজত আঁঠু লৈ কথাটো ক’বলৈ ধৰিলে। সকলোৱে যাঠি জোং লৈ তাক বেঢ়ি ৰ’ল। যেই কথাটো শেষ হ’ল বিম্বাশৱদে ক’ৰবাৰ পৰা বাঘটো আহি মানুহৰ মাজৰ পৰা তাক থাপ মাৰি ধৰি লৈ গুচি গ’ল। ভোজ খাবলৈ অহা ৰাইজে অলপমান বেলি ভেবালাগি তাৰ পিছত ইফালে-সিফালে তাক নাপাই ঘৰাঘৰি গুচি গ’ল।

ইপিনে বাঘে বাঁৰী-কোঁৱৰক নি এখন গেজেপনি হাবিত সোমালেগৈ। কোঁৱৰৰ কিবা ভাগ্য ভাল আছিল, এনে সময়তে ভোকত তাৰ পেটে কোৰ্‌কোৰাবলৈ ধৰিলে। বাঘে কোৰ্‌কোৰৈ শুনি কোঁৱাক সুধিলে, ”তোৰ পেতত কিহে কোৰ্‌কোৰাইছে অ’?” কথাষাৰ শুনি বাঁৰী-কোঁৱৰৰ খপ‌কৰে বুধি ওলাল। সি উত্তৰ দিলে, ”আয়ে সৰুতে মোক ছকুৰি কেঁকোৰা খুৱাইছিল, তাৰে তিনিকুৰি আগেয়ে ওলাল, তিনিকুৰি বাকী আছিল। এতিয়া সেই তিনি-কুৰিয়েই ওলাব খুজিছে।” বাঘে কেঁকোৰাৰ নাম শুনিয়েই ভাবিলে-”সৰ্বনাশ। এটা কেঁকোৰাই মোক চৈধ্য ভুৱন দেখুৱাই থৈছে। এতিয়া যদি তিনিকুৰি কেঁকোৰা ওলাব লাগিল, তেনেহ’লে আমাৰ ফালে হৈছে আৰু।” বাঘে ইয়াকে ভাবে বাঁৰী-কোঁৱৰক তাতে এৰি থৈ লৰি পলাই গুচি গ’ল।

বাঁৰী-কোঁৱৰে বাঘৰ হাতৰ পৰা এৰাই লাহে লাহে গৈ এখন নৈৰ পাৰত এজোপা গছৰ তল পালেগৈ। সি দেখিলে, গছজোপাৰ তলতে বনৰীয়া ম’হৰ খুঁটি। ম’হবোৰ তেতিয়া তাত নাছিল দেখি কোঁৱৰে লৰালৰিকৈ তাত পৰি থকা গাখীৰৰ ফেনবোৰ খাই খুঁটিখন ভালকৈ সাৰি-মচি চাফ-চিকুণ কৰি থৈ ওচৰৰ গছজোপাত উঠি থাকিল। আটাইবোৰ ম’হ চৰি গধূলি উভতি আহি, সিহঁতৰ খুঁটি সেইদিনা অঁতাই পিতাই থোৱা দেখি আচৰিত হ’ল। সিহঁতে চাৰিওফালে চাই একো নেদেখি নিজৰ ভিতৰতে কথা কোৱা-মেলা কৰি শুই থাকিল। পিছদিনা ৰাতিপুৱা আকৌ যেতিয়া ম’হবোৰ চৰিবলৈ গ’ল, বাঁৰী-কোঁৱৰে গছৰ পৰা নামি আহিল। ম’হ-পোৱালিয়ে পিওঁতে সিহঁতৰ মুখৰপৰা গাখীৰৰ যিবোৰ ফেন মাটিত পৰি আছিল সেইবোৰ সি খাই, আগৰ দিনাৰ দৰে খুঁটিখন ভালকৈ সাৰি গোবৰবোৰ পেলাই চাফ-চিকণ কৰি গছৰ ওপৰত উঠি থাকিল। সেইদিনাও গধূলি ম’হবোৰ উভতি আহি খুঁটিখন চাফ-চিকণ দেখি আচৰিত হ’ল আৰু কোনে এই কাম কৰে তাক ধৰিবৰ মনেৰে আলচ কৰি পিছদিনা বুঢ়া ম’হ এটাক ৰখীয়া পাতি থৈ চৰিবলৈ গ’ল। যাবৰ সময়ত সিহঁতে বুঢ়া ম’হক কৈ গ’ল যে, ”তই ভালকৈ চাই থাকিবি, কোনে আহি আমাৰ খুঁটিখন অঁতাই যায়হি, আমি তোলৈ ঘাঁহ-পানী লৈ আনিম।” কিন্তু দুপৰীয়া ৰ’দত বুঢ়া ম’হটোৰ টোপনি আহিলত, ম’হটোৰ টোপনি অহা দেখি বাঁৰী-কোঁৱৰে সাউতকৰে গছৰ ডালৰ পৰা নামি আহি আগৰদৰে ফেনবোৰ খাই খুঁটিখন অঁতাই গছৰ ওপৰত উঠি থাকিল। বুঢ়া ম’হে গমকে নাপালে।

গধূলি ম’হবোৰ আহি বুঢ়াক কি দেখিলে বুলি সুধিলত বুঢ়াই ক’লে, ” মই একো নেদেখিলো।” সিহঁতে বুঢ়াৰ পৰা একো কাম নহয় জানি পিছদিনা কাণী ম’হ এজনীক ৰখীয়া পাতি থৈ গ’ল। কাণীয়ে ভাল চকুটো তলফালে আৰু কণা চকুটো ওপৰফালে কৰি শুই থাকোঁতেই সেইদিনাও বাঁৰী-কোঁৱৰে আগৰ দৰে সকলো কাম কৰি গছত উঠি ৰ’ল, কাণীয়ে একো নেদেখিলে। গধূলি ম’হজাকে আহি কাণীক বতৰা সোধাত কাণীয়ে ”একো নেদেখিলো” বুলি ক’লত সিহঁতে বুজিব পাৰিলে যে কাণীয়ে কণা চকুটো ওপৰফালে দি শুই থকা বাবেহে একো নেদেখিলে। এইবাৰ সিহঁতে ঘাই ম’হজনীকে ৰখীয়া পাতি থৈ যাবলৈ ঠিক কৰি পিছদিনা তাকে কৰিলে। কিন্তু সেইদিনাও ঘাই ম’হজনীৰ চিলমিলকৈ অলপ টোপনি অহা দেখি বাঁৰী-কোঁৱৰে নামি আহি ফেন খাই খুঁটি অঁতাই লৰালৰিকৈ গছত উঠোতেই ম’হজনীৰ টোপনি ভাগিলত, তাই তাক দেখি লৰ মাৰি আহি সুধিলে, ”তই দেৱতা নে মানুহ কোন ক? আৰু দেৱতাই হ বা মানুহেই হ নামি আহ।” বাঁৰী-কোঁৱৰে ক’লে, ”মই দেৱতা নহওঁ, মানুহহে; মই নামি যাব নোৱাৰোঁ। গ’লেই তই মোক খুঁচি মাৰিবি” বুলি ক’লে। ম’হজনীয়ে ক’লে, ”নোখোঁচো নামি আহ।” কোঁৱৰে ক’লে, ”নহয় তই খুচিবি।” ইয়াৰ পিছত ম’হজনীয়ে তিনি সৈত খাই নোখোঁচো বুলি ক’লত বাঁৰী-কোঁৱৰে গছৰ পৰা নামি আহি আগৰ পৰা গুৰিলৈকে তাৰ সকলো কথা ম’হজনীক ক’লে। তাৰ কথা শুনি ম’হজনীৰ তালৈ মৰম লাগিল। তাই তাক ক’লে যে, ”তুমি আজিৰ পৰা ইয়াতে নিৰ্ভয়ে থাকা, তোমাক আমি আমাৰ গৰাকী পাতিলো আৰু তুমি গাখীৰ খাবলৈ সুকীয়াকৈ আমি তোমাক এজনী ম’হ দিম।” গধূলি আনবিলাক ম’হ আহিলত ঘাই ম’হজনীয়ে সকলোবিলাক কথা সিহঁতক ক’লত সিহঁতে ৰং পালে আৰু বাঁৰী-কোঁৱৰক নিজৰ গৰাকী বুলি মানি ল’লে। ইয়াৰ পিছত সিহঁতে কাণী ম’হজনী মাৰি তাইৰ শিং দুটা বাঁৰী-কোঁৱৰক দি ক’লে, ”এই শিং দুটাৰ এটা খংশিঙা, এটা ৰংশিঙা। আমি চৰিবলৈ গ’লে তুমি যদি ৰংশিঙাটো বজোৱা শুনো তেন্তে তুমি ভালে আছা বুলি জানি আমিও ৰঙেৰে চৰি ঘাঁহ খাই ফুৰিম। আৰু যদি তোমাৰ কোনো বিপদ ঘটে তেন্তে তুমি যদি খংশিঙাটো বজোৱা, তেতিয়া আমি তোমাক ৰাখিবলৈ লৰি তোমাৰ ওচৰ ওলামহি। তুমি আমাৰ খুঁটিখন যেনেকৈ অঁতাইছিলা সেইদৰে সদায় অঁতাই থাকিবা।”

এইদৰে ভালেমান দিন গ’ল। এদিন বাঁৰী-কোঁৱৰে ডালত বহি মূৰ আঁচৰোতে দৈবাত্‌ তেওঁৰ দীঘল চুলি এডাল ছিগি নৈত পৰিল। সেই চুলিডাল এটা ৰাঘবৰালিয়ে খালে। এদিন এটা ডোমে জাল বাওঁতে সেই ৰাঘবৰালিটো তাৰ জালত পৰিলত, মাছটো ডাঙৰ আৰু তেলাল দেখি ডোমে তাক লৈ গৈ ৰজাক ভেটিলে।

ৰজাৰ এজনী দীপ-লিপ্‌ কন্যা আছিল। লিগিৰীহঁতে মাছটো বাছোঁতে কন্যাজনী আগতে থিয় দি আছিল। বৰালিৰ পেটৰ পৰা ইমান দীঘল চুলি এডাল ওলোৱা দেখি কন্যাজনীয়ে সেই চুলিডাল যাৰ মূৰৰ তেওঁক মনে মনে স্বামী বৰি, সেইডাল লৈ এটা টেমাৰ ভিতৰত সুমুৱাই থৈ ৰোষঘৰত সোমাল। কিয় জীয়েক ৰোষঘৰত সোমাল এই কথা ৰজাই সোধাত জীয়েকে ক’লে যে যদি এই চুলিডালৰ গিৰিহঁতক আনি তেওঁৰ সৈতে বিয়া দিয়ে তেহে তেওঁ ৰোষঘৰৰ পৰা ওলাব নতুবা তেওঁ ভাত-পানী নাখাই মৰি যাব। ৰজাই এই কথা শুনি বিচুৰ্তি হ’ল-ক’ৰ মানুহে মূৰ আঁচুৰি নৈত চুলি পেলালে, ক’ৰ মাছৰ পেটত সেই চুলি ওলাল, এতিয়া তেওঁ তাক ক’ত বিচাৰি পায়? নহ’লেও সিফালে ৰাজকন্যা মৰে। ৰজা বিমোৰত পৰি মূৰ ঘমাই বহি আছে।

ৰাজকন্যাই এটা ঢোঁৰাকাউৰী পিহিছিল। সি ৰজাৰ দুখ দেখি ওচৰ চাপি আহি ক’লে, ”স্বৰ্গদেউ, আপুনি একো চিন্তা নকৰিব, মই সেই চুলিৰ গৰাকীক উলিয়াই দিম। আপুনি মোক মাথোন এটা পকা আম দিয়ক।” ৰজাই ঢোঁৰাকাউৰীৰ কথা শুনি অলপ উশাহ পাই লৰালৰিকৈ এটা পকা আম বিচৰাই অনাই ঢোঁৰাকাউৰীক দিলে। কাউৰীয়ে সেই পকা আমটো লৈ বঁৰী-কোঁৱৰ থকা হাবিলৈ উৰি গৈ কোঁৱৰৰ ওচৰ পাই মাত লগালে, ”ৰংশিঙা খংশিঙা কোনে বায়? পকা আমটি কোনে খায়?” পকা আমৰ নাম শুনিয়েই বাঁৰী-কোঁৱৰৰ লোভ লাগিল। তেওঁ উত্তৰ দিলে, ”ৰংশিঙা খংশিঙা ময়ে বাওঁ। পকা আমটি পালে ময়ে খাওঁ।” এইবুলি কোঁৱৰে ক’লত কাউৰীটোৱে বঁৰী-কোঁৱৰক পকা আমটি দিলে আৰু কোঁৱৰে আমটো ল’বলৈ হাত মেলোতেই সি টপ্‌কৰে খংশিঙাটো লৈ গুচি গ’ল। মানুহে কথাতে কয় বোলে ”কাউৰী টেঙৰ আৰু মাউৰী টেঙৰ।” সি কোঁৱৰক কেনেকৈ ঠগিলে দেখিলা। কোঁৱৰৰ হাতৰ পৰা খংশিঙাটি লৈ গুচি গ’লত, ”বাপুৰ চিলিম ছিগিল।” ইয়াৰ পিছত বাঁৰী-কোঁৱৰে ৰংশিঙাটো বজায়হে বজায়, ম’হবোৰে ৰংশিঙাৰ মাত শুনি ৰং পাই ঘূৰি ঘূৰি চৰি ফুৰিবলৈহে লাগিল।

ইপিন ঢোঁৰাকাউৰীয়ে ৰজাক খংশিঙাটো দি ক’লে বোলে ”এই শিঙাৰ গিৰিহঁত চুলিৰ গৰাকী। আপুনি মোৰ লগত টেকেলা-বেঙেনা গোটাচেৰেক দিয়ক, মই তাক দেখুৱাই দিওঁগৈ।” কাউৰীৰ কথা শুনি ৰজাই গোটাচেৰেক টেকেলা তাৰ লগত দি তাক পঠিয়াই দিলে। বাঁৰী-কোঁৱৰক এতিয়া সহজে ধৰি আনিব পৰা হ’ল, কাৰণ খংশিঙাটো লৈ তাৰ বল গ’ল।

বাঁৰী-কোঁৱৰক ৰজাৰ টেকেলাই ধৰি আনি ৰজাৰ আগত দিলেহি। কোঁৱৰক টেকেলাই ধৰি লৈ যাওঁতে সি বাটে বাটে নিজৰ গাৰ কাপোৰখনৰ এডোখৰ এডোখৰকৈ ফালি পেলাই গৈছিল। ম’হবোৰে গধূলি খুঁটিলৈ আহি বাঁৰী-কোঁৱৰক নেদেখি কোঁৱৰৰ কিবা বিপদ ঘটিল ভাবি কোঁৱৰে ফালি পেলাই যোৱা সেই কানি-কাপোৰবোৰৰ চিন ধৰি ধৰি বিচাৰি গৈ ৰজাৰ ঘৰ ওলালগৈ। অৰ্জাই ম’হজাক অহা দেখি ভয় খোৱাত বাঁৰী-কোঁৱৰে সেইজাক তাৰ ম’হ বুলি ক’লে। ম’হজাকেও কোঁৱৰক দেখি আনন্দত নাচিবলৈ ধৰিলে। ৰজাই কোঁৱৰক ক’লে, ”যদি তোমাৰহে ম’হ তেন্তে তুমি সিহঁতৰ কাণে কাণে বগাই ফুৰিব পাৰিবানে?” কোঁৱৰে পাৰিম বুলি কৈ ম’হবোৰৰ কাণে কাণে বগাই ফুৰি দেখুৱালত ৰজাই কথাটোৰ প্ৰমাণ পাই সন্তোষিত হৈ বাঁৰী-কোঁৱৰৰে সৈতে নিজৰ জীয়েকক বিয়া দি জোঁৱায়েকক উঠিৰজা পাতি নিজে বহিৰজা হৈ ৰ’ল। আমাৰ কাপোৰ-কানি ক’লা হ’ল, গুচি আহিলো।