দুই বুধিয়ক

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
দুই বুধিয়ক
লেখক লক্ষ্মীনাথ বেজবৰুৱা
Wikimedia-logo.svg আৰু চাওক প্ৰবন্ধ.
বুঢ়ী আইৰ সাধুৰ ঊনত্ৰিংশ গল্প

এদিন এটা গজলীয়া ডেকাই এভাৰ কেতুৰি খানি হাটলৈ নি এদা বুলি বেচিবলৈ বুধি পাতিলে আৰু সেইদৰে সেইদিনাই আন এঠাইৰ আন এটা চেঙেলীয়া ডেকাইও এভাৰ ভোমলতিৰ গুটি পাৰি লৈ জালুক বুলি হাটত বেচিবলৈ কাৰবাৰ কৰি হাটৰুৱা হৈ যাবলৈ ধৰিলে| জালুকৰ বেপাৰী আৰু এদাৰ বেপাৰী দুয়োৰে বাটত ভেটাভেটি হ’ল| কোনে কি বেচিবলৈ লৈ গৈছে বুলি দুয়ো সোধাসুধি কৰি জানিব পাৰি জালুকৰ বেপাৰীয়ে এদাৰ বেপাৰীক ক’লে, ”এ ককাই মোৰ বাৰীত এইবাৰ জালুকেই উপচি হ’ল| আজি এইভাৰ লৈ আহিছোঁ| আধামূলীয়াকৈ পালে দি গুচি যাম; কোনেনো দুপৰলৈকে খাপ লৈ থাকিব দেওহে|”তাৰ কথা শুনি এদাৰ বেপাৰীয়ে ভাবিলে, ”ইয়াক মোৰ কেতুৰি ভাৰ দি ইয়াৰ জালুক ভাৰ লৈ যাব পাৰিলে হয়|” তাকে ভাবি সি মাত লগালে, এৰা ভাই, মোৰো সেয়ে কথা; মোৰ বাৰীতো এইবাৰ এদা উভৈনদীকৈ হৈছিল| ময়ো সেইদেখি এইভাৰ লৈ আহিছোঁ; লৰালৰিকৈ বেচি গুচি যাব পাৰিলে ৰক্ষা পাওঁ| বেলি দুপৰলৈকে বহি থকাতকৈ ময়ো পাৰিলে আধামূলীয়াকৈ এদাভাৰ দি গুচি যাম বুলি ভাবিছোঁ|’ তাৰ কথা শুনি জালুক বেপাৰীয়ে ভাবিলে, ”মোৰ ভোমলতিৰ গুটিভাৰ ইয়াক দি ইয়াৰ এদাভাৰ লৈ যাব পাৰিলে বেয়া নহয়|” ইয়াকে ভাবি সি মাত লগালে, ”মোৰ ঘৰতো এদা নাই, চপৰাচেৰেক মইও নিব লাগিবহে|” তাৰ কথা শুনি এদাৰ বেপাৰীয়ে ক’লে’ ”মোৰ ঘৰতো জালুক নাই, সেৰচেৰেক ময়ো নিম বুলি ভাবিছোঁ|” দুয়ো এইদৰে কথা হোৱাৰ পিছত জালুক বেপাৰীয়ে ক’লে, ”ককাই, তুমি যদি এদাভাৰ আধামূলীয়াকৈ দিবলৈ ওলাইছা, ময়ো মোৰ জালুকভাৰ আধামূলীয়াকৈ দিম বুলি ভাবিছোঁ, তেন্তে আমিনো দুয়ো পোনেই সলাই নথওঁ কিয়?” এদাৰ বেপাৰীয়ে এই কথা শুনি ৰং পাই ক’লে, ”বেচ কথা আহাঁ, আমি তাকে কৰোঁ| এইবুলি এদাৰ বেপাৰীয়ে জালুকৰ ভাৰ আৰু জালুকৰ বেপৰীয়ে এদাভাৰ লৈ দুফালে গুচি গৈ অলপ আঁতৰ হৈ দুয়ো দুয়োকে নেদেখা হ’লত দুয়ো ফিৰিঙতি ভগাদি ভাগিল|

দুয়ো দুয়োকো ঠগিলোঁ বুলি ভাবি মনে মনে ৰং পাই ঘৰ পাই দুয়ো নিজৰ নিজৰ ভাৰ মেলি চাই দেখিলে যে দুয়ো সমান, কোনেও কাকো বলে নোৱাৰিলে| এই ঘটনাৰ ভালেমান দিনৰ পিছত এদিন দৈবাত্‌ আকৌ সেই হাটতে দুয়োৰো দেখা হ’লত জালুক ভাৰৰ গৰাকীটোৱে কেতুৰিভাৰৰ গৰাকীটোক সুধিলে, ”হেৰা ককাই, সেইদিনা জালুকভাৰ কেনে পালা?” কেতুৰিৰ গৰাকীয়ে ক’লে, ”এদাভাৰ যেনে পালা তেনেকুৱাই|” এইদৰে কথাবাৰ্তা পাতি দুয়ো দুইকো শলাগি ক’লে, ”আমি দুয়ো যোৰ হৈছোঁহঁক, আহাঁ সখি বান্ধোহঁক|” এইবুলি দুয়ো সখি বন্ধাই লগ লাগি লোকক-ঠগাই ধন ঘটিবৰ মনেৰে এঠাইলৈ ওলাই গ’ল| দুয়ো গৈ এঘৰ বামুণৰ ঘৰ পালেগৈ| সিহঁতে বামুণক ”আমি কাম-কাজ বিচাৰি আহিছোঁ” বুলি ক’লত, বামুণে সিহঁতক নিজৰ ঘৰতে বনুৱা কৰি ৰাখিলে|জালুকৰ বেপাৰীক বামুণে তেওঁৰ কপিলী গাইজনী ৰখিবলৈ দিলে আৰু এদাৰ বেপাৰীক তুলসীজোপাৰ গুৰিত পানী দিবলৈ লগালে| বামুণৰ কপিলী গাইজনী বৰ দুষ্ট আৰু চুৰুণী| তাইক জালুক বেপাৰীয়ে এখন্তেকো এৰি দিব নোৱাৰে| দিলেই তাই লৰি গৈ লোকৰ বাৰীত সোমাই শাক-পাত, ধান-চাউল খাই আধ্যা কৰে| তুলসীজোপাও এনে আহুকলীয়া যে তাৰ গুৰিত যিমানেই পানী দিয়া সেই পানী থিতাতে নাইকিয়া হয়| সিটোৱে গৰু ৰখি ইটোৱে তুলসীগছৰ গুৰিত পানী দি হাইৰাণ, দুয়ো ওৰে দিনটো সেই কাম দুটা কৰি সুস্থিৰকে নোপোৱা হ’ল| সেইদেখি দুয়ো পেটে পেটে ভাবিলে যে সিহঁতৰ বন দুটা সাল-সলনি কৰি দুয়ো দুইকো ঠগিব| ইয়াকে ভাবি এদিন গৰখীয়াই পানী আনি দিওঁতাক সুধিলে, সখি, তোমাৰ কামটো কেনে? মই হ’লে মোৰটো বৰ সুখৰ পাইছোঁ| গৰুজনী হাবিলৈ খেদি দিওঁ আৰু মই হ’লে ফস্তি মাৰি ওৰে দিনটো গছৰ তলত শুই থাকো| গধূলি হ’লেই গাইজনী খেদি আনি গোহালিত বান্ধি থৈ দিওঁ| তাৰ কথা শুনি পানী তিওঁতাই ক’লে, ”মোৰটো কাম একোৱেই নহয় বুলিব লাগে| দিনটোৰ ভিতৰত এঘটী বা দুঘটী পানী আনি তুলসীৰ গুৰিত দিওঁ আৰু তাৰ পিছত দিনৰ দিনটো শোৱা-বহা যেই কৰা সেই|” দুয়োৰে কথা দুয়ো শুনি গৰখীয়াই পানী দিওঁতাৰ কাম আৰু পানী দিওঁতাই গৰখীয়াৰ কাম কৰি চাবলৈ মন কৰি পিছদিনা দুয়ো সাল-সলনি কৰি ল’লে| গধূলি দুয়োৰে দেখা হ’লত, গৰখীয়াই পানী দিওঁতাক সুধিলে, ”সখি কাম কেনে পালা?” পানী দিওঁতাই উত্তৰ দিলে, ”তুমি যেনে পালা|” ইয়াৰ পিছত দুয়ো দুয়োকো শলাগি ক’লে যে এই তুলসীজোপাৰ গুৰিত ইমানবোৰ পানী দিয়া যায় সেই পানীবোৰ থিতাতে ক’লৈ শুহি যায় চাব লাগিল| ইয়াকে দুয়ো পাঙি, ৰাতি বামুণ শুলত কোৰ এখন আনি তুলসীজোপা খানি তুলি চাই দেখিলে যে তাৰ তলতে পাঁচহাতমান দ এটা ডাঙৰ গাঁত আছে| জালুক বেপাৰীক এদা বেপাৰীয়ে ক’ল, ”সখি তুমি নামি চোৱাগৈ গাঁতটোত কি আছে|” জালুক বেপাৰী নামি গৈ দেখিলে যে গাঁতটোৰ তলিত কেবাকলহো ৰূপ আছে| সি লৰালৰিকৈ গাঁতৰ পৰা উঠি আহি সেই কথা ইটোক ক’লত, দুয়ো তেতিয়াই সিহঁতৰ গাৰ বৰ-কাপোৰ দুখনেৰে দুটা ডাঙৰ মোনা সীলে| এদাৰ বেপাৰীয়ে জালুকৰ বেপাৰীক ক’লে, ”সখি তুমি এটা মোনা লৈ গাঁতলৈ নামি যোৱা আৰু সেই মোনাত এমোনা ৰূপ ভৰাই গাঁতৰ ওপৰলৈ তুলি দিবা| তাৰ পিছত ইটো মোনাও মই পেলাই দিম আকৌ তাত তুমি ৰূপ ভৰাই তুলি দিবা| এইদৰে আলচি জালুক-বেপাৰীয়ে এমোনা ৰূপ গাঁতৰ তলিৰ পৰা ওপৰলৈ দিলৰ, এদা-বেপাৰীয়ে সেইটো তুলি লৈ সিটো মোনা গাঁতত পেলাই দিলে| জালুক-বেপাৰীয়ে ভাবিলে যদি এই মোনাটোও সি তুলি অক’লৈ ৰূপবোৰ ল’বৰ মনেৰে মই গাঁতৰ পৰা উঠাৰ আগেয়ে লৰালৰিকৈ সি মাটি দি মোক পুতি পেলায় তেন্তে কথাৰ ওৰেই পৰিব| সেইদেখি জালুক-বেপাৰীয়ে বুধি কৰি পিছৰ মোনাটোত অলপ ৰূপ ভৰাই তাতে নিজেই সোমাই, সখিয়েকক মাত লগালে, ”সখি এই মোনাটো তুমি টানি তোলা, বৰ গধূৰ হৈছে, মই অকলৈ নোৱাৰিম|” এই কথা শুনিয়েই এদাৰ বেপাৰীয়ে সেই মোনাটো টানি তুলিলে আৰু জালুক-বেপাৰীক পুতি থ’বৰ মনেৰে সি ধুমধামকৈ গাঁতৰ পাৰৰ মাটি গাঁতত পেলাই দি, তাক গাঁতত পুতিলো বুলি ভাবি ভাৰ কৰি মোনা দুটা লৈ নিজৰ ঘৰমুৱা হৈ গুচি গ’ল| ভাৰখন বৰ গধুৰ| সেইদেখি সি অলপ জিৰাবৰ মনেৰে বাটৰ এঠাইত এজোপা গছৰ তলতে ভাৰখন থৈ বহিল| বৰ দুখ কৰা বাবে ৰাৰ পিয়াহো লাগিল, সেইদেখি সি ভাৰখন তাতে এৰি বাটৰ কাষৰে পুখুৰী এটাত পানী খাবলৈ নামিল| সি যেই পুখুৰীত নামিল, ইফালে মোনাৰ ভিতৰৰ পৰা সখিয়েক লাহেকৈ ওলাই ভাৰখন লৈ সাউত্‌কৰে পলাল| সি পানী খাই উভতি আহি দেখে যে ভাৰখন নাই| তেতিয়াহে সি বুজিলে যে তাক তাৰ সখিয়েকে বুধিৰে ঠগিলে| ”মই বুজিবই নোৱাৰিলোঁ যে কটাৰ-পো মোনাতে সোমাই মোৰ কান্ধত উঠি আহিছিল|” এইবুলি ইস্‌ আস্‌ আস্‌কৈ বেজাৰ কৰি সি নিজৰ ঘৰ পালেগৈ|

বহুত দিনৰ মূৰত আকৌ এদিন দুই সখিয়েকৰ দেখাদেখি হ’লত জালুক বেপাৰীয়ে ক’লে, ”সখি তুমি মোক ভাল গাঁতত পুতি থৈ আহিছিলা?” এইটোৱে উত্তৰ দিলে, ”যোৱাহে তুমি ৰূপ গালো নিলা মোৰ কান্ধতো উঠি আহিলা|” এইদৰে দুয়ো আলাপ কৰি আকৌ ক্ষন্তেকতে মহামিত্ৰ হৈ পৰিল| এদা বেপাৰীটোৰ কিন্তু মনৰ পৰা বেজাৰ নগ’ল য জালুক বেপাৰী তাৰ কান্ধত উঠিল| ইয়াৰ কিছুদিন পিছত এদা বেপাৰীয়ে এদিন বুদ্ধি এটা সাজি তাৰ ঘৈণীয়েকক ক’লে যে ”মই শোৱা পাটীতে শুই থাকোঁ তই মোৰ মূৰে-গায়ে কাপোৰ এখন দি মোক ঢাকি দি মই মৰিলোঁ বুলি বহি কান্দ| আৰু এটা মানুহ লগুৱাই সখিৰ ওচৰলৈ পঠিয়াই বাতৰি দে যে মই মৰিলোঁ| সি যেতিয়া আহি পাবহি তেতিয়া তাক কবি মৰিবৰ সময়ত মই তোক বিশেষকৈ কৈ গৈছোঁ যে মোক যেন আনে নুছুই কেৱল মোৰ মৰমৰ সখিয়েহে ছোৱে আৰু সখিয়েহে কান্ধত তুলি পুৰিবলৈ লৈ যায়| তাৰ ঘৈণীয়েকে সেইদৰেই সকলো কৰিলত জালুক বেপাৰী সখিয়েকে সকলো শুনি কথাটো ফাঁকি বুলি বুজিলে আৰু মিছাকৈ কান্দি চকুপানী উলিয়াই সখিয়েকৰ ঘৈণীয়েকক ক’লে, ”মোৰ সখিয়েই যেতিয়া গ’ল আমাৰ সকলো শূন্য হ’ল| এই ঘৰ এই বাৰী এইবোৰ কোনে খাব কেলৈ লাগিছে? সেইবো দেখিলে সখিলৈ মনত পৰি ধমধমকৰে আমাৰ বুকুত জুইহে জ্বলিব|” এইবুলি সি মিছাকৈয়ে বুকুত ভুকুৱাই কান্দি-কাটি দাখন লৈ গৈ বাৰীত সোমাই জালুক, পাণ, টেঙা আদি লাগতিয়াল গছবোৰ ঘপ্‌ ঘপ্‌ কৰে কাটি খাস্তাং কৰিলে| তাৰ পিছত মৰা সখিয়েকৰ ওচৰলৈ আহি তাৰ ঘৈণীয়েকক ক’লে, ”মই অকলৈ মোৰ সখিক বলে নোৱাৰিম, সেইদেখি দোছোৱাকৈ কাটি এছোৱা এছোৱাকৈ দুবাৰে মৰাশালিলৈ লৈ যাওঁ| এইবুলি মিছা-মিছিকৈ সি টোৱাই-ভিৰাই দাখন জোকাৰি কোব মাৰিব খোজোতেই ভয়ত এদাৰ বেপাৰী একেচাবেই উঠি বহিল| তেতিয়া দুয়ো হাঁহিবলৈ ধৰিলে| এদাৰ বেপাৰীয়ে ক’লে, ”সখি, হৈছে আৰু নেলাগে| মই তোমাৰ কান্ধত উঠিব নোৱাৰিলোঁ| লাভৰ ভিতৰত মোৰ বাৰীৰ গছ-গছনিবোৰ গ’ল, মোতকৈ তোমাৰ বুদ্ধি বেছি|”