তেজীমলা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
তেজীমলা
লেখক লক্ষ্মীনাথ বেজবৰুৱা
Wikimedia-logo.svg আৰু চাওক প্ৰবন্ধ.
বুঢ়ী আইৰ সাধুৰ অষ্টম গল্প


এক সাউদৰ দুজনী ঘৈণীয়েক আছিল। বৰজনীৰ এজনী মাথোন ছোৱালী আছিল, তাইৰ নাম তেজীমলা। সৰুজনীৰ কোনো ল’ৰা-ছোৱালী নাছিল। তেজীমলাৰ মাক তেজীমলাৰ কেঁচুৱা কালতে মৰিল, সেইদেখি তাইক মাহীয়েকে তুলিতালি ডাঙৰ কৰিছিল। ঘৰখনত একেজনী ছোৱালী তেজীমলা বাপেকৰ বৰ চেনেহৰ আছিল; কিন্তু মাহীয়েকে হ’লে তেজীমলাক সমূলি দেখিব নোৱাৰিছিল; কেৱল গিৰিয়েকৰ ভয়তহে তাই তেজীমলাক প্রতিপাল কৰি ডাঙৰ দীঘল কৰিব লগীয়াত পৰিছিল।

আজি-কালিকৈ তেজীমলা দহ-এঘাৰ বছৰীয়া হ’ল। সেই গাঁৱৰে ভাল মানুহ এঘৰৰ সমনীয়া ছোৱালী এজনীৰ সৈতে বাপেকে সখি বন্ধাই দিলে।

তেজীমলাৰ বাপেক বেপেৰুৱা মানুহ; বেহা-বেপাৰলৈ নগ’লে নচলে। সেইদেখি সততে তেওঁ চাৰিওফালে বেহাই ফুৰিবলগীয়াত পৰে। এইবাৰ ৬/৭ মাহলৈকে তেওঁ বেপাৰৰ নিমিত্তে দূৰলৈ যাব লগীয়াত পৰিল। সেইদেখি তেওঁ যাবৰ সময়ত ঘৈণীয়েকক ওচৰলৈ মাতি আনি তেওঁৰ অতি আদৰৰ তেজীমলাক ঘৈণীয়েকৰ হাতত গতাই দি ক’লে যে, “এইবাৰ মই ৬/৭ মাহলৈকে বিদেশলৈকে যাওঁ। তোৰ হাতত মোৰ তেজীমলাক গতালোঁ। তাই আদৰুৱা ছোৱালী; তাইক মৰম বেথা কৰি ভালকৈ ৰাখিবি।”

সাউদনীয়ে ভাবিলে, “এইবাৰ মোৰ বেছ সুবিধা হৈছে; এই কেইমাহৰ ভিতৰতে মই মোৰ চকুৰ কুটা, দাঁতৰ শালটো গুচাব পাৰিম। তাইক ঠেকেচি ঠেকেচি মোৰ মনৰ হেঁপাহ পলুৱাম।” আৰু তাই ভাবিলে- “অকল ঠেকেচিয়েই নেৰোঁ, সেইদৰে এৰিলে, বাপেকে আহি সেইকথা কেনেবাকৈ বুজি পালে এখন হাই উৰুমিহে বাহ হ’ব। এই আপদৰ একেবাৰেই জইন মাৰিম। এইক বিয়া দিওঁতে মোৰ ঘৰৰ আদখিনি বস্তু এইৰ লগত উলিয়াই দিব লাগিব। এই হ’ল মোৰ সতিনীৰ জী। মোৰ কপালততো মোনো ল’ৰা-ছোৱালী নহ’লেই, সতিনীৰ এইটোকোনো পোহ-পাল কৰি নিৰ্বাহ দি মোৰ কি লাভ হ’ব? বাপেকে এইৰ লগত যিখিনি ধন-বস্তু উলিয়াই দিব, সেইখিনি মোৰ আইৰ ঘৰলৈ সৰকালে উপকাৰ দিব। হেনজানি এইৰ দেউতাক উভতি অহাৰ আগতেই এটা বুধি কৰি এইৰ ওৰ পেলাব লাগিব।” ইয়াকে মাহীয়েকে ভাবি, সাউদে নাও মেলি যোৱাৰ দিনৰ পৰা তেজীমলাৰ দায়ৰ চেলু বিচাৱিবলৈ ধৰিলে আৰু যিমান পাৰিলে তেজীমলাক অকলৈ পাই দেখ দিবলৈ ধৰিলে।

ইতিমধ্যে তেজীমলাৰ সখীয়েকৰ বিয়া আহিল। পৰহিলৈ বিয়া। সখীয়েকৰ ঘৰৰপৰা তেজীমলাক বিয়ালৈ মাতি পঠিয়ালে। বিয়াৰ তিনি-চাৰিদিন সখীয়েকৰ ঘৰত থাকি তেজীমালী ৰঙ-ধেমালি কৰি নোৱাই-ধোৱাই সখীয়েকক বিয়া দিব লাগে। তেজীমলাৰো বৰ হেঁপাহ যে বিয়াৰ কেইদিন সখীয়েকৰ ঘৰত থাকি ৰং ধেমালি কৰি তাই বিয়া খাব।

মাহীয়েকে অনেক দিনৰে পৰা আলচা কথা সিদ্ধি হ’বৰ আগন্তুক হৈছে ভাবি তেজীমলাক বিয়ালৈ যাবলৈ অনুমতি দি লোকক দেখুৱাই উৰুক মুৰুক কৰি, তেজীমলাই বিয়াত পিন্ধিবলৈ কাপোৰ উলিয়াবলৈ ইটো জপা মেলিছে, সিটো জপা মেলিছে, ইটো পেৰা মেলিছে, সিটো পেৰা মেলিছে, “এইযোৰ কাপোৰ আমাৰ আইটি তোলৈ ভাল হ’বনে?” “এইখন ৰিহা সেইখন মেখেলাই তোক শুৱাবনে?” এনেবিলাক কথা কৈ মাহীয়েকে আড়ম্বৰ কৰিবলৈ ধৰিলে। মাহীয়েকৰ ভাল পাটৰ ৰিহা-মেখেলা এযোৰ আৰু এখন উত্তম ৰিহাৰ গুণাৰ পাৰি দিয়া খনীয়াকাপোৰ আছিল; শেষত তাকে মাহীয়েকে উলিয়াই তেজীমলাক বিয়াত পিন্ধিবলৈ দি ক’লে, - “আইটি এই কাপোৰযোৰ আৰু খনীয়াকাপোৰখনকে তোক পিন্ধিবলৈ টোপোলা বান্ধি দিওঁ। তই এতিয়া তোৰ গাত থকা কাপোৰযোৰেৰেই সখীয়েৰৰ ঘৰলৈ যা, সখীয়েৰৰ ঘৰৰ ওচৰপালেই টোপোলাত দিয়া ৰিহা-মেখেলা আৰু কাপোৰ পিন্ধিবি, ইয়াৰপৰা সেই কাপোৰ পিন্ধি গ’লে খোজ কাঢ়ি যাওঁতে বাটত ধূলি-মানটি লাগি ক’লা হ’ব।” ইয়াকে কৈ মাহীয়েকে পাটৰ ৰিহা মেখেলাযোৰৰ ভিতৰত মনে মনে এটা নিগনি সুমুৱাই দি আৰু পাৰি দিয়া খনীয়া কাপোৰখনৰ ভিতৰত এটা আঙঠা বান্ধি দি টোপোলা এটা কৰি তেজীমলাৰ হাতত দিলে।

সখীয়েকৰ ঘৰ পাওঁ পাওঁ হওঁতেই তেজীমলাই মাহীয়েকৰ কথা মতে পাটৰ ৰিহা-মেখেলা আৰু পাৰি দিয়া কাপোৰ পিন্ধিবৰ মনেৰে টোপোলা মেলিলতে কাপোৰযোৰৰ ভিতৰৰ পৰা এটা নিগনি ওলাই লৰ মাৰিলে আৰু কাপোৰযোৰৰ ভিতৰৰ পৰা এটা আঙঠা সৰকি পৰিল। তেজীমলাই দেখি বিচূৰ্তি হ’ল যে ৰিহা-মেখেলাযোৰ নিগনিয়ে কূটি থকা-সৰকা কৰিলে আৰু পাৰি দিয়া কাপোৰখন ঠায়ে ঠায়ে পুৰিলে। ভয়ত তেজীমলাৰ মুখ শুকাই গ’ল, তাই ঠক ঠক কৰে কঁপি ফেকুৰি ফেকুৰি কান্দিবলৈ ধৰিলে। লগত যোৱা মানুহেও আই কান্দ দেখি আচৰিত হৈ, শেহত তেজীমলাক অনেক বুজাই-বৰাই নিচুকাই সখীয়েকৰ ঘৰলৈ লৈ গৈ তাৰ পৰা এযোৰ ৰিহা-মেখেলা আৰু এখন কাপোৰ খুজি তাইক পিন্ধাই বিয়া চাবলৈ দিলে। বিয়াৰ পিছত তেজীমলা নিজৰ ঘৰলৈ উভতি আহিলত, মাহীয়েকে তাইক কাপোৰৰ কথা সুধিলত, তাই ভয়ত কঁপি কঁপি সেই পোৰা আৰু কূটা কাপোৰৰ টোপোলা মাহীয়েকৰ আগত পেলাই দিলে। মাহীয়েকে পোৰা আৰু কূটা কাপোৰ দেখি কৃত্ৰিম খঙত জলি পকি তেজীমলাক নথৈ গালি-শপনি পাৰি মাৰি তাও কৰিলে। ইমান মাৰিও মাহীয়েকৰ হেঁপাহ নপলাল। পিছত তেজীমালক টানি আনি মাহীয়েক ঢেঁকীৰ আগত বহুৱাই ধান বঢ়াবলৈ লগাই, নিজে ধুম ধুম কৰে ঢেঁকী দিবলৈ লাগিল। মাহীয়েকে ঢেঁকী দি থাকোঁতে এবাৰ হঠাত চাব মাৰি ঢেঁকীটো পেলাই দি তেজীমলাৰ সোহাঁতখন খুন্দি পেলালে। সোহাঁতখন খুন্দিলত তেজীমলাই যন্ত্ৰণাত চিয়ঁৰি কান্দিবলৈ ধৰিলেত, বাঢ়নী মাৰি ডালেৰে মাহীয়েকে তেজীমালৰ পিঠিত কোবাবলৈ ধৰি, তেজীমালক বাওঁ হাতেৰে খুবলিত ধান বঢ়াই দিবলৈ হুকুম দিলে। বাওঁহাতেৰে খুবলিত ধান বঢ়াই থাকোঁতেই মাহীয়েকে সোঁহাতৰ দৰে তেজীমলাৰ বাওঁ হাতখনো খুন্দিলে, বাওঁহাত খুন্দি তাৰপিছত মাহীয়েকে তেজীমলাক সোঁ ভৰিৰে ধান বঢ়াবলৈ কৈ সোঁ ভৰিখনো খুন্দিলে আৰু তাৰ পিছত সেইদৰে বাওঁভৰিখনো খুন্দিলে। শেহত মাহীয়েকে মুৰেৰে ধান বঢ়াবলৈ কৈ তেজীমলাৰ মুৰটোও খুন্দি পেলালে। তেজীমলা মৰিল।

এইদৰে গিৰিয়েকৰ আলাসৰ লাড়ু চেনেহৰ তেজীমলাক মাৰি সাউদনীয়ে কোনেও নেদেখাকৈ লৰালৰিকৈ নি ঢেঁকীশালৰ পানীপোতাতে গাঁত এটা খান্দি পুতি থলে।

তেজীমালক পোতা ঠাইডোখৰত কিছুদিনৰ মূৰত এজোপা লাওগছ গজি লহ-পহ কৰে ডাঙৰ হ’ল আৰু গছ ভৰি বঢ়িয়া বঢ়িয়া একোটা লাও লাগিল। ইফালে ওচৰ-চুবুৰীয়া মানুহে ভালেমান দিন তেজীমালক দেখিবলৈ নাপাই, মাহীয়েককক তাইৰ বাতৰি সুধিলত মাহীয়েকে উত্তৰ দিলে, “তেজীমলা সখীয়েকৰ ঘৰৰ পৰা অহাই নাই।”

এদিন মাগনী বুঢ়ী এজনীয়ে সাউদনীৰ ঘৰৰ ঢেঁকীশালৰ ছালত লাওবোৰ লাগি থকা দেখি সাউদনীৰ ওচৰলৈ আহি ক’লে, “আই মোক লাও এটা দিয়ক।” তেজীমলাক মৰাৰ দিনৰে পৰা মাহীয়েকে ঢেঁকীশালৰ ফালে যোৱা নাছিল দেখি লাওজোপা তাইৰ চকুত পৰাই নাছিল। সেইদেখি তাই মাগনী বুঢ়ীক উত্তৰ দিলে, “মই তোক লাও দিবলৈ ক’ত পাম? নিজেই আজি ভালেমান দিন লাও খোৱা নাই।” মাগনীয়ে ক’লে, “কিয় আই এনেকৈ কয়, আপোনাৰ ঢেঁকীশালৰ ছালতে দেখোন লাও ভৰি লাগি আছে।” বুঢ়ীৰ কথা শুনি সাউদনীয়ে আচৰীত মানি ক’লে, “মই হ’লে দেখা নাই, তই দেখিছ যদি কেইটা লাগে ছিঙি নেগৈ।” বুঢ়ীৰ এই কথা শুনি লাওগছৰ ওচৰলৈ আহি লাও এটা ছিঙিবলৈ হাত মেলোঁতেই লাও-জোপাই বিনাই মাত লগালে -

“হাতো নেমেলিবি লাৱো নিছিঙিবি,

ক’ৰে মগনীয়া তই।

পাট-কাপোৰৰ লগতে মাহী আই খুন্দিলে

তেজীমলাহে মই।”

লাওগছে মতা শুনি বুঢ়ীয়ে ভয় খাই লাও নিছিঙি গুচি আহি সাউদনীক ক’লে, “আই, লাও ছিঙিবলৈ হাত মেলোতেই মোক এইদৰে লাও জোপাই মাত লগালে। মোক আৰু লাও নেলাগে আই, মই গুচি যাওঁ।” এইবুলি মাগনী বুঢ়ী গুচি গ’ল। তেতিয়া সাউদনীয়ে কথাটোৰ আচল মানে ভালকৈ বুজিব পাৰি, কটাৰী এখন লৈ গৈ লাওগছজোপা কাটি টানি নি বাৰীৰ পিছফালে পেলাই দি গুচি আহিল।

লাওজোপা কাটি য’তেই পেলাই দিছিল সেইখিনিতে কিছুমান দিনৰ মূৰত এজোপা জৰাটেঙা হৈ ডাল ভৰি জৰা টেঙা লাগিল। গছজোপাত জৰাটেঙা ইমানকৈ লাগিছিল যে তাৰ ভৰত গছজোপা দোঁ-খাই পৰিছিল। এদিন কিছুমান গৰখীয়া ল’ৰাই গৰু চৰাওঁতে সেই জৰাগছত জৰাটেঙা দেখি খাবলৈ মন কৰি সাউদনীৰ ওচৰলৈ আহি ক’লে, “আই, আমাক গোটাচেৰেক জৰাটেঙা খাবলৈ দিবনে?” সাউদনীয়ে “মই ক’ত জৰাটেঙা পাম?” বুলি ক’লত সিহঁতে ক’লে, “কিয় আই, আপোনাৰ বাৰীৰ পিছফালে এজোপা জৰাগছত জৰাটেঙা দেখোন ভৰি লাগি আছে।” সিহঁতৰ কথা শুনি সাউদনীয়ে আচৰিত মানি ক’লে, “কই হ’লে ক’ত জৰাটেঙা লাগিছে দেখা নাই, তহঁতে দেখিছ যদি কিমান লাগে পাৰি নে গৈ।”

সাউদনীৰ হুকুম পাই গৰখীয়া ল’ৰাকেইটা জৰাটেঙাৰ কাষলৈ গৈ জৰাটেঙা পাৰিব খোজোঁতেই গছজোপাই মিনাই মাত লগালে --

“ভাইও বোলোঁ মই ককাইও বোলো মই,

গাঁৱৰে গৰখীয়া।

হাতো নেমেলিবি, জৰাও নিছিঙিবি,

ঘৰলৈ উভটি যা।

পাট-কাপোৰৰ লগতে মাহী আই খুন্দিলে,

মইহে তেজীমলা।”

গৰখীয়া ল’ৰাহঁতে এই বিননি শুনি কিবা দেওভূত গছজোপাত আছে বুলি জৰাটেঙা নিছিঙি তাৰপৰা আহি সাউদনীক এই কথা কৈ গুচি গ’ল। সাউদনীৰ ছাঁট কৰে মনত পৰিল যা তাই লাওজোপা কাটি সেইখিনিতে পেলাইছিল। এই কথা মনত পৰিলত তাই বুজিব পাৰিলে যে তেজীমলাইহে জৰা হৈ আছে। ইয়াকে ভাবি সাউদনীয়ে জৰাগছ জোপা নদীত উটাই দিলে।

জৰা গছজোপা নদীত উটি গৈ ওচৰৰে ঘূলি এটাত ৰৈ এজোপা পদূম হৈ এটা সুন্দৰ ফুলেৰে জকমকীয়া হ’ল। কিছুদিনৰ মূৰত বেহা-বেপাৰ কৰি সেই নৈয়েদিয়েই তেজীমলাৰ বাপেকে নাৱেৰে উভটি আহোঁতে নৈৰ ঘূলিত গছজোপাত সুন্দৰ পদূম ফুল এটা ফুলি থকা দেখি তেজীমলালৈ সেই ফুলটো লৈ যাঁও বুলি ভাবি নাৱৰীয়া এটাক সেই ফুলটো ছিঙি আনিবলৈ ক’লে। নাৱৰীয়াটোৱে ফুলটো ছিঙিবলৈ হাত মেলোঁতেই পদূমে বিনাই গালে -

“হাতো নেমেলিবি, ফুলো নিছিঙিবি,

ক’ৰে নাৱৰীয়া তই।

পাকাপোৰৰ লগতে মাহী আই খুন্দিলে,

তেজীমলাহে মই।”

ফুলে বিনোৱা দেখি নাৱৰীয়াটোৱে ভয় খাই সাউদক ক’লত, সাউদে সেইটো কিনো চাওঁ বুলি ওচৰ চাপি গৈ ফুলটো ছিঙিবলৈ হাত মেলিলতে ফুলে বিনাই মাতিলে -

“হাতো নেমেলিবা, ফুলে নিছিঙিবা,

চেনেহৰ পিতাদেউ এ।

পাট-কাপোৰৰ লগতে মাহী আই খুন্দিলে,

তেজীমলাহে মই।”

বাপেকে তেজীমলাৰ মাহীয়েকৰ স্বভাবৰ কথা আগৰে পৰা জানি থৈছিল, সেই কাৰণে ভাবিলে যে, “এইজনী নিশ্চয় মোৰ তেজীমলা।” ইয়াকে মুদৈয়ে ভাবি তেওঁৰ বাঁওহাতত তেওঁৰ মুখৰ তামোলৰ এখন চোবা আৰু সোহাঁতত এটা লাড়ু লৈ ক’লে যে, “যদি তই মোৰ তেজীমলাহে হয়, তেন্তে নিশ্চয় তই শালিকাটি হৈ উৰি আহি মোৰ হাতত পৰি এই চোবাটি খাবি; আৰু যদিহে নহয়, আনন কোনোবাহে হয় তেন্তে লাড়ুটো নিবি।” এইবুলি তেওঁ ক’লতে পদূম ফুলটি শালিকা এটি হৈ উৰি আহি তেওঁৰ হাতত পৰি চোবাটি খালে। বাপেকে তেতিয়া তেজীমলা বুলি নিশ্চয়কৈ জানি শালিকাটি এটা সজাত সুমুৱাই লৈ আহিল। সাউদে ঘৰ পাই ঘৈণীয়েকক সুধিলে, “তেজীমলা ক’লৈ গ’ল?” ঘৈণীয়েকে ক’লে, “মোমায়েকৰ ঘৰলৈ গ’ল।” সদাগৰে ঘৈণীয়েকক ঘুকটি ঘুকটি প্ৰশ্ন কৰি আচল কথাটো উলিয়াই সৈ কঢ়ালে। ইয়াৰ পিছত শালিকাটিৰ গাত নিজৰ পানীগামোচাখন পেলাই দি ক’লে, “যদি তই মোৰ তেজীমলাহে আৰু যদি মোলৈ তোৰ মৰম আছে, এই গামোচাখন পিন্ধি তই মানুহ হ’বি।” এই কথা শুনি তেতিয়াই তেজীমলা আগৰদৰে হ’ল আৰু সাউদে ঘৈণীয়েকক ঘৰৰপৰা তেতিয়াই খেদাই দিলে।