তাৱৈয়েকৰ সাধু

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

দুজন বৰ মৰমৰ সখি আছিল| এজন মৰিবৰ সময়ত তেওঁ পুতেকক সখিয়েকৰ হাতত গতাই দি ক’লে, ”সখি, মোৰ ল’ৰাটো তোমাক গাতালোঁ; তুমি তাক বুধি-ভৰসা দি চলাই-মেলি মানুহ কৰিবা|” পুতেককো সি ক’লে, ”মোৰ সখিৰ হাতত তোক গতালোঁ| সখিয়ে তোক যিহকে কয় তাকে কৰিবি, যেনেকৈ চলায় তেনেকৈ চলিবি; কোনো কথাতে সখিৰ বাইকৰ চুলি এডালৰ সমানো আঁতৰ নহ’বি; কোনো কাম কৰিবলগীয়া হ’লে সখিৰ কাণ চুৱাইহে কৰিবি|”

বাপেক ঢুকাল| পুতেকেও সেই মনে-চিতেই তাৱৈয়েকৰ কথাত চলি আছে| এদিন তাৰ ঘৈণীয়েকৰ ল’ৰা এটা উপজিলত সি তাৱৈয়েকক সেই বাতৰি দিলেগৈ| তাৱৈয়েকে তাক ক’লে, ”তোমাৰ ঘৰৰ পিছফালে পোতা পুখুৰীটোত ল’ৰাটো নি এতিয়াই পুতি থোৱাগৈ|” সি তাৱৈয়েকৰ কথাত অবাক হ’ল| কিন্তু বাপেকৰ আজ্ঞা সুমৰি, একো নকৈ ল’ৰাটো নি তাৰ ঘৰৰ পিছফালে পোতা পুখুৰীত পুতি থ’লেগৈ| ইয়াৰ এবছৰ পিছত তাৰ আকৌ এটা ল’ৰা উপজিলত তাকো তাৱৈয়েকে আগৰ দৰে পুতি থ’বলৈ ক’লত সি মনত বৰ বেজাৰেৰে তাৱৈয়েকৰ কথা সৰোগত কৰি মানি তাকে কৰিলে| ইয়াৰ ডেৰবছৰমানত পিছত তাৰ ঘৈণীয়েকে ছোৱালী এজনী পালে| এইবাৰ সি ভাবিলে তাৱৈয়েকে আৰু আগৰ দৰে ছোৱালীজনী পুতি থ’বলৈ ব্যৱস্থা নিদিয়ে| কিন্তু সি বিস্ময় মানিলে যে তাৱৈয়েকে এই ছোৱালীজনীকো আগৰ ল’ৰা দুটাৰ দৰে সেই পোতা পুখুৰীতে পুতি থ’বলৈ ক’লে| সি নিৰুপায় হৈ মনৰ বেজাৰ মনতে পুহি, তাৱৈয়েকৰ কথামতে ছোৱালীজনীকো পুতি থ’লে| ইয়াৰ দুবছৰমান পিছত তাৰ ঘৈণীয়েকৰ আকৌ ল’ৰা এটা উপজিল| সি এইবাৰ ভাবিলে যে বাৰ তাৱৈক এই বাতৰি দিওঁ, কিন্তু যি থাকে কপালত, এইবাৰ তেওঁ এই ল’ৰাটো পুতি থ’বলৈ ক’লেও আৰু মই তেওঁৰ কথা নুশুনো| ইয়াকে ভাবি সি তাৱৈয়েকৰ ঘৰলৈ গৈ ল’ৰা হোৱা বাতৰি দিলত, তাৱৈয়েকে তাক ক’লে, ”বোপা, এই ল’ৰাটো তুমি ধুৱাই পখলাই লোৱাগৈ| কিন্তু মই এটা কথা তোমাক কওঁ, তুমি তোমাৰ আগৰ ল’ৰা-ছোৱালীকেইটা য’ত পুতি থৈছিলা আজি ৰাতি সেইখিনিতে পল এটা পতি তাৰ ওপৰত পৰ দি বহি থাকিবা|” তাৱৈয়েকৰ কথামতেই সি ঘৰলৈ গৈ ল’ৰাটো ধুৱাই-পখলাই ল’লে আৰু ৰাতি সেইদৰে পোতা-পুখুৰীৰ মাজত পল এটা পাতি পৰ দি থাকিল|

ৰাতি দুপৰ হৈছে, এনেতে বৰটো ল’ৰাই গাঁতৰ ভিতৰৰ পৰা মাত লগালে, ”ভাইটি ঐ| মই থাকিবলৈ নাপালো| পোৱাহেঁতেন তাক থিয়ৈ থিয়ৈ শূলত দিয়ালোঁহেঁতেন| উ: কটা ভাল সাৰিল|” মাজুটো ল’ৰাই মাত লগালে, ”ককাইটি ঐ| মই থাকিবলৈ পোৱা হ’লে তাৰ ডিঙিত চিপজৰী লগালোঁহেঁতেন| তাৰ তাৱৈয়েকে আমাৰ মঙহ খালে|” ইয়াৰ পিছত ছোৱালীজনীয়ে মাত লগালে,” ককাইটিহঁত, যদি মই কেনেবাকৈ থাকিবলৈ পালোঁহেঁতেন তেন্তে তাক কেঁকোৰা খোলাদি খুলি খুলি খালোহেঁতেন| কি কম ককাইটিহঁত, মনৰ কথা মনতে ৰৈ গ’ল|”

এইবোৰ কথা শুনি মানুহটোৱে তেতিয়া ভালকৈ বুজিলে যে তাৰ তাৱৈয়েকে তাৰ কি উপকাৰ কৰিলে| তেতিয়া তাৱৈয়েকৰ ওপৰত তাৰ আৰু ডাঠ বিশ্বাস হ’ল| ইয়াৰ কিছুদিনৰ পিছত তাৰ ধান বেচিবৰ হ’লত সি তাৱৈয়েকক সুধিলে, ”তাৱৈ, মোৰ ধানগাল বেচিব খুজিছোঁ|’ তাৱৈয়েকে তাক সুধিলে, ”ধানৰ দৰ কি হৈছে?” সি উত্তৰ দিলে, ”টকাৰ ১২ পূৰা|” তাৱৈয়েকে ক’লে’ ”এতিয়া বেচিব নালাগে|”

আৰু কিছুমান দিনৰ পিছত সি তাৱৈয়েকৰ ঘৰ ওলাই তাৱৈয়েকক ক’লে, ”তাৱৈ, ধানৰ দৰ কমিলেহে| এতিয়া কি কৰিম? লাহে লাহে কিজানি আৰু কমিবহে|” তাৱৈয়েকে সুধিলে,”কেইপূৰাকৈ হৈছে?” সি ক’লে’ ”এতিয়া ২০ পূৰা হ’ল|” তাৱৈয়েকে ক’লে, ”যোৱা এতিয়া বেচি দিয়াগৈ|” সি তাৱৈয়েকৰ কথামতেই টকাত ২০ পূৰাকৈ ধান বেচি টকাখিনি লৈ গৈ তাৱৈয়েকক দেখুৱালত তাৱৈয়েকে ক’লে, ”ভাল হৈছে, এতিয়া তুমি এই টকাৰে সোণ কিনি আনি সোণাৰিৰ হতুৱাই এটা লাড়ু গঢ়োৱা|” তাৱৈয়েকৰ কথামতেই সি সোণৰ লাড়ুটো কৰি আনি তাৱৈয়েকক দিলত, তাৱৈয়েকে ক’লে, ”এই লাড়ুটো তুমি নৈত পেলাই দিয়াগৈ|” সি তাৱৈয়েকৰ কথা শুনি মনত বেহাৰ পাই অগত্যা সোণৰ লাড়ুটো নৈত পেলাই দিলেগৈ| মাহ্চেৰেকৰ মূৰত ডোম এটাই এটা ৰৌমাছ বেচিবলৈ বুঢ়াৰ পুতেকৰ ঘৰলৈ আনিছিল| সি ৰৌমাছটো লৈ কাটিলতে তাৰ পেটত সেই সোণৰ লাড়ুটো ওলাই পৰিল| সি তাৱৈয়েকক লাড়ুটো দেখুৱালত, তাৱৈয়েকে তাক ক’লে, ”তোমাৰ এইটোহে নিজৰ বস্তু| যোৱা এইটো ভালকৈ থৈ দিয়াগৈ| তুমি কিজানি আগেয়ে মোক তোমাৰ শত্ৰু বুলিহে ভাবিছিলা| এতিয়া মই দুইটা কথাৰে তোমাক পতিয়ন দিব পাৰি ঈশ্বৰৰ চৰণত সেৱা কৰিছোঁ| যোৱা বোপা, তুমি ধৰ্মত মতি ৰাখি ঈশ্বৰৰ চৰণত নিৰ্ভৰ কৰি সকলো কৰিবলগীয়া কাম-কাজ কৰি সুখেৰে খাই-বই থাকাগৈ| কোনো চিন্তা নাই, মোৰ প্ৰভুৱে তোমাৰ সততে মঙ্গল কৰিব|”