বিষয়াৰ ঠাই সলনি

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
কামৰূপৰ বুৰঞ্জী
লেখক সূৰ্যকুমাৰ ভূঞা
কামৰূপৰ বুৰঞ্জী

১ম আধ্যা। প্ৰাচীন কামৰূপ[সম্পাদনা কৰক]

২য় আধ্যা। জাহাঙ্গিৰ পাৎসাৰ চ’ৰাত পৰীক্ষিত আৰু লক্ষ্মীনাৰায়ণ[সম্পাদনা কৰক]

(১৭) ঘিলাত ৰঘুদেৱৰ পাট স্থাপন, (১৮) ৰঘুদেৱ আৰু লক্ষ্মীনাৰায়ণৰ বিৰোধ, (১৯) ৰঘুনাৰায়ণৰ পুত্ৰ, (২০) বলীনাৰায়ণৰ মৃত্যু, (২১) পৰীক্ষিত আৰু বেহেৰুৱা কাৰ্জি, (২২) পৰীক্ষিতৰ বিৰুদ্ধে মকৰম-খাঁৰ অভিযান, (২৩) পৰীক্ষিতৰে মকৰম-খাঁৰ যুদ্ধ, (২৪) পাৎসাৰ আগত পৰীক্ষিত আৰু লক্ষ্মীনাৰায়ণ

৩য় আধ্যা। মকৰম-খাঁৰ কোঁচৰাজ্য আক্ৰমণ।[সম্পাদনা কৰক]

(২৮) বিজয়পুৰত নগৰ, (২৯) চা-জাহাঁক সহায় ভিক্ষা, (৩০) কামৰূপত যৱন, (৩১) পৰীক্ষিতৰ মৃত্যু, (৩২) বলী কোঁৱৰৰ শৰণাপন্ন

৮ম আধ্যা। মীৰ-জুম্লাৰ আসাম আক্ৰমণ।[সম্পাদনা কৰক]

(১১৯) মীৰ-জুম্লাৰ আক্ৰমণৰ এটি উপকথা, (১২০) আহোমৰ পৰাজয়, (১২১) বিষয়াৰ ঠাই সলনি, (১২২) আহোমৰ বলক্ষয়, (১২৩) তিপামত বঙ্গাল, (১২৪) দিলাল-খাঁৰ ৰাজমন্ত্ৰীলৈ চিঠি, (১২৫) মহাৰাজাৰ পাৎসাৰ লগত বৈবাহিক মিত্ৰতা

৯ম আধ্যা। ৰামসিংহৰ আসাম আক্ৰমণ।[সম্পাদনা কৰক]

(১৩০) চক্ৰধ্বজসিংহ ৰাজপাটত, (১৩১) পাৎসালৈ আহোম কটকী, (১৩২) স্বৰ্গদেৱলৈ পাৎসাৰ উত্তৰ, (১৩৩) ফুকনলৈ দিলাল-খাঁৰ চিঠি, (১৩৪) দিলাল-খাঁলৈ ফুকনৰ চিঠি

      বিষয়াৰ ঠাই সলনি

পাচে বুঢ়াগোহাঁই, বৰগোঁহাই, বৰপাতৰ-গোহাঁই, নামনিয়াল ৰজাৰ শহুৰ ভিতৰুৱাল গোহাঁই, তামুলী-দলৈৰ পুতেক, এইসকলক গড়গ্ৰামত থৈ ৺জা নামৰূপলৈ গল। তাত পাচে গড়গ্ৰামৰ পৰা ডাঙ্গৰীয়াসকলে বাঁহবৰীয়া কটকী, ভেলাইৰ পুতেক, লঘন তামুলীক, ভাৱৰিয়াল বামুণক, চৱাল মুদৈক, এই পাঞ্চক বঙ্গালৰ গালৈ পঠাই দিলে, বোলে, “আমি যি হয় পেচকোচ দিয়োঁ, সিবোৰ নহোঁক।” পাচে সিবোৰ গৈ দেৰগাঁওত এই কথা বঙ্গালৰ আগত ক’লে। বঙ্গালে বোলে, “তহঁত শুদা মানুহেৰে কি কথা হম? নাই ৩ জনা গোহাঁই, নহইবা ফুকনবোৰৰ এক জনা আহিব, তেবে আমি কি কথা হম।” এই কথা ডাঙ্গৰীয়াবোৰে আলচি ফুলবৰুৱা ফুকনক, কৌপতীয়াক, সনাতন কটকীক, খেত্ৰিৰ পুতেকক এই চাৰিক পঠাই দিলে সন্দেশ-পত্ৰ দি পূৰ্ব্ব ধাৰাণে, সিবোৰ গৈ গজপুৰত লগ পালেগৈ। এই কথা খানখানা নামানিলে। কলিয়াবৰ, লখৌ, দেৱৰগাওঁ, গজপুৰ, চিনাতলী এই পাঞ্চ ঠাইত পাঞ্চ আমীৰা থৈ গড়গ্ৰামলৈ উজাই গ’ল। পাচে বুঢ়াগোহাঁইক নামনিয়াল ৰজাৰ শহুৰেকক ৺তা তিপামৰ পানী-ফাটত থাকিব দিলে। পুংদাঙ্গত থাকিব দিলে। গঢ়গয়াঁ ৰজাৰ শহুৰেকক চেংধৰা বৰবৰুৱাক ৺ৰ লগত বুঢ়াগোহাঁইৰ পিতৃ বাঁহগৰীয়া গোহাঁই নেওগ, আনো দুই এক বৰুৱাক থাকিব দিলে। পাচে বঙ্গালেও গৈ চৰগুৱা, চাৰিং, শিলপানী, গঢ়গ্ৰাম, পৰ্ব্বত এই পাঞ্চ ঠাইত পাঞ্চ আমীৰাক থৈ খানখানা নবাব বাকোবাৰীত ৰহিলগৈ। তাৰ পৰা এক উমৰাও বলকতুমত ৰহিলগৈ।