বলীনাৰায়ণৰ মৃত্যু

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
কামৰূপৰ বুৰঞ্জী
লেখক সূৰ্যকুমাৰ ভূঞা
কামৰূপৰ বুৰঞ্জী

১ম আধ্যা। প্ৰাচীন কামৰূপ[সম্পাদনা কৰক]

২য় আধ্যা। জাহাঙ্গিৰ পাৎসাৰ চ’ৰাত পৰীক্ষিত আৰু লক্ষ্মীনাৰায়ণ[সম্পাদনা কৰক]

(১৭) ঘিলাত ৰঘুদেৱৰ পাট স্থাপন, (১৮) ৰঘুদেৱ আৰু লক্ষ্মীনাৰায়ণৰ বিৰোধ, (১৯) ৰঘুনাৰায়ণৰ পুত্ৰ, (২০) বলীনাৰায়ণৰ মৃত্যু, (২১) পৰীক্ষিত আৰু বেহেৰুৱা কাৰ্জি, (২২) পৰীক্ষিতৰ বিৰুদ্ধে মকৰম-খাঁৰ অভিযান, (২৩) পৰীক্ষিতৰে মকৰম-খাঁৰ যুদ্ধ, (২৪) পাৎসাৰ আগত পৰীক্ষিত আৰু লক্ষ্মীনাৰায়ণ

৩য় আধ্যা। মকৰম-খাঁৰ কোঁচৰাজ্য আক্ৰমণ।[সম্পাদনা কৰক]

(২৮) বিজয়পুৰত নগৰ, (২৯) চা-জাহাঁক সহায় ভিক্ষা, (৩০) কামৰূপত যৱন, (৩১) পৰীক্ষিতৰ মৃত্যু, (৩২) বলী কোঁৱৰৰ শৰণাপন্ন

৮ম আধ্যা। মীৰ-জুম্লাৰ আসাম আক্ৰমণ।[সম্পাদনা কৰক]

(১১৯) মীৰ-জুম্লাৰ আক্ৰমণৰ এটি উপকথা, (১২০) আহোমৰ পৰাজয়, (১২১) বিষয়াৰ ঠাই সলনি, (১২২) আহোমৰ বলক্ষয়, (১২৩) তিপামত বঙ্গাল, (১২৪) দিলাল-খাঁৰ ৰাজমন্ত্ৰীলৈ চিঠি, (১২৫) মহাৰাজাৰ পাৎসাৰ লগত বৈবাহিক মিত্ৰতা

৯ম আধ্যা। ৰামসিংহৰ আসাম আক্ৰমণ।[সম্পাদনা কৰক]

(১৩০) চক্ৰধ্বজসিংহ ৰাজপাটত, (১৩১) পাৎসালৈ আহোম কটকী, (১৩২) স্বৰ্গদেৱলৈ পাৎসাৰ উত্তৰ, (১৩৩) ফুকনলৈ দিলাল-খাঁৰ চিঠি, (১৩৪) দিলাল-খাঁলৈ ফুকনৰ চিঠি

      বলীনাৰায়ণৰ মৃত্যু

পৰীক্ষিতে ইন্দ্ৰনাৰায়ণক মেচ লগাই ঘাৰ মুচৰি মাৰি ৰাজা হল। এই গণ্ডগোল শুনি ৰাজা লক্ষ্মীনাৰায়ণ কামাখ্যা গুৰিৰ দুৱাৰে ঘিলা সোমাল। বৰ ৰণ হল। সেই ৰণতে লক্ষ্মীনাৰায়ণৰ ভাই বলীনাৰায়ণ পৰিল; পৰীক্ষিতনাৰায়ণৰ ৰূপাবৰ ঢালী বৰসি সানি মাৰিলেক; সন্ধ্যা সময় কোনোবা চৰদাৰ বুলি নাজানি মাৰিলেক। পাচে বলীনাৰায়ণ বুলি জানি, আপোনাৰ তৰোৱাল খসাই বলীনাৰায়ণৰ আগত দিলেক, বোলে, “তুমি ৰাজাৰ ভাই, মঞি পাইক হৈ তোমাক মাৰিলোঁ। এতেকে তোমাৰ হাতে মোক কাটা। প্ৰায়শ্চিত হৌক।” বলীনাৰায়ণে বোলে, “তোক মাৰিলে কি হব ? সহজে মঞি জীবাৰ নুই। বিশেষ যাৰ লোণ খাৱ, তাৰ কাৰ্য্যত থাকি অকথা কৰিবাকো পাৱ। আৰু অজ্ঞানত মাৰিছাহঁ, তোৰ একো অপৰাধ নাই।” এই বুলি বলীনাৰায়ণ মৰিল। পাচে পৰীক্ষিতে বলীনাৰায়ণক আনি আগৰ চন্দনেৰে বিধিপূৰ্ব্বক কাষ্ঠসংস্কাৰ কৰি অস্থি বেহাৰক পঠাই দিলেক। সেই ৰণতে পাৰ কাৰ্জি সহিতে বাৰজন কাৰ্জি ধৰি আনিলেক। ২০ ॥