চা-জাহাঁক সহায় ভিক্ষা
অৱয়ব
এই পাঠ্যৰ উৎস গ্ৰন্থ বা নথি অজ্ঞাত। প্ৰামাণ্যতাৰ সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি এই পাঠ্যৰ আলোচনা পৃষ্ঠা চাওক। "উৎস"ৰ অৰ্থ এই কামৰ প্ৰতিলিপি আনে বিচাৰি পাব পৰা স্থান। সাধাৰণতে ই ৱিকিমিডিয়া কমন্সত আপল'ড কৰা আৰু মুদ্ৰণ সংশোধন কৰিব পৰা মূল কামৰ স্কেন ফাইল। যদি নাই, তেন্তে এটা URL হ'লেও দিয়া উচিত; একো নাথাকিলে অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাত কাৰণ উল্লেখ কৰিব। |
চা-জাহাঁক সহায় ভিক্ষা
বেহাৰত তান পুত্ৰ লখীনাৰাণ ৰাজা হল। বিজয়পুৰে পৰীক্ষিতনাৰাণ ৰাজা হল। তাত পাচে দুয়ো ৰাজা যুদ্ধ হল। পৰীক্ষিতে আগ বাঢ়ি বেহাৰকো মাৰেগৈ। লখীনাৰাণ বলে নাটে। একদিনা লখীনাৰাণৰ ভাই বলীদেৱনাৰাণক ৰণত পাই তত্ কালে পৰীক্ষিতে মাৰিলে। লখীনাৰাণে কিছু কৰিব নোৱাৰি ভাইৰ শোকে চা-জাহাঁ পাৎসাৰ শৰণে পশিলেগৈ; বোলে, “মঞি কামৰূপৰ ৰাজা, তোমাৰ আমি ভৃত্য ভৈলোঁ। তুমি আমাক পুত্ৰবতে। আমাৰ পিতৃ-পিতামহে সৰ্ব্বকালে ৰাজা আছিল। এখন মোৰ ভাতৃ-পুত্ৰ, পাত্ৰ-মন্ত্ৰী সমে আলচি ৰাজা হৈ মোক দেশৰ ডাকি খেদে। মোৰ সোদৰ ভাইকো মোৰ আগতে কাটিলে।” এতেকে পাৎসায়ো আগ-পাচ কথা অনেক সুধিলে। পাচে মকৰম-খাঁ নবাবক পাৎসাই পঠাই দিলে। পাৎসা বোলে, “ৰাজাক যিগোটে খেদে তাক ধৰি আনগৈ। ২৯॥