ঘিলাত ৰঘুদেৱৰ পাট স্থাপন

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
কামৰূপৰ বুৰঞ্জী

১ম আধ্যা। প্ৰাচীন কামৰূপ[সম্পাদনা কৰক]

২য় আধ্যা। জাহাঙ্গিৰ পাৎসাৰ চ’ৰাত পৰীক্ষিত আৰু লক্ষ্মীনাৰায়ণ[সম্পাদনা কৰক]

(১৭) ঘিলাত ৰঘুদেৱৰ পাট স্থাপন, (১৮) ৰঘুদেৱ আৰু লক্ষ্মীনাৰায়ণৰ বিৰোধ, (১৯) ৰঘুনাৰায়ণৰ পুত্ৰ, (২০) বলীনাৰায়ণৰ মৃত্যু, (২১) পৰীক্ষিত আৰু বেহেৰুৱা কাৰ্জি, (২২) পৰীক্ষিতৰ বিৰুদ্ধে মকৰম-খাঁৰ অভিযান, (২৩) পৰীক্ষিতৰে মকৰম-খাঁৰ যুদ্ধ, (২৪) পাৎসাৰ আগত পৰীক্ষিত আৰু লক্ষ্মীনাৰায়ণ

৩য় আধ্যা। মকৰম-খাঁৰ কোঁচৰাজ্য আক্ৰমণ।[সম্পাদনা কৰক]

(২৮) বিজয়পুৰত নগৰ, (২৯) চা-জাহাঁক সহায় ভিক্ষা, (৩০) কামৰূপত যৱন, (৩১) পৰীক্ষিতৰ মৃত্যু, (৩২) বলী কোঁৱৰৰ শৰণাপন্ন

৮ম আধ্যা। মীৰ-জুম্লাৰ আসাম আক্ৰমণ।[সম্পাদনা কৰক]

(১১৯) মীৰ-জুম্লাৰ আক্ৰমণৰ এটি উপকথা, (১২০) আহোমৰ পৰাজয়, (১২১) বিষয়াৰ ঠাই সলনি, (১২২) আহোমৰ বলক্ষয়, (১২৩) তিপামত বঙ্গাল, (১২৪) দিলাল-খাঁৰ ৰাজমন্ত্ৰীলৈ চিঠি, (১২৫) মহাৰাজাৰ পাৎসাৰ লগত বৈবাহিক মিত্ৰতা

৯ম আধ্যা। ৰামসিংহৰ আসাম আক্ৰমণ।[সম্পাদনা কৰক]

(১৩০) চক্ৰধ্বজসিংহ ৰাজপাটত, (১৩১) পাৎসালৈ আহোম কটকী, (১৩২) স্বৰ্গদেৱলৈ পাৎসাৰ উত্তৰ, (১৩৩) ফুকনলৈ দিলাল-খাঁৰ চিঠি, (১৩৪) দিলাল-খাঁলৈ ফুকনৰ চিঠি

      ঘিলাত ৰঘুদেৱৰ পাট স্থাপন

কোঁচবেহাৰৰ বিশ্বসিংহ ৰজাৰ পুতেক মহাৰাজা নৰনাৰায়ণৰ ভায়েক চিলাৰায় শুক্লধ্বজ কোঁৱৰ পৰলোক হল। চিলাৰায়ৰ বেটা ৰঘুদেৱনাৰায়ণ হয়। নাৰায়ণে পাট এৰি বেহাৰক মোৰঙ্গৰ ৰাজাই মাৰে আহি যেন পাট কৰি থাকিল। ৰঘুদেৱে লগতে আছিল। তেবে চিলাৰায়ৰ বৰা-বুৰুক,― কবিন্দ্ৰপাত্ৰ, যুধিষ্ঠিৰ ভাণ্ডাৰ কায়স্থ, শ্ৰীৰায় লস্কৰ, কাইপুৰ গিৰি, সোণাবৰ, ৰূপাবৰ, চৰদাৰ কবিৰাজ, গোপাল চাউলীয়া, গদাই বৰকায়স্থ, গদাধৰ চাউলীয়া, পুৰন্দৰ লস্কৰ এবং আনো বৰা-বুৰুক ৰঘুদেৱ পাট-কোঁৱৰক বুলিলে, “তুমি এইমতে থাকিলে ৰাজাৰ আজ্ঞাকাৰী হৈ থাকিবা। পূৰ্ব্বে বিশ্বসিংহ মহাৰাজা স্বৰ্গী হবৰ সময় বৰসোণকোষ সীমা কৰি বেহাৰ নৰনাৰায়ণ ৰাজাক দিছে। ইদিকে চিলাৰায় দেৱানক দিছে। এতেকে তোমাক ঘিলাত ৰাজা পাতোঁ। স্বয়ং ৰাজা হৱা। তোমাৰ পিতৃৰ হাতী-ঘোঁৰা, আহিলা-পাতি উপায় কৰি লৈ ফুৰুহা খাওঁ বুলি ওলোৱা।” পাচে ৰঘুদেৱে ৰাজাত কহিলেক, “আজ্ঞা পালে ফুৰুহ খাবাক যাবাক খোজোঁ।” ৰাজা বোলে, “তাঞি মোৰ পুত্ৰত অধিক স্নেহ। যি ইচ্ছা তাকে কৰ।” বোলে, “মোৰ পিতৃৰ বৰ-বুৰুক হাথী-ঘোঁৰা, আহিলা-পাতি নিবাক খোজোঁ।” ৰাজাই বোলে, “সবে তোৰ, সবে মোৰ, যাক ইচ্ছা তাকে লৈ যা।” পাচে বাপেকৰ চৰমজান লৈ ফুৰুহানা খাই সোণকোষ নদীৰ পাৰ হৈ ঘিলাত বেঙ্গে সাপ খাবাক দেখি পাট কৰিলেক। নৰনাৰায়ণ বেহাৰতে থাকিল। পাচে ৰঘুদেৱে দুটা বৰুৱাক নৰনাৰায়ণৰ ঠাই পঠাই দিলে। “মহাৰাজাৰ পুত্ৰ আছে, মহাৰাজা থাকে মানে একো নাই, মহাৰাজা নাথাকিলে তেওঁৰ বেটাই সহিতে ভাল হবৰ নুই। একে চোঙ্গত দুই বাঘ নাথাকে। এতেকে আহিলোঁ, যদি ভাল দেখে, তেবে পিতামহে ৰাজ্য বিভাগি দিছে। পিতৃৰ ভাগত মোক ৰাজা পাতোক। তেবে কুশলে সৱে থাকিম।” এই কথা শুনি ৰাজা বৰ আনন্দ হল; বোলে, “ভতিজাই বাৰু ভাবিছে, ই গোট উত্তম কথা।” পাচে দণ্ড-ছত্র সিংহাসন দি ঘিলাত ৰাজা কৰিলে। মহাৰাজা ৰঘুদেৱ নাৰায়ণ সম সুন্দৰ পুৰুষ নাই। বত্ৰিশ বৎসৰ ৰাজাই কৰিলেক। ১৭॥