চক্ৰধ্বজসিংহ ৰাজপাটত

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
কামৰূপৰ বুৰঞ্জী

১ম আধ্যা। প্ৰাচীন কামৰূপ[সম্পাদনা কৰক]

২য় আধ্যা। জাহাঙ্গিৰ পাৎসাৰ চ’ৰাত পৰীক্ষিত আৰু লক্ষ্মীনাৰায়ণ[সম্পাদনা কৰক]

(১৭) ঘিলাত ৰঘুদেৱৰ পাট স্থাপন, (১৮) ৰঘুদেৱ আৰু লক্ষ্মীনাৰায়ণৰ বিৰোধ, (১৯) ৰঘুনাৰায়ণৰ পুত্ৰ, (২০) বলীনাৰায়ণৰ মৃত্যু, (২১) পৰীক্ষিত আৰু বেহেৰুৱা কাৰ্জি, (২২) পৰীক্ষিতৰ বিৰুদ্ধে মকৰম-খাঁৰ অভিযান, (২৩) পৰীক্ষিতৰে মকৰম-খাঁৰ যুদ্ধ, (২৪) পাৎসাৰ আগত পৰীক্ষিত আৰু লক্ষ্মীনাৰায়ণ

৩য় আধ্যা। মকৰম-খাঁৰ কোঁচৰাজ্য আক্ৰমণ।[সম্পাদনা কৰক]

(২৮) বিজয়পুৰত নগৰ, (২৯) চা-জাহাঁক সহায় ভিক্ষা, (৩০) কামৰূপত যৱন, (৩১) পৰীক্ষিতৰ মৃত্যু, (৩২) বলী কোঁৱৰৰ শৰণাপন্ন

৮ম আধ্যা। মীৰ-জুম্লাৰ আসাম আক্ৰমণ।[সম্পাদনা কৰক]

(১১৯) মীৰ-জুম্লাৰ আক্ৰমণৰ এটি উপকথা, (১২০) আহোমৰ পৰাজয়, (১২১) বিষয়াৰ ঠাই সলনি, (১২২) আহোমৰ বলক্ষয়, (১২৩) তিপামত বঙ্গাল, (১২৪) দিলাল-খাঁৰ ৰাজমন্ত্ৰীলৈ চিঠি, (১২৫) মহাৰাজাৰ পাৎসাৰ লগত বৈবাহিক মিত্ৰতা

৯ম আধ্যা। ৰামসিংহৰ আসাম আক্ৰমণ।[সম্পাদনা কৰক]

(১৩০) চক্ৰধ্বজসিংহ ৰাজপাটত, (১৩১) পাৎসালৈ আহোম কটকী, (১৩২) স্বৰ্গদেৱলৈ পাৎসাৰ উত্তৰ, (১৩৩) ফুকনলৈ দিলাল-খাঁৰ চিঠি, (১৩৪) দিলাল-খাঁলৈ ফুকনৰ চিঠি

      চক্ৰধ্বজসিংহ ৰাজপাটত

কাৰ্ত্তিকত, বুদ্ধবাৰে, শক ১৫৮৬, তেবে ৰাজাৰ পুত্ৰ নাই, অৰাজক ভয়ে বাহগৰীয়া বুঢ়াগোহাঁই, বৰুকীয়া বাৰগোঁহাই, কেন্দুগুৰীয়া বৰপাত্ৰ-গোহাঁই, ৰজাৰ শহুৰ চেংধৰা বৰুৱা, বুঢ়াগোহাঁইৰ পিতৃ বাঁহগৰীয়া ফুকন, ভিতৰুৱাল গোহাঁই, এইসকলে আলচি ৰাজাৰ দদায়েকৰ পুতেকক চাৰিং ৰজাক মৰত তলি আনি মহাৰাজাৰ আজ্ঞায়ে ৰাজা পাতিলে। শ্ৰীশ্ৰীচক্ৰধ্বজ মহাৰাজা হ’লত পাচে দোৰ্বেগ দ’লৰ গাৱতে থাকিল। ৰস্তম-বেগ ভটিয়াই গুৱাহাটীত ৰচিদ-খাঁত কলে, বোলে, “যি ৰাজালৈ বঁটা-বকচিচ্ দিলে সি ৰাজা মৰিল। এখন আমি কি কৰিম?” পাচে ৰচিদ-খাঁয়ে বোলে, “ৰাজাৰ ভাই ৰাজা হ’ল। আত ভিন্ন আছেনেকি? সেই ৰাজাকে দেগৈ।” পাচে দোৰ্বেগ, ৰস্তম-বেগৰ লগত দিলাল-খাঁয়ে বাঁহবৰীয়াকে, গদাইকে পঠাই দিলে। সিহঁতক কোৰেখনাত থৈছিলে। ৺এ নোতোলে দেখি ৰাজমন্ত্ৰীয়ে অনেক মন্ত্ৰণা কৰি চাঙ্গত ৺ক বুজাই উচ্চত সিংহাসনত বহুৱাই আঠু পোনকৈ দুই চৰণ দলিচাৰ ওপৰত থৈ ঠিয় হব নালাগে হেন কৰি নবাবৰ উকিলক বাজতে ৰাখি পাৎসাৰ দুই অহদিক জখলীমুখতে ৰূপৰ শৰায়েৰে ৪০০ সোণৰ মোহৰ দিয়ালে মাধচৰণৰ হাতে, আৰু ৰাজমন্ত্ৰীয়ে বচনে এইখান কব দিলে বোলে, “৺ৰাজা ব্যতিৰেকে কাক সেৱা কৰে? যি কাৰণে উদয়গিৰি ৺ৰাজা ঈশ্বৰাংশ বিভূতি, অস্তগিৰি পাৎসাও ঈশ্বৰাংশ। এতেকেহে দুই জনে স্নেহানুৰূপ চলিছে। এতেকে বৰলোকৰ যিৰূপ সন্মান তাকে কৰিব লাগে। মহাৰাজাও লেচাঙ্গত আছে।” এইৰূপে অনেক কথা-বাৰ্ত্তা কৈ দুই অহদিক ৺ৰ আগক নিলে। সিহঁতো ৺ক সেৱা নকৰি তচমিল কৰি বঁটা-বকচিচ্ দিলে। পাচে ৰাজমন্ত্ৰীয়ে পাৎসাৰ বকচিচ্ ৺ৰ আগত সুবৰ্ণৰ শৰায়েৰে দিলেনি। ৺ও দুই হাত মেলি ধৰি থলে। ৰাজমন্ত্ৰীয়ে পুনৰ্ব্বাৰ পাচফালে আতৰাই থলে। পাচত সিসকল কটকীকো ৺ৰ আগ কৰিলে, আগত থৈ ৰাজকথাকো ৰাজমন্ত্ৰীয়েহে নিশেষ কৈছিলে। আৰু ৺ ৰাজা বোলে, “মোৰ বেটী, তিনি লাখ টকা, নাৱৈ হাতী, লোকজন নাৰাখিবৰ কাৰণেহে দিলোঁ। এখন লোকজনকো নাপালোঁ, আৰ সিমনাকো নাপালোঁ।” এই বুলি এক লিখা দি চন্দ্ৰকন্দলীকে, সনাতনকে দোৰ্বেগ, ৰস্তম-বেগৰ লগত পঠালে। সন্দেশ দিলে ― গান্ধ ১০টা, কটাৰী ২০খন, সোণৰ ডাবেৰে ফণী ২খন, হস্তীদন্ত ৬টা। ১৫৮৫ শকত ৯ পু ৰাজমন্ত্ৰীয়ে পাৎসাই অহদি উকিল সহিতে বিদায় দিলে। ১৩০॥