কামৰূপত যৱন
অৱয়ব
এই পাঠ্যৰ উৎস গ্ৰন্থ বা নথি অজ্ঞাত। প্ৰামাণ্যতাৰ সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি এই পাঠ্যৰ আলোচনা পৃষ্ঠা চাওক। "উৎস"ৰ অৰ্থ এই কামৰ প্ৰতিলিপি আনে বিচাৰি পাব পৰা স্থান। সাধাৰণতে ই ৱিকিমিডিয়া কমন্সত আপল'ড কৰা আৰু মুদ্ৰণ সংশোধন কৰিব পৰা মূল কামৰ স্কেন ফাইল। যদি নাই, তেন্তে এটা URL হ'লেও দিয়া উচিত; একো নাথাকিলে অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাত কাৰণ উল্লেখ কৰিব। |
কামৰূপত যৱন
মকৰম-খাঁ আহিবাৰ শুনি পৰীক্ষিতে আগ বাঢ়ি ধুবুৰিত গড় দিয়া এক বৎসৰ যুদ্ধ কৰিলে। পাচে যুদ্ধ হাৰি ৰাজা ভাগি আহিল। সেই বেলা লখীনাৰায়ণ ৰাজায়ে পাচে ভেটা দিয়া গড় দিলে। তেবে ৰাজা মকৰম-খাঁত বৰিল যাই ৰাজাকো পাই ধৰি দিল্লীলৈ দিলে। সেই ৰণৰ পৰা কামৰূপ যৱনৰ অধিকাৰ হল শক ১৫৩৪। অঘ্ৰাণত ৰাজা বন্দী হল। পাচে ৰাজা গৈ পাৎসাৰ হজুৰ হল। পাৎসায়ে ৰাজাক লখীনাৰায়ণৰ পাৱ পাকুৰিবাক দিলে। ৰাজা পৰীক্ষিতে বোলে, “মঞি ছত্ৰ-ধাৰী ৰাজা কেমনে পাও পাকুৰিম?” তথাপি ৰাজা পাৎসাৰ আজ্ঞা নকৰিলে, পাৎসায়ো প্ৰশংসা কৰিলে। ৩০॥