আহোমৰ পৰাজয়

ৱিকিউৎসৰ পৰা
কামৰূপৰ বুৰঞ্জী

১ম আধ্যা। প্ৰাচীন কামৰূপ[সম্পাদনা কৰক]

২য় আধ্যা। জাহাঙ্গিৰ পাৎসাৰ চ’ৰাত পৰীক্ষিত আৰু লক্ষ্মীনাৰায়ণ[সম্পাদনা কৰক]

(১৭) ঘিলাত ৰঘুদেৱৰ পাট স্থাপন, (১৮) ৰঘুদেৱ আৰু লক্ষ্মীনাৰায়ণৰ বিৰোধ, (১৯) ৰঘুনাৰায়ণৰ পুত্ৰ, (২০) বলীনাৰায়ণৰ মৃত্যু, (২১) পৰীক্ষিত আৰু বেহেৰুৱা কাৰ্জি, (২২) পৰীক্ষিতৰ বিৰুদ্ধে মকৰম-খাঁৰ অভিযান, (২৩) পৰীক্ষিতৰে মকৰম-খাঁৰ যুদ্ধ, (২৪) পাৎসাৰ আগত পৰীক্ষিত আৰু লক্ষ্মীনাৰায়ণ

৩য় আধ্যা। মকৰম-খাঁৰ কোঁচৰাজ্য আক্ৰমণ।[সম্পাদনা কৰক]

(২৮) বিজয়পুৰত নগৰ, (২৯) চা-জাহাঁক সহায় ভিক্ষা, (৩০) কামৰূপত যৱন, (৩১) পৰীক্ষিতৰ মৃত্যু, (৩২) বলী কোঁৱৰৰ শৰণাপন্ন

৮ম আধ্যা। মীৰ-জুম্লাৰ আসাম আক্ৰমণ।[সম্পাদনা কৰক]

(১১৯) মীৰ-জুম্লাৰ আক্ৰমণৰ এটি উপকথা, (১২০) আহোমৰ পৰাজয়, (১২১) বিষয়াৰ ঠাই সলনি, (১২২) আহোমৰ বলক্ষয়, (১২৩) তিপামত বঙ্গাল, (১২৪) দিলাল-খাঁৰ ৰাজমন্ত্ৰীলৈ চিঠি, (১২৫) মহাৰাজাৰ পাৎসাৰ লগত বৈবাহিক মিত্ৰতা

৯ম আধ্যা। ৰামসিংহৰ আসাম আক্ৰমণ।[সম্পাদনা কৰক]

(১৩০) চক্ৰধ্বজসিংহ ৰাজপাটত, (১৩১) পাৎসালৈ আহোম কটকী, (১৩২) স্বৰ্গদেৱলৈ পাৎসাৰ উত্তৰ, (১৩৩) ফুকনলৈ দিলাল-খাঁৰ চিঠি, (১৩৪) দিলাল-খাঁলৈ ফুকনৰ চিঠি

      আহোমৰ পৰাজয়

পাচে লালোৱা, হৰাম দুই কটকীয়ে মাজুম-খাঁৰ ঠাই সকল সমাচাৰ কলেগৈ। মাজুম-খাঁও সকল সমাচাৰ পাই সসন্যে সহিতে আহোমক খেদি আহি প্ৰথমে বেহাৰ মাৰি প্ৰাণনাৰাণক খেদালে। পাচে আচামে মাজুম-খাঁ আহিবৰ শুনি হাতীচলা বৰীতলা এৰি মানাহামুখত গড় বান্ধি বাদুলি ফুকন ৰহিল। পাঞ্চৰতনত ফুলবৰুৱা ফুকনে, লাহন ফুকনে ৰহিল; ৰাজাৰ শহুৰকে পিক‌্চাই চেটিয়া ৰহিল পাণ্ডু-শৰাইঘাটত। তাতে কিছুমান যুদ্ধ কৰি ৰহিব নোৱাৰি পাণ্ডু-শৰাইঘাটত ৰহিলহি। বঙ্গালো আহি সন্মুখে ৰহিল। তাৰো একো ফৈদক পাচলৈ ছাহবুৰুজত ৰহিবৰ দেখি সেই ৰাতিয়ে আচাম আহি নাপাতি এৰি চামধৰালৈ ভাগি আহিল। কাণ্ড-কাঠীয়ো মাৰিব নোৱাৰিলে পাণ্ডু-শৰাইঘাটত। আৰ যৈতে যি থাকিল তাকো আনিব নোৱাৰিলে; মাস ফাল্গুন শক ১৫৮৩। পাচে ৺ৰাজা সমস্ত লোক চামধৰাক ভাগি আহিবৰ দেখি নেওগৰ পুতেক শহুৰেকক খঙ্গি বৰফুকন ভাঙ্গিলে। উত্তৰকোলে চামধৰাত বানৰুকীয়া বৰগোঁহাইক পাতিলে মুখ্য কৰি। দক্ষিণে ঘোঁৰা-কোঁৱৰ প্ৰমুখ্যে বুঢ়াগোহাঁই, বৰপাত্ৰগোহাঁই, নামনিয়াল ৰাজাৰ শহুৰ বৰচেটিয়া, চাৰিংৰজা, ৰূপসন্দিকৈ, আনো বিস্তৰ লোক আছে। পাচে বঙ্গালো আহি নাৱে-তৰে গুটিঘুৰুৱাত ৰহিলহি। লাপেতি-ফুকন, তামুলী-দলৈৰ পুতেক প্ৰমুখ্য কৰি গড়ৰ পৰা ওলাই নাৱে খেদি গৈ ধৰি ধৰি ভঙ্গ খাই চামধৰাকে আহিল। পাচে ঘোঁৰা-কোঁৱৰ ফুকনে দখিণকোলে যুদ্ধ দেখি বৰগোঁহাইলৈ লোকজন খুজি পঠালে, বোলে, “উত্তৰে দেখো যুদ্ধ নাই। আমাৰ লগত ভৰ দিবলৈ লোকজন পঠাওক।” বৰগোঁহাইও লোকজন নিদিলে, বোলে, “দক্ষিণতহে লোকজন বিস্তৰ আছে, লোকজন পঠাই মই একলে কি কৰিম?” দক্ষিণে পাঞ্চদিন যুজে। তাত পাচে বঙ্গাল আহি পোতাকলঙ্গৰ পোনে কিছু যুদ্ধ কৰিলে। লেচাম-হাতীবৰুৱা গড়ৰ ওলাই বঙ্গালক ধৰি পৰিল। তাত পাচে দ্বিজোৰ পোনে বঙ্গাল গড়ৰ উঠিলহি। তেবে আচামৰ লোক নাৱে-তৰে সমস্তে ভাগি সলাত ৰহিলহি। পাচে আচামো সলাৰ পৰা নাৱে গৈয়া কুকুৰাকটাত যুদ্ধ কৰিলেগৈ, তাতো ভঙ্গ হ’ল। বঙ্গালো সলা পালেহি। তেবে তিনিজনা গোহাঁই প্ৰমুখ্যে যত ৰাজাগণ, ফুকন, ৰাজখোৱা, হাজৰিকীয়া, সমস্তে ভাগি আপোনাৰ চাৱা-কুৰ্ম্মা লৈ যেই পোনে পালে সেই পোনে ভাগি গ’ল। আৰ হাতী, ঘোঁৰা, বাৰু, হিলৈ, আৰু যত আহিলা-পাতি সমস্তে বঙ্গলে পালে; উত্তৰকোলে যুদ্ধ নহল; সক ১৫৮৩, মাস চৈত্ৰ। ১২০॥