পাৎসালৈ আহোম কটকী

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
কামৰূপৰ বুৰঞ্জী
লেখক সূৰ্যকুমাৰ ভূঞা
কামৰূপৰ বুৰঞ্জী

১ম আধ্যা। প্ৰাচীন কামৰূপ[সম্পাদনা কৰক]

২য় আধ্যা। জাহাঙ্গিৰ পাৎসাৰ চ’ৰাত পৰীক্ষিত আৰু লক্ষ্মীনাৰায়ণ[সম্পাদনা কৰক]

(১৭) ঘিলাত ৰঘুদেৱৰ পাট স্থাপন, (১৮) ৰঘুদেৱ আৰু লক্ষ্মীনাৰায়ণৰ বিৰোধ, (১৯) ৰঘুনাৰায়ণৰ পুত্ৰ, (২০) বলীনাৰায়ণৰ মৃত্যু, (২১) পৰীক্ষিত আৰু বেহেৰুৱা কাৰ্জি, (২২) পৰীক্ষিতৰ বিৰুদ্ধে মকৰম-খাঁৰ অভিযান, (২৩) পৰীক্ষিতৰে মকৰম-খাঁৰ যুদ্ধ, (২৪) পাৎসাৰ আগত পৰীক্ষিত আৰু লক্ষ্মীনাৰায়ণ

৩য় আধ্যা। মকৰম-খাঁৰ কোঁচৰাজ্য আক্ৰমণ।[সম্পাদনা কৰক]

(২৮) বিজয়পুৰত নগৰ, (২৯) চা-জাহাঁক সহায় ভিক্ষা, (৩০) কামৰূপত যৱন, (৩১) পৰীক্ষিতৰ মৃত্যু, (৩২) বলী কোঁৱৰৰ শৰণাপন্ন

৮ম আধ্যা। মীৰ-জুম্লাৰ আসাম আক্ৰমণ।[সম্পাদনা কৰক]

(১১৯) মীৰ-জুম্লাৰ আক্ৰমণৰ এটি উপকথা, (১২০) আহোমৰ পৰাজয়, (১২১) বিষয়াৰ ঠাই সলনি, (১২২) আহোমৰ বলক্ষয়, (১২৩) তিপামত বঙ্গাল, (১২৪) দিলাল-খাঁৰ ৰাজমন্ত্ৰীলৈ চিঠি, (১২৫) মহাৰাজাৰ পাৎসাৰ লগত বৈবাহিক মিত্ৰতা

৯ম আধ্যা। ৰামসিংহৰ আসাম আক্ৰমণ।[সম্পাদনা কৰক]

(১৩০) চক্ৰধ্বজসিংহ ৰাজপাটত, (১৩১) পাৎসালৈ আহোম কটকী, (১৩২) স্বৰ্গদেৱলৈ পাৎসাৰ উত্তৰ, (১৩৩) ফুকনলৈ দিলাল-খাঁৰ চিঠি, (১৩৪) দিলাল-খাঁলৈ ফুকনৰ চিঠি

      পাৎসালৈ আহোম কটকী

পাচে আমাৰ দুই কটকীয়ে ৰাজমহলত নাও থৈ ৭ মানুহ ৰখীয়া থৈ পাৎসাই ৰহেগড়িত চড়ি, আগৰাত ৪ দিন ৰহি দিল্লী পালেগৈ। পাৎসায়ে, অহদিয়ে জনালত হাচান-আলি নবাবৰ হাৱলী যমুনাৰ নিকটত আছে, সি যুদ্ধক গৈছিলে, তাৰে হাৱলীত তুলি থলেনি। সনাতন কটকীয়ে দোৰ্বেগ, ৰস্তম-বেগক বোলে, “আমি ব্ৰাহ্মণ; কেমনে আহাৰ ব্যৱহাৰ কৰিম ই জাগ্যাত?” পাচে দোৰ্বেগ যাই দেৱানত জনাই লোকজন আনি যমুনাৰ নিকটত দুই কটকীলৈ ভিন্নে ভিন্নে বাসা কৰি দিয়ালে। দুই দিনৰ পাচত দেৱানে সিদ্ধা দিলে। দুই কটকীক চাউল ৬০০ মোন, মেহি চাউল ৮০ মোন, মুগু ৪০ মোন, কলা ২০ মোন, মচুৰ ২০ মোন, মাহ ৬০ মোন, ঘিউ ৪০ সেৰ, ঝালুক ৮ সেৰ, হালধি গুৰি ৪ সেৰ, হিং আদসেৰ, আদা ১০ সেৰ, গাখীৰ ৮ মাঠি, লোণ ২০ মোন, চিনি ২০ মোন, তেজপাত ১ ভাৰ, টাটৰ ৭ পাচি, বিলাতি পান ৮ পাচি, হৰিণা ৩টা। তাত পাচে পাৎসাৰ সিদ্ধা পাঞ্চ দিন অন্তৰে দিলে। ৫০০ ৰূপ লোকজনক ২০০। তাত পাচে ৮ দিনৰ অবসানে আমাৰ দুই কটকীক পাৎসাৰ হজুৰ কৰালেনি। পাৎসাও তক্তৰ ওপৰে বহিছিল। তক্তৰ তলে তিনি খলপাৰ নামে পাৎসাৰ দাহিণে সুবৰ্ণৰ লাখুটি ধৰি জাফৰ-খাঁ দেৱান আছিল, বামে উজিৰ। সেই ক্ৰমে ৰাজপুতৰ ৰাজা বামে যশমত্তসিংহৰ ধাৰা, তাৰ পাচ ৰাণা হাড়ো, বাৰহাজাৰী, সপ্তহাজাৰী। তাৰ পাচে ৬, তাৰ পাচে ৫, তাৰ পাচে ৪, তাৰ পাচে ৩, ২, ১, এই ক্ৰমে অমাত্যবৰ্গ, হাতী, ঘোঁৰা, চিপাহী, বন্দুক-দাৰী, ঢালী, ধনুকী, পাঞ্চহাতীয়াৰ সহিত চিত্ৰ-বিচিত্ৰ লালজৰ্দ্দ কশটি ফটিক, নানান পাথৰে ৰচিত দুৰ্গ, আলি, তক্ত, অভ্যন্তৰতো পকা পাথৰৰ গৃহ, তাহাত সুবৰ্ণৰ পতকা কৰি ঠাই ঠাই কাম কৰিছে। চিত্ৰ-বিচিত্ৰ সিভিটিক আমাৰ কটকীক নি নেনিলে। তক্ত বাহিৰে ৭ আলি হৈ চতুৰ্ভিটি সমস্ত লোক আছিল। সেই সময়ত দুই উকিলে আশীৰ্ব্বাদ কৰি হাত কৰযোৰে থাকিল। ১৩১॥