মীৰ-জুম্লাৰ আক্ৰমণৰ এটি উপকথা

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
কামৰূপৰ বুৰঞ্জী

১ম আধ্যা। প্ৰাচীন কামৰূপ[সম্পাদনা কৰক]

২য় আধ্যা। জাহাঙ্গিৰ পাৎসাৰ চ’ৰাত পৰীক্ষিত আৰু লক্ষ্মীনাৰায়ণ[সম্পাদনা কৰক]

(১৭) ঘিলাত ৰঘুদেৱৰ পাট স্থাপন, (১৮) ৰঘুদেৱ আৰু লক্ষ্মীনাৰায়ণৰ বিৰোধ, (১৯) ৰঘুনাৰায়ণৰ পুত্ৰ, (২০) বলীনাৰায়ণৰ মৃত্যু, (২১) পৰীক্ষিত আৰু বেহেৰুৱা কাৰ্জি, (২২) পৰীক্ষিতৰ বিৰুদ্ধে মকৰম-খাঁৰ অভিযান, (২৩) পৰীক্ষিতৰে মকৰম-খাঁৰ যুদ্ধ, (২৪) পাৎসাৰ আগত পৰীক্ষিত আৰু লক্ষ্মীনাৰায়ণ

৩য় আধ্যা। মকৰম-খাঁৰ কোঁচৰাজ্য আক্ৰমণ।[সম্পাদনা কৰক]

(২৮) বিজয়পুৰত নগৰ, (২৯) চা-জাহাঁক সহায় ভিক্ষা, (৩০) কামৰূপত যৱন, (৩১) পৰীক্ষিতৰ মৃত্যু, (৩২) বলী কোঁৱৰৰ শৰণাপন্ন

৮ম আধ্যা। মীৰ-জুম্লাৰ আসাম আক্ৰমণ।[সম্পাদনা কৰক]

(১১৯) মীৰ-জুম্লাৰ আক্ৰমণৰ এটি উপকথা, (১২০) আহোমৰ পৰাজয়, (১২১) বিষয়াৰ ঠাই সলনি, (১২২) আহোমৰ বলক্ষয়, (১২৩) তিপামত বঙ্গাল, (১২৪) দিলাল-খাঁৰ ৰাজমন্ত্ৰীলৈ চিঠি, (১২৫) মহাৰাজাৰ পাৎসাৰ লগত বৈবাহিক মিত্ৰতা

৯ম আধ্যা। ৰামসিংহৰ আসাম আক্ৰমণ।[সম্পাদনা কৰক]

(১৩০) চক্ৰধ্বজসিংহ ৰাজপাটত, (১৩১) পাৎসালৈ আহোম কটকী, (১৩২) স্বৰ্গদেৱলৈ পাৎসাৰ উত্তৰ, (১৩৩) ফুকনলৈ দিলাল-খাঁৰ চিঠি, (১৩৪) দিলাল-খাঁলৈ ফুকনৰ চিঠি

      মীৰ-জুম্লাৰ আক্ৰমণৰ এটি উপকথা

পাচে লাচিত-ফুকনে তুলি পুনৰ্ব্বাৰ বিধাৰণ দেখি শ্ৰীসূৰ্য্যৰ পৰা ওলটাই পঠালে। আৰু বুলিলে, “ৰাজ্যৰ কাৰণ যি কৈছে, পৰমেশ্বৰ বিধাতা অনুকূল হৈ আক দিছে, তাঞি খুজিলে কিয় পাব? হস্তীৰ দন্ত ওলাইহে পুনৰ্ব্বাৰ সোমাবৰ কৈত দেখিছ? এই খান নবাবত কবি।” লালোৱা হৰামে বোলে, “উত্তম জনে বচন বুলিলে ৰক্ষা কৰণহে যুক্ত, বচনতো ৰক্ষা নহল, হস্তীও পশুহে।” পাচে লালোৱা, হৰাম দুয়ো বাসাক আছিল। সিহঁতক ধাৰাণে ৰোজ দিলে। ৰোজত জীয়া পহু দিলে ১টা। পাচে দুই কটকীয়ে আন সিধা ৰাখি পশুৰ গলৰ দোল মেলি বনৰ মাজক খেদিলে। পাচে আমাৰ ৰোজদিয়াহঁতে বোলে, “পহু তোমালোকক ভোজনলৈ দিছে, বনক খেদিলি কিয়?” পাচে দুই কটকীয়ে বোলে, “ভাই, দিনচাৰেক ঋৃষ্ট-পুষ্ট হৈ থাকক। অনেক হস্তী, অনেক বন্দুকদাৰী, অনেক ঘোঁৰা, এইসকলৰ আগত কাহা যাব, খাব পাম। আৰ এক উপকথা কওঁ শুনিবি,―দুটা বাহ ম’ৰা চৰাইৰ যুদ্ধ লাগিল, ই গছৰ পৰা সি গছলৈ যায়। তাৰ ৰব নোৱাৰি ঝোটাঝুটিকৈ পৰ্ব্বতত পৰিল। তাৰো পৰা পৃথিৱীত পৰি মূৰ্চ্ছিত হৈ আছিল। দুই পখীৰ যুদ্ধ হস্তীসকলে দেখিছে। তাৰ এক বুঢ়া হস্তীয়ে বোলে, ‛ই ঠাইত থাকিবলৈ আমাৰ ভাল নহয়। ই ঠাইত থাকিলে কল্যাণ নাই।’ তাৰে এক ময়দাৰ হস্তীয়ে বোলে, ‛এনে ঠাই এৰি কলৈ যাম ? যদি পখী আহে তাক মাৰিবাক নোৱাৰিমনেকি ?’ এনেতে দুই পখী ঝোটাঝুটিকৈ হস্তীসকলৰ আগতে পৰিল। চক্ষু কণত নখ লাগি বা লাগিল, চক্ষু মুদি হুলস্থুল লাগিল। খালে জোঙ্গে দোপে বোকায়ে পৰি অনেক মৰিল। দুই চাৰি পলাই এৰাল। এইৰূপে বুঢ়াৰ কথা নলৈ মৃত্যু হ’ল। এইদৰে হাতী-ঘোঁৰাৰ আন্দোলত জলসংঘটত জলৰ শোণিত জঙ্ঘল বালা, যূথে যূথে আইব পশুৰ পালা।

খাটা-খুটা মাজুম-খাঁ মুখে চাঁব ডাড়ি ।
থানা বেহাৰ ভঙ্গে যাইব গুৱাহাটী বাৰী ॥”

এইৰূপে বুলি দুই কটকী গ’ল। ১১৯॥