সমললৈ যাওক

বহল ব্যাকৰণ/প্ৰথম অধ্যায়

ৱিকিউৎসৰ পৰা
[  ]
 

অসমীয়া ভাষাৰ
বহল ব্যাকৰণ।

প্ৰথম অধ্যায়।

ভাষা আৰু ব্যাকৰণ।

 মানুহে নানা উপায়েৰে নিজৰ মনৰ ভাব আনৰ আগত প্ৰকাশ কৰে, কেতিয়াবা আকাৰে ইঙ্গিতে, কেতিয়াবা ঠাৰে চিয়াৰে প্ৰকাশ কৰে, কেতিয়াবা আকৌ নানা প্ৰকাৰ শব্দ উচ্চাৰণ কৰি প্ৰকাশ কৰে।

 ১। এজনে নিজৰ মনৰ ভাব আন এজনৰ আগত নানা প্ৰকাৰ শব্দ উচ্চাৰণ কৰি প্ৰকাশ কৰিলে, তাক ভাষা বোলা যায়।

 ২। যি পুথি পঢ়িলে কোনো এটা ভাষাত শুদ্ধৰূপে কথা কবলৈ আৰু লিখিবলৈ শিকিব পাৰি, তাক সেই ভাষাৰ ব্যাকৰণ বোলে।

[  ]  ৩। যি পুথি পঢ়িলে অসমীয়া ভাষাত শুদ্ধৰূপে কথা কবলৈ আৰু লিখিবলৈ শিকা যায়, তাক অসমীয়া ভাষাৰ ব্যাকৰণ বোলে।

বৰ্ণ প্ৰকাশ।

 ৪। মানুহে কথা কওঁতে যিবিলাক শব্দ উচ্চাৰণ কৰে, সিহঁতক লিখি প্ৰকাশ কৰিবলৈ প্ৰত্যেকটোৰে একোটা চিন ব্যৱহাৰ কৰা হৈছে। সেই চিনবিলাকক বৰ্ণ বোলা হয়। চলিত কথাত বৰ্ণক আখৰ বোলে।

 সংস্কৃত ভাষা লিখিবলৈ যিবিলাক আখৰ ব্যৱহাৰ কৰা হয়, অসমীয়া লিখিবলৈকো সেইবিলাক আখৰ ব্যৱহাৰ কৰা হয়।

 সংস্কৃত বৰ্ণমালাত মুঠত পঞ্চাশটা আখৰ আছে :–অ আ ই ঈ উ ঊ ঋ ৠ ৯ ৡ এ ঐ ও ঔ, ং ঃ, আৰু ক খ গ ঘ ঙ চ ছ জ ঝ ঞ ট ঠ ড ঢ ণ ত থ দ ধ ন প ফ ব ভ ম য ৰ ল ৱ শ ষ স হ ক্ষ।

 এই আখৰবিলাকক দুভাগ কৰা হৈছে। এভাগৰ আখৰক স্বৰবৰ্ণ, আৰু এভাগৰ আখৰক ব্যঞ্জনবৰ্ণ বোলে৷

 ৫। যিবিলাক আখৰক আন কোনো আখৰৰ সহায় নোহোৱাকৈ উচ্চাৰণ কৰিব পাৰি, সিহঁতক স্বৰবৰ্ণ বোলে। স্বৰবৰ্ণ মুঠত চৈধ্যটা:—অ আ ই ঈ উ ঊ ঋ মা ৯ ৡ এ ঐ ও ঔ। সংস্কৃতত স্বৰবৰ্ণবিলাকক অচ্‌ নাম দিয়া হৈছে।

[  ]  ৬। অ ৯ ৡ, এই কেইটাত বাজে আনবিলাক স্বৰবৰ্ণৰ আকৃতি দুই প্ৰকাৰ। আ ই ঈ আদি আকৃতি সিহঁতৰ আচল আকৃতি, সেই বাবে সিহঁতক স্বৰবৰ্ণৰ মূল আকৃতি বোলা যায়।

 ৭। স্বৰবৰ্ণ আন কোনো বৰ্ণত যোগ দিবলৈ হলে, সিহঁতৰ আকৃতি ভিন হয়। যেনে, আ = া, ই = ি, ঈ = ী ,উ = ু, ঊ=ূ , এ = ে, ঐ = ৈ, ও =ো , ঔ=ৌ ইহঁতক স্বৰবৰ্ণৰ যৌগিক আকৃতি বোলা যায়।

 অ-কাৰৰ যৌগিক আকৃতি নাই। সেই দেখি সি আন বৰ্ণত যোগ হলে, বাজত তাৰ কোনো চিন নাথাকে।

স্বৰবৰ্ণৰ ভাগ।

 ৮। স্বৰবৰ্ণ দুবিধ :–হ্ৰস্ব স্বৰ আৰু দীৰ্ঘ স্বৰ।

 ৯। যিবিলাক স্বৰবৰ্ণৰ উচ্চাৰণ চুটি, সিহঁতক হ্ৰস্ব স্বৰ বোলে। হ্ৰস্ব স্বৰ পাঁচোটা :— অ ই উ ঋ ৯।

 ১০। যিবিলাক স্বৰবৰ্ণৰ উচ্চাৰণ দীঘল, সিহঁতক দীৰ্ঘ স্বৰ বোলে। দীৰ্ঘ স্বৰ নটা :– আ ঈ ঊ ঋ ৡ এ ঐ ও ঔ।

 ১১। ৰিং মাৰোঁতে, গীত গাওঁতে, আৰু কান্দোতে কোনো কোনো স্বৰবৰ্ণৰ উচ্চাৰণ বৰ দীঘল হয়। তেনেকুৱা স্বৰবিলাকক প্লুত স্বৰ বোলে। হ্ৰস্ব দীৰ্ঘ, দুয়োবিধ স্বৰেই সময় বিশেষত প্লুত হব পাৰে। [  ]  ১২। অ-কাৰৰ পৰা ঊ-কাৰলৈকে বৰ্ণবিলাকৰ ভিতৰত একে ৰকমৰ একো যোৰক সবৰ্ণ বোলে। যেনে, অ আ সবৰ্ণ, ই ঈ সবৰ্ণ, উ ঊ সবৰ্ণ, আৰু ইহঁতৰ এযোৰৰ এটাক উল্লেখ কৰিলে গোটেই যোৰকে বুজায়। যেনে, অ সবৰ্ণ বুলিলে অ, আ, ই সবৰ্ণ বুলিলে ই ঈ, আৰু উ সবৰ্ণ বুলিলে উ ঊ।

 ১৩। অনুস্বাৰ আৰু বিসৰ্গৰ সুকীয়া কোনো উচ্চাৰণ নাই, যি বৰ্ণত যোগ হয় সেই বৰ্ণৰ উচ্চাৰণেই সিহঁতৰ উচ্চাৰণ। সিহঁতক অযোগবাহ বৰ্ণ বোলে।

 অসমীয়া ভাষাত ঋ ৯ ৡ, এই তিনিটা স্বৰবৰ্ণৰ ব্যৱহাৰ নাই।

 ঊ-কাৰৰ মূল আকৃতিত অসমীয়াত ব্যৱহাৰ নাই, কেৱল যৌগিক আকৃতিতহে তাৰ ব্যৱহাৰ হয়।

ব্যঞ্জনবৰ্ণ।

 ১৪। যিবিলাক আখৰ নিজে সম্পূৰ্ণৰূপে উচ্চাৰিত হব নোৱাৰে, স্বৰবৰ্ণৰ সহায় লৈ উচ্চাৰিত হয়, সিহঁতক ব্যঞ্জনবৰ্ণ বোলে। ব্যঞ্জনবৰ্ণ মুঠত চৌত্ৰিশটা :—ক খ গ ঘ ঙ চ ছ জ ছ ঞ ট ঠ ড ঢ ণ ত থ দ ধ ন প ফ ব ভ ম য ৰ ল ৱ শ ষ স হ ক্ষ।

 সংস্কৃত ব্যাকৰণত ব্যঞ্জনবৰ্ণবিলাকক হল্‌ আৰু হস্ বৰ্ণও বোলে।

[  ]  ১৫। ব্যঞ্জনবৰ্ণত কোনো স্বৰবৰ্ণৰ যোগ নাথাকিলে, সেই বৰ্ণৰ তলত এটা সৰু আঁচ দিয়া হয়। যেনে, দীক্‌ছৌ, চলক্‌ঢৌ, বাচক্‌বনীয়া। এই আঁচটোক হসন্ত চিন বোলে৷

 ১৬। স্বৰবৰ্ণৰ যোগ নথকা ত ফলাৰ তলত হসন্ত চিন প্ৰায় দিয়া নহয়। তেতিয়া তাৰ আকাৰ সলাই ৎ আকাৰত ব্যৱহাৰ কৰা হয়। যেনে, সৎ, হঠাৎ, অকস্মাৎ। ত আখৰৰ আকাৰ এনেকুৱা হলে, তেতিয়া তাক খণ্ড ত বোলে।

 ১৭। ড় ঢ় য়, এই তিনটা ভিন আখৰ নহয়। শব্দৰ মাজত বা শেষত ড ঢ আৰু য থাকিলে, ড কেতিয়াবা কঠিন ৰ,ঢ কেতিয়াবা ৰ্হ, আৰু য কেতিয়াবা ই-অৰ দৰে উচ্চাৰিত হয়। তেতিয়া তেনেকুৱা উচ্চাৰণ বুজাবলৈ সিহঁতৰ তলত এটা সৰু বিন্দু দিয়া হয়। যেনে, আড়ম্বৰ, আঢ়ৈ, বিয়নী।

 ১৮। ৺ এই চিনটোৰ নাম চন্দ্ৰবিন্দু। ই এটা আখৰ নহয়, উচ্চাৰণৰ চিন মাথোন। যি আখৰ নাকী সুৰত উচ্চাৰণ কৰিব লাগে, তাৰ ওপৰত এই চিন দি সেই উচ্চাৰণ বুজুৱা হয়। যেনে, দাঁত, বাঁহ, গাওঁ।

 ১৯। ক্ষ এটা মূল আখৰ নহয়, ক আৰু ষ গোট খাই ক্ষ হয়। কিন্তু পূৰ্ব্বকালৰ পৰা ই এটা বেলেগ আখৰ বুলি গণ্য হৈ আহিছে, সেই দেখি ইয়াতো তাক বেলেগ আখৰ বুলি ধৰা হল।

 ২০। ৰ্‌ বৰ্ণৰ পাচত আন কোনো ব্যঞ্জনবৰ্ণ থাকিলে ৰ্‌ (′) এই আকাৰ ধৰি সেই বৰ্ণৰ শিৰলৈ যায়। তাৰ এই [  ] আকাৰক ৰেফ্‌, বোলে। ৰেফ্‌ যোগ হলে, ক বৰ্গৰ বৰ্ণ আৰু উষ্ম বৰ্ণৰ বাজে প্ৰায় সকলো বৰ্ণৰ দ্বিত্ব হয়, অৰ্থাৎ সেই বৰ্ণ দুটা হয়। যেনে, পূৰ্ব্ব, ধৰ্ম্ম, কাৰ্য্য।

ব্যঞ্জনবৰ্ণৰ ভাগ।

 ২১। ব্যঞ্জনবৰ্ণবিলাকৰ ভিতৰত ক-ৰ পৰা ম লৈকে বৰ্ণবিলাকক উচ্চাৰণ কৰোঁতে জিভাৰ কোনো এটা অংশে মুখৰ কোনো এটা অংশক স্পৰ্শ নকৰাকৈ নোৱাৰে। সেই দেখি সিহঁতক স্পৰ্শবৰ্ণ বোলে।

 ২২। স্পৰ্শবৰ্ণবিলাকক পাঁচ ভাগ কৰা হৈছে। তাৰ একো ভাগক বৰ্গ বোলা হয়।

১। ক খ গ ঘ ঙ—ক বৰ্গ।
২। চ ছ জ ঝ ঞ—চ বৰ্গ।
৩। ট ঠ ড ঢ ণ—ট বৰ্গ।
৪। ত থ দ ধ ন—ত বৰ্গ।
৫ প ফ ব ভ ম—প বৰ্গ।

 ২৩। প্ৰত্যেক স্পৰ্শবৰ্ণ এই বৰ্গবিলাকৰ এটা নহয় এটাৰ ভিতৰত পৰে, সেই দেখি সিহঁতক বৰ্গীয় বৰ্ণও বোলে।

 ২৪। য ৰ ল ৱ, এই বৰ্ণ কেইটা স্পৰ্শবৰ্ণ আৰু উষ্মবৰ্ণৰ (তলত চোৱাঁ) মধ্যত আছে, সেই দেখি সিহঁতক অন্তঃস্থবৰ্ণ বোলে।

[  ]  ২৫। শ ষ স হ, এই বৰ্ণ কেইটা উচ্চাৰণ কৰোঁতে মুখৰ বায়ু উষ্ম, অৰ্থাৎ' তপত হৈ ওলায়, সেই দেখি সিহঁতক উষ্মবৰ্ণ বোলে।


উচ্চাৰণ অনুসাৰে বৰ্ণ ভাগ।

 ২৬। অ আ ক খ গ ঘ ঙ হ ঃ, এই কেইটা বৰ্ণ কণ্ঠৰ পৰা উচ্চাৰিত হয়, সেই দেখি সিহঁতক কণ্ঠ্যবৰ্ণ বোলে।

 ২৭। ই ঈ এ ঐ চ ছ জ ঝ ঞ য শ, এই কেইটা বৰ্ণ তালুৰ পৰা উচ্চাৰিত হয়, সেই দেখি সিহঁতক তালব্যবৰ্ণ বোলে।

 ২৮। ঋ ৠ ট ঠ ড ঢ ণ ধ ষ, এই কেইটা বৰ্ণ মূৰৰ পৰা উচ্চাৰিত হয়, সেই দেখি সিহঁতক মূৰ্দ্ধন্যবৰ্ণ বোলে।

 ২৯। ত থ দ ধ ন ল ৱ স, এই কেইটা বৰ্ণ দাঁতৰ পৰা উচ্চাৰিত হয়, সেই দেখি সিহঁতক দন্ত্যবৰ্ণ বোলে।

 ৩০। উ ঊ ও ঔ প ফ ব ভ ম, এই কেইটা বৰ্ণ ওঠৰ পৰা উচ্চাৰিত হয়, সেই দেখি সিহঁতক ওষ্ঠ্যবৰ্ণ বোলে।

 ৩১। ঙ ঞ ণ ন ম ং, এই কেইটা বৰ্ণ কণ্ঠ তালু আদিৰ পৰা উচ্চাৰিত হলেও নাকী সুৰত উচ্চাৰিত হয়, সেই দেখি সিহঁতক অনুনাসিক বৰ্ণও বোলে।

 ৩২। বৰ্গীয় বৰ্ণবিলাকৰ ভিতৰত প্ৰত্যেক বৰ্গৰ প্ৰথম, তৃতীয় আৰু পঞ্চম বৰ্ণৰ উচ্চাৰণ কোমল, সেই দেখি সিহঁতক [  ] অল্পপ্ৰাণ বৰ্ণ বোলে। দ্বিতীয় আৰু চতুৰ্থ বৰ্ণৰ উচ্চাৰণ কৰ্কশ, সেই দেখি সিহঁতক মহাপ্ৰাণ বৰ্ণ বোলে।

 ৩৩। মহাপ্ৰাণ বৰ্ণৰ দ্বিত্ব হলে, প্ৰথম বৰ্ণটো অল্পপ্ৰাণ হয়। যেনে, গৰ্ব্ভ। ইয়াত, ভ-ত ৰেফ্‌ যোগ হৈছে। ব্যাকৰণৰ নিয়ম মতে ৰেফ্‌ যোগ হলে, আখৰৰ দ্বিত্ব হয়, অৰ্থাৎ সেই আখৰ দুটা হয়। ইয়াতো ভ দুটা হব লাগিছিল, কিন্তু ভ মহাপ্ৰাণ বৰ্ণ, সেই দেখি, তাৰ আগৰটো ব হল; ব সেই বৰ্গৰ অল্পপ্ৰাণ বৰ্ণ। সেই দৰে, মূৰ্চ্ছিত, বৰ্দ্ধন, ইত্যাদি।

বৰ্ণৰ উচ্চাৰণ।

 আদিতে আৰ্য্যসকলে বৰ্ণবিলাক যি দৰে উচ্চাৰণ কৰিছিল, সেই দৰেই সিহঁতক ভাগ কৰিছিল। ওপৰত দিয়া ভাগবিলাক সেই কালৰ ভাগ। আজিকালিও সংস্কৃত কওঁতে বা পঢ়োঁতে বৰ্ণবিলাক সেই দৰে উচ্চাৰণ কৰিব লাগে। বেদৰ মন্ত্ৰ গাওঁতে উচ্চাৰণৰ লৰচৰ হলে, মন্ত্ৰৰ ফল নধৰে বুলি কয়। বেদৰ মন্ত্ৰৰ উচ্চাৰণ সম্বন্ধে সংস্কৃত শাস্ত্ৰত নিয়ম প্ৰণালী বন্ধা আছে। কিন্তু কালৰ পৰিবৰ্ত্তনত এতিয়াৰ মানুহৰ জিভা সেই দৰে দোৰোল নাখায়। এতিয়া উচ্চাৰণৰ বৰ বেমেজালি। হিন্দুস্থান খণ্ডত এই বেমেজালি কম। হিন্দুস্থানৰ মানুহে শ ষ স ‍ৱ ক্ষ আদি আখৰ নিয়ম মতে উচ্চাৰণ কৰিব পাৰে, কথা কওঁতে কৰেও। তেওঁবিলাকে কথা কৈ গলে কোন শব্দত শ, কোন শব্দত য, কোন শব্দত স, শুনোতাই তাক উচ্চাৰণৰ পৰাই বুজিব পাৰে। ক্ষ আখৰ উচ্চাৰণ কৰোঁতে তেওঁবিলাকে ক আৰু ষ, দুয়োটা [  ] স্পষ্টকৈ উচ্চাৰণ কৰে। যেনে, ভিক্ষা, দক্‌ষিণা। সেই দৰে, ৱ আখৰটোকো তেওঁলোকে স্পষ্টকৈ উচ্চাৰণ কৰে। বঙ্গদেশত শ, ষ আৰু স-ৰ ভিন ভিন উচ্চাৰণ নাই। তাৰ মানুহে তিনিওটাকে শ উচ্চাৰণ কৰে। আসামত সিহঁতৰ আদিৰ উচ্চাৰণ একেবাৰে লোপ হৈছে। অসমীয়া মানুহে সিহঁতক কোমল হ-ৰ নিচিনা উচ্চাৰণ কৰে। অসমীয়াত বৰ্ণমালাৰ, বৰ্ণবিলাক কেনেকৈ উচ্চাৰিত হয়, তাক তলত ব্যাখ্যা কৰা হল।

 ৩৪। অসমীয়া ভাষাত অ দুই প্ৰকাৰে উচ্চাৰিত হয়। এক প্ৰকাৰে কণ্ঠৰ পৰা। যেনে, অকলৈ, অকামিলা, অলপ। আন প্ৰকাৰে মূৰৰ পৰা। যেনে, অগুণ, অতীজত, অচিনাকি।

 ৩৫। অসমীয়াত শব্দৰ অন্তত থকা ব্যঞ্জনবৰ্ণৰ অ-কাৰ উচ্চাৰিত নহয়। যেনে, ঘৰ্‌, আম্, কঠাল্‌, মানুহ্, লোচন, নাৰায়ণ।

 ওপৰত দিয়া উদাহৰণৰ লোচন শব্দত সংস্কৃত উচ্চাৰণ মতে ছটা বৰ্ণ আছে, ল্‌+ও+চ্‌+অ+ন্+অ, কিন্তু অসমীয়া উচ্চাৰণ মতে পাঁচোটাহে আছে, ল্‌+ও+চ্+অ+ন্। সাধাৰণতঃ শব্দৰ শেষ বৰ্ণত অ নাথাকিলেও, হসন্ত চিন্ দিয়া নহয়, তাক উচ্চাৰণৰ পৰা জানিব লাগে।

 ৩৬। কেতবিলাক শব্দৰ অন্তৰ ব্যঞ্জনৰ অ-কাৰ উচ্চাৰিত হয়। যেনে, পাৰ, নাৰ, বাট, গাধ, এঘাৰ, বাৰ, তেৰ, পোন্ধৰ, ষোল, সোতৰ, ওঠৰ।

 ৩৭। শব্দৰ অন্তত যুক্তাক্ষৰ থাকিলে, তাৰ অ-কাৰ [ ১০ ] উচ্চাৰিত হয়। যেনে, কৃষ্ণ, দুষ্ট, কষ্ট, চৈধ্য, বৈদ্য, ভদ্ৰ, সন্ত, মহন্ত।

 ৩৮। শব্দৰ অন্তত ৱ থাকিলে, তাৰ অ-কাৰ উচ্চাৰিত হয়। যেনে, জীৱ, দেৱ।

 ৩৯। শব্দৰ অন্তৰ ব্যঞ্জনৰ আগত যদি অনুস্বাৰ বা বিসৰ্গ থাকে, তেনেহলেও অন্তৰ ব্যঞ্জনৰ অ-কাৰ উচ্চাৰিত হয়। যেনে, বংশ, কংশ, ধ্বংস, দুঃখ।

 ৪০। ঈ আৰু উ-ৰ উচ্চাৰণ ই আৰু উ-ৰ নিচিনা হয়।

 ৪১। এ দুই প্ৰকাৰে উচ্চাৰিত হয়। এক প্ৰকাৰে কণ্ঠৰ পৰা। যেনে, এক, এওঁ, এঙ্গাৰ। আন প্ৰকাৰে মূৰৰ পৰা। যেনে, এই, এতিয়া।

 ৪২। চ ছ সংস্কৃত ভাষাত স যেনেকৈ উচ্চাৰিত হয়, সেই দৰে উচ্চাৰিত হয়।

 ৪৩। জ ঝ-ৰ উচ্চাৰণৰ ভিতৰতো একো প্ৰভেদ নাই, দুয়ো জ-ৰ দৰে উচ্চাৰিত হয়।

 ৪৪। ন ণ একে দৰে উচ্চাৰিত হয়।

 ৪৫। য আখৰ শব্দৰ আদিত থাকিলে, জ-ৰ দৰে উচ্চাৰিত হয়। যেনে, যম, যত্ন, যদি। শব্দৰ মাজত বা অন্তত থাকিলে সি অ-ৰ দৰে উচ্চাৰিত হয়। যেনে, জয়, পয়োভৰ, প্ৰয়োজন।

 ৪৬। ৱ আখৰৰ পৰা অ ওলাই গলে, সি উ উচ্চাৰিত হয়। যেনে, দেৱ—দেউ, জীৱ—জীউ, দাৱনি—দাউনি, [ ১১ ] ছাৱনি—ছাউনি, খাৱৰীয়া——খাউৰীয়া। কেতিয়াবা সি ও উচ্চাৰিত হয়। যেনে, নাৱৰীয়া—নাওৰীয়া, স্বভাৱ—স্বভাও, পাৱ—পাও।

 ৪৭। শ, ষ, স কোমল হ-ৰ দৰে উচ্চাৰিত হয়; কিন্তু (ৎ) খণ্ড তৰ পাচত থাকিলে, সংস্কৃত ভাষাত উচ্চাৰিত হোৱাৰ দৰে উচ্চাৰিত হয়। যেনে, উৎসৱ, বৎস, ভৰ্ৎসনা।

 ৪৮। ক্ষ আখৰ শব্দৰ আদিত থাকিলে খ উচ্চাৰিত হয়। যেনে, ক্ষয়—খয়, ক্ষন্তেক—খন্তেক।

যুক্তাক্ষৰৰ উচ্চাৰণ।

 ৪৯। অসমীয়া ভাষাত যুক্তাক্ষৰৰ প্ৰত্যেকটো আখৰ বেলেগে উচ্চাৰিত হয়। যেনে, বিস্ময়—বিস্‌ময়, অকস্মাৎ—অকস্‌মাৎ, লক্ষ্মী—লক্ষ্‌মী, কৃষ্ণ—কৃষ্‌ণ, বিষ্ণু—বিষ্‌ণু।

 এনেবিলাক শব্দৰ এনেকুৱা উচ্চাৰণ জতুৱা উচ্চাৰণ। এই উচ্চাৰণ এতিয়াও বুঢ়া শ্ৰেণীৰ মানুহৰ ভিতৰত আৰু মাইকী মানুহৰ ভিতৰত আছে। কিন্তু ডেকা শ্ৰেণীৰ ভিতৰত বিশেষকৈ শিক্ষিত শ্ৰেণীৰ ভিতৰত এনে উচ্চাৰণ অনুক্ৰমে লোপ পাবলৈ ধৰিছে। তেওঁবিলাকে আজিকালি কৃষ্ণক কৃষ্ট, বিষ্ণুক বিষ্টু বুলিবলৈ ধৰিছে। ইয়াক ভাষাৰ অৱনতিহে বুলিব পাৰি, উন্নতি বুলিব নোৱাৰি।

 ৫০। গ ঙ-ৰ পাচত যোগ হলে, তাৰ উচ্চাৰণ নাথাকে। যেনে, ভাঙ্গিলে—ভাঙিলে, ছিঙ্গিলে ছিঙিলে, সঙ্গ—সঙ্, ৰঙ্গ—ৰঙ বা ৰং। [ ১২ ]  ৫১। ঞ জ-ৰ পাচত যোগ হলে, দুয়ো মিলি গ্য উচ্চাৰিত হয়। যেনে, জ্ঞান, যজ্ঞ। কিন্তু সি জ-ৰ আগত যোগ হলে ন উচ্চাৰিত হয়। যেনে, আঞ্জা, ব্যঞ্জন।

 ৫২। চ বা ছ-ৰ আগত যোগ হলেও ঞ ন উচ্চাৰিত হয়। যেনে, কিঞ্চিৎ, কাঞ্চন, বাঞ্ছা, লাঞ্ছনা।

 ৫৩। য আন ব্যঞ্জনৰ পাচত যোগ হলে ই-অ উচ্চাৰিত হয়। যেনে, অন্য, ধন্য, মধ্যম। কেতিয়াবা সি যি আখৰত যোগ হয়, তাৰ আগলৈ গৈ ই উচ্চাৰিত হয়। যেনে, অন্য – অইন, ধন্য—ধইন।

 ৫৪। শ, ষ, স আন কোনো ব্যঞ্জনত যোগ হলে, সিহঁতৰ সংস্কৃত উচ্চাৰণ নলৰে। যেনে, বিশ্বাস, অষ্টমী, বিস্তীৰ্ণ। কিন্তু (/) ৰেফৰ যোগত সিহঁতৰ সংস্কৃত উচ্চাৰণ গুচে। যেনে, স্পৰ্শ, হৰ্ষ, বিমৰ্ষ।

 ৫৫। হ আখৰত য যোগ হলে, ঝ আখৰ সংস্কৃতত যি দৰে উচ্চাৰিত হয়, সিও সেই দৰে উচ্চাৰিত হয়। যেনে, সহ্য উচ্চাৰণত সঝ্য, গ্ৰাহ্য উচ্চাৰণত গ্ৰাঝ্য।

বৰ্ণবিন্যাস।

 বৰ্ণবিলাকৰ সংস্কৃত উচ্চাৰণ আৰু অসমীয়৷ উচ্চাৰণ ইমান বেলেগ হলেও, গুৰি ঠিক ৰাখিবলৈ আৰু অৰ্থৰ বেমেজালি এৰাবলৈ সংস্কৃতৰ পৰ৷ অহ৷ শব্দবিলাক সংস্কৃতত লিখা দৰে লিখা হয়। সংস্কৃতত সমূহ শব্দ ঊ-কাৰ দি লিখা হয়। অসমীয়াত লিখিবলৈ হলেও, তাক সেই [ ১৩ ] দৰেই লিখা হয়, নাইবা পাচত গৈ তাৰ গুৰি বিচাৰি পাবলৈ টান হব। সংস্কৃত শব্দৰ সংস্কৃত বৰ্ণবিন্যাস নাৰাখিলে, কেতিয়াবা তাৰ অৰ্থ বুজিবলৈকো টান হব পাৰে। নীড় এটা সংস্কৃত শব্দ, তাৰ অৰ্থ চৰাইৰ বাহ; নীৰ শব্দও এটা সংস্কৃত শব্দ, তাৰ অৰ্থ পানী। ড় অসমীয়াত ৰ উচ্চাৰিত হয়। যদি শব্দ দুটা অসমীয়াত ব্যৱহাৰ কৰোঁতে সিহঁতৰ সংস্কৃত বৰ্ণবিন্যাস এৰি সিহঁতক অসমীয়া উচ্চাৰণ অনুসাৰে নীৰ বা নিৰ লিখা হয়, তেন্তে কোনটো শব্দ কি অৰ্থত ব্যৱহাৰ হৈছে, তাক বুজিবলৈ বহুত সময়ত টান হব। সেই দেখি উচ্চাৰণত যেনেই কি বা নহওক, লিখোঁতে তেনেবিলাক শব্দ সংস্কৃতত লিখাৰ দৰে লিখা হয়।

 ৫৬। সংস্কৃতমূলক ভাৰতীয় আন কোনো ভাষাৰ শব্দ অসমীয়াত লিখিব লাগিলে, তাক সেই ভাষাত লিখা দৰে লিখা হয়। যেনে, হিন্দুস্থানী কথা ‘এসা বাত’ অসমীয়াত লিখিবলৈ হলে এচা বাত লিখা নহয়। হিন্দুস্থানীত লিখোঁতে তাৰ যেনে দৰে বৰ্ণবিন্যাস কৰে, অসমীয়াতো তেনে দৰে বৰ্ণবিন্যাস কৰা হয়, অৰ্থাৎ অসমীয়াতো চ নিলিখি স লিখা হয়।

 ৫৭। যিবোৰ শব্দ মূলত অসমীয়া, সংস্কৃতৰ পৰা লোৱা নহয়, সিহঁতক উচ্চাৰণ অনুসাৰে লিখা হয়। যেনে, চক, চয়, চফল, চেৰেকী, শিকিয়া, সিয়নি।

 ৫৮। সংস্কৃত শব্দৰ ভিতৰত যিবিলাকে অসমীয়াত আহি ৰূপ সলাইছে, সিহঁতকো উচ্চাৰণ অনুসাৰে লিখা হয়। যেনে, স্নেহ—চেনেহ, উৎসৰ্গ—উচৰ্গা। কিন্তু কেতবিলাক [ ১৪ ] ৰূপ সলোৱা সংস্কৃত শব্দকো সিহঁতৰ গুৰিলৈ চাই লিখা যায়। যেনে, স্বৰ্ণ—সোণ, কৰ্ণ—কাণ, হস্তী—হাতী, ছত্ৰ—ছাতি বা ছাতা।

 ৫৯। অসম বা আসাম নাম যদিও অচম বা আচাম বুলি উচ্চাৰণ কৰা হয়, তাক বহুত কালৰ পৰা স দি লিখা হৈছে, সেই দেখি এতিয়াও স দি লিখা হয়।

 ৬০। বিদেশী ভাষাৰ শব্দ উচ্চাৰণ মতে লিখা হয়। যেনে, চাহাব, গিলাচ, মিচিচিপি (নৈ)।

 ৬১। কোনো কোনো শব্দৰ আদিত থকা নহয় বুজোৱা অ-কাৰ আ-কাৰ হয়। যেনে, অলাগী—আলাগী, অকাজী—আকাজী, অজোখ—আজোখ, অবতৰীয়া—আবতৰীয়া, অথাউনি—আথাউনি, অগঢ়ী—আগঢ়ী, অবনুৱা—আবনুৱা।

 ৬২। শব্দৰ প্ৰথমত থকা দুয়োটা স্বৰ যদি আ-কাৰ হয়, তেনেহলে সিহঁতৰ প্ৰথমটো প্ৰায় এ-কাৰ হয়। যেনে, আন্ধাৰ—এন্ধাৰ, আছাৰি—–এছাৰি, আলান্ধু—এলান্ধু, আলাহ—এলাহ, আটাইবোৰ—এটাইবোৰ, আপাহ—এপাহ, আটাহ—এটাহ। কেতিয়াবা প্ৰথম আ-কাৰটো অ-কাৰ হয়। যেনে, ৰাজা—ৰজা, তাৰা—তৰা, মালা—মলা, বিধাতা—বিধতা। বিধাতা শব্দৰ প্ৰথম স্বৰ ই-কাৰ, কিন্তু বি উপসৰ্গ দেখি তাৰ স্বৰটো লেখত ধৰা হোৱা নাই।

 ৬৩। কোনো ক্ৰিয়া পদৰ আদি স্বৰ যদি আ-কাৰ হয়, আৰু তাৰ আগত যদি নহয় বুজোৱা নাথাকে, তেনেহলে সেই [ ১৫ ] না প্ৰায় নে হয়, নহৈও থাকে। যেনে, নাজানে—নেজানে, নাখায়—নেখায়, নাযায় — নেযায়।

⸺⸻