স্পষ্টকৈ উচ্চাৰণ কৰে। যেনে, ভিক্ষা, দক্ষিণা। সেই দৰে, ৱ আখৰটোকো তেওঁলোকে স্পষ্টকৈ উচ্চাৰণ কৰে। বঙ্গদেশত শ, ষ আৰু স-ৰ ভিন ভিন উচ্চাৰণ নাই। তাৰ মানুহে তিনিওটাকে শ উচ্চাৰণ কৰে। আসামত সিহঁতৰ আদিৰ উচ্চাৰণ একেবাৰে লোপ হৈছে। অসমীয়া মানুহে সিহঁতক কোমল হ-ৰ নিচিনা উচ্চাৰণ কৰে। অসমীয়াত বৰ্ণমালাৰ, বৰ্ণবিলাক কেনেকৈ উচ্চাৰিত হয়, তাক তলত ব্যাখ্যা কৰা হল।
৩৪। অসমীয়া ভাষাত অ দুই প্ৰকাৰে উচ্চাৰিত হয়। এক প্ৰকাৰে কণ্ঠৰ পৰা। যেনে, অকলৈ, অকামিলা, অলপ। আন প্ৰকাৰে মূৰৰ পৰা। যেনে, অগুণ, অতীজত, অচিনাকি।
৩৫। অসমীয়াত শব্দৰ অন্তত থকা ব্যঞ্জনবৰ্ণৰ অ-কাৰ উচ্চাৰিত নহয়। যেনে, ঘৰ্, আম্, কঠাল্, মানুহ্, লোচন, নাৰায়ণ।
ওপৰত দিয়া উদাহৰণৰ লোচন শব্দত সংস্কৃত উচ্চাৰণ মতে ছটা বৰ্ণ আছে, ল্+ও+চ্+অ+ন্+অ, কিন্তু অসমীয়া উচ্চাৰণ মতে পাঁচোটাহে আছে, ল্+ও+চ্+অ+ন্। সাধাৰণতঃ শব্দৰ শেষ বৰ্ণত অ নাথাকিলেও, হসন্ত চিন্ দিয়া নহয়, তাক উচ্চাৰণৰ পৰা জানিব লাগে।
৩৬। কেতবিলাক শব্দৰ অন্তৰ ব্যঞ্জনৰ অ-কাৰ উচ্চাৰিত হয়। যেনে, পাৰ, নাৰ, বাট, গাধ, এঘাৰ, বাৰ, তেৰ, পোন্ধৰ, ষোল, সোতৰ, ওঠৰ।
৩৭। শব্দৰ অন্তত যুক্তাক্ষৰ থাকিলে, তাৰ অ-কাৰ