ৰূপ সলোৱা সংস্কৃত শব্দকো সিহঁতৰ গুৰিলৈ চাই লিখা যায়। যেনে, স্বৰ্ণ—সোণ, কৰ্ণ—কাণ, হস্তী—হাতী, ছত্ৰ—ছাতি বা ছাতা।
৫৯। অসম বা আসাম নাম যদিও অচম বা আচাম বুলি উচ্চাৰণ কৰা হয়, তাক বহুত কালৰ পৰা স দি লিখা হৈছে, সেই দেখি এতিয়াও স দি লিখা হয়।
৬০। বিদেশী ভাষাৰ শব্দ উচ্চাৰণ মতে লিখা হয়। যেনে, চাহাব, গিলাচ, মিচিচিপি (নৈ)।
৬১। কোনো কোনো শব্দৰ আদিত থকা নহয় বুজোৱা অ-কাৰ আ-কাৰ হয়। যেনে, অলাগী—আলাগী, অকাজী—আকাজী, অজোখ—আজোখ, অবতৰীয়া—আবতৰীয়া, অথাউনি—আথাউনি, অগঢ়ী—আগঢ়ী, অবনুৱা—আবনুৱা।
৬২। শব্দৰ প্ৰথমত থকা দুয়োটা স্বৰ যদি আ-কাৰ হয়, তেনেহলে সিহঁতৰ প্ৰথমটো প্ৰায় এ-কাৰ হয়। যেনে, আন্ধাৰ—এন্ধাৰ, আছাৰি—–এছাৰি, আলান্ধু—এলান্ধু, আলাহ—এলাহ, আটাইবোৰ—এটাইবোৰ, আপাহ—এপাহ, আটাহ—এটাহ। কেতিয়াবা প্ৰথম আ-কাৰটো অ-কাৰ হয়। যেনে, ৰাজা—ৰজা, তাৰা—তৰা, মালা—মলা, বিধাতা—বিধতা। বিধাতা শব্দৰ প্ৰথম স্বৰ ই-কাৰ, কিন্তু বি উপসৰ্গ দেখি তাৰ স্বৰটো লেখত ধৰা হোৱা নাই।
৬৩। কোনো ক্ৰিয়া পদৰ আদি স্বৰ যদি আ-কাৰ হয়, আৰু তাৰ আগত যদি নহয় বুজোৱা নাথাকে, তেনেহলে সেই