অল্পপ্ৰাণ বৰ্ণ বোলে। দ্বিতীয় আৰু চতুৰ্থ বৰ্ণৰ উচ্চাৰণ কৰ্কশ, সেই দেখি সিহঁতক মহাপ্ৰাণ বৰ্ণ বোলে।
৩৩। মহাপ্ৰাণ বৰ্ণৰ দ্বিত্ব হলে, প্ৰথম বৰ্ণটো অল্পপ্ৰাণ হয়। যেনে, গৰ্ব্ভ। ইয়াত, ভ-ত ৰেফ্ যোগ হৈছে। ব্যাকৰণৰ নিয়ম মতে ৰেফ্ যোগ হলে, আখৰৰ দ্বিত্ব হয়, অৰ্থাৎ সেই আখৰ দুটা হয়। ইয়াতো ভ দুটা হব লাগিছিল, কিন্তু ভ মহাপ্ৰাণ বৰ্ণ, সেই দেখি, তাৰ আগৰটো ব হল; ব সেই বৰ্গৰ অল্পপ্ৰাণ বৰ্ণ। সেই দৰে, মূৰ্চ্ছিত, বৰ্দ্ধন, ইত্যাদি।
বৰ্ণৰ উচ্চাৰণ।
আদিতে আৰ্য্যসকলে বৰ্ণবিলাক যি দৰে উচ্চাৰণ কৰিছিল, সেই দৰেই সিহঁতক ভাগ কৰিছিল। ওপৰত দিয়া ভাগবিলাক সেই কালৰ ভাগ। আজিকালিও সংস্কৃত কওঁতে বা পঢ়োঁতে বৰ্ণবিলাক সেই দৰে উচ্চাৰণ কৰিব লাগে। বেদৰ মন্ত্ৰ গাওঁতে উচ্চাৰণৰ লৰচৰ হলে, মন্ত্ৰৰ ফল নধৰে বুলি কয়। বেদৰ মন্ত্ৰৰ উচ্চাৰণ সম্বন্ধে সংস্কৃত শাস্ত্ৰত নিয়ম প্ৰণালী বন্ধা আছে। কিন্তু কালৰ পৰিবৰ্ত্তনত এতিয়াৰ মানুহৰ জিভা সেই দৰে দোৰোল নাখায়। এতিয়া উচ্চাৰণৰ বৰ বেমেজালি। হিন্দুস্থান খণ্ডত এই বেমেজালি কম। হিন্দুস্থানৰ মানুহে শ ষ স ৱ ক্ষ আদি আখৰ নিয়ম মতে উচ্চাৰণ কৰিব পাৰে, কথা কওঁতে কৰেও। তেওঁবিলাকে কথা কৈ গলে কোন শব্দত শ, কোন শব্দত য, কোন শব্দত স, শুনোতাই তাক উচ্চাৰণৰ পৰাই বুজিব পাৰে। ক্ষ আখৰ উচ্চাৰণ কৰোঁতে তেওঁবিলাকে ক আৰু ষ, দুয়োটা