১৫। ব্যঞ্জনবৰ্ণত কোনো স্বৰবৰ্ণৰ যোগ নাথাকিলে, সেই বৰ্ণৰ তলত এটা সৰু আঁচ দিয়া হয়। যেনে, দীক্ছৌ, চলক্ঢৌ, বাচক্বনীয়া। এই আঁচটোক হসন্ত চিন বোলে৷
১৬। স্বৰবৰ্ণৰ যোগ নথকা ত ফলাৰ তলত হসন্ত চিন প্ৰায় দিয়া নহয়। তেতিয়া তাৰ আকাৰ সলাই ৎ আকাৰত ব্যৱহাৰ কৰা হয়। যেনে, সৎ, হঠাৎ, অকস্মাৎ। ত আখৰৰ আকাৰ এনেকুৱা হলে, তেতিয়া তাক খণ্ড ত বোলে।
১৭। ড় ঢ় য়, এই তিনটা ভিন আখৰ নহয়। শব্দৰ মাজত বা শেষত ড ঢ আৰু য থাকিলে, ড কেতিয়াবা কঠিন ৰ,ঢ কেতিয়াবা ৰ্হ, আৰু য কেতিয়াবা ই-অৰ দৰে উচ্চাৰিত হয়। তেতিয়া তেনেকুৱা উচ্চাৰণ বুজাবলৈ সিহঁতৰ তলত এটা সৰু বিন্দু দিয়া হয়। যেনে, আড়ম্বৰ, আঢ়ৈ, বিয়নী।
১৮। ৺ এই চিনটোৰ নাম চন্দ্ৰবিন্দু। ই এটা আখৰ নহয়, উচ্চাৰণৰ চিন মাথোন। যি আখৰ নাকী সুৰত উচ্চাৰণ কৰিব লাগে, তাৰ ওপৰত এই চিন দি সেই উচ্চাৰণ বুজুৱা হয়। যেনে, দাঁত, বাঁহ, গাওঁ।
১৯। ক্ষ এটা মূল আখৰ নহয়, ক আৰু ষ গোট খাই ক্ষ হয়। কিন্তু পূৰ্ব্বকালৰ পৰা ই এটা বেলেগ আখৰ বুলি গণ্য হৈ আহিছে, সেই দেখি ইয়াতো তাক বেলেগ আখৰ বুলি ধৰা হল।
২০। ৰ্ বৰ্ণৰ পাচত আন কোনো ব্যঞ্জনবৰ্ণ থাকিলে ৰ্ (′) এই আকাৰ ধৰি সেই বৰ্ণৰ শিৰলৈ যায়। তাৰ এই