১২। অ-কাৰৰ পৰা ঊ-কাৰলৈকে বৰ্ণবিলাকৰ ভিতৰত একে ৰকমৰ একো যোৰক সবৰ্ণ বোলে। যেনে, অ আ সবৰ্ণ, ই ঈ সবৰ্ণ, উ ঊ সবৰ্ণ, আৰু ইহঁতৰ এযোৰৰ এটাক উল্লেখ কৰিলে গোটেই যোৰকে বুজায়। যেনে, অ সবৰ্ণ বুলিলে অ, আ, ই সবৰ্ণ বুলিলে ই ঈ, আৰু উ সবৰ্ণ বুলিলে উ ঊ।
১৩। অনুস্বাৰ আৰু বিসৰ্গৰ সুকীয়া কোনো উচ্চাৰণ নাই, যি বৰ্ণত যোগ হয় সেই বৰ্ণৰ উচ্চাৰণেই সিহঁতৰ উচ্চাৰণ। সিহঁতক অযোগবাহ বৰ্ণ বোলে।
অসমীয়া ভাষাত ঋ ৯ ৡ, এই তিনিটা স্বৰবৰ্ণৰ ব্যৱহাৰ নাই।
ঊ-কাৰৰ মূল আকৃতিত অসমীয়াত ব্যৱহাৰ নাই, কেৱল যৌগিক আকৃতিতহে তাৰ ব্যৱহাৰ হয়।
ব্যঞ্জনবৰ্ণ।
১৪। যিবিলাক আখৰ নিজে সম্পূৰ্ণৰূপে উচ্চাৰিত হব নোৱাৰে, স্বৰবৰ্ণৰ সহায় লৈ উচ্চাৰিত হয়, সিহঁতক ব্যঞ্জনবৰ্ণ বোলে। ব্যঞ্জনবৰ্ণ মুঠত চৌত্ৰিশটা :—ক খ গ ঘ ঙ চ ছ জ ছ ঞ ট ঠ ড ঢ ণ ত থ দ ধ ন প ফ ব ভ ম য ৰ ল ৱ শ ষ স হ ক্ষ।
সংস্কৃত ব্যাকৰণত ব্যঞ্জনবৰ্ণবিলাকক হল্ আৰু হস্ বৰ্ণও বোলে।