দৰেই লিখা হয়, নাইবা পাচত গৈ তাৰ গুৰি বিচাৰি পাবলৈ টান হব। সংস্কৃত শব্দৰ সংস্কৃত বৰ্ণবিন্যাস নাৰাখিলে, কেতিয়াবা তাৰ অৰ্থ বুজিবলৈকো টান হব পাৰে। নীড় এটা সংস্কৃত শব্দ, তাৰ অৰ্থ চৰাইৰ বাহ; নীৰ শব্দও এটা সংস্কৃত শব্দ, তাৰ অৰ্থ পানী। ড় অসমীয়াত ৰ উচ্চাৰিত হয়। যদি শব্দ দুটা অসমীয়াত ব্যৱহাৰ কৰোঁতে সিহঁতৰ সংস্কৃত বৰ্ণবিন্যাস এৰি সিহঁতক অসমীয়া উচ্চাৰণ অনুসাৰে নীৰ বা নিৰ লিখা হয়, তেন্তে কোনটো শব্দ কি অৰ্থত ব্যৱহাৰ হৈছে, তাক বুজিবলৈ বহুত সময়ত টান হব। সেই দেখি উচ্চাৰণত যেনেই কি বা নহওক, লিখোঁতে তেনেবিলাক শব্দ সংস্কৃতত লিখাৰ দৰে লিখা হয়।
৫৬। সংস্কৃতমূলক ভাৰতীয় আন কোনো ভাষাৰ শব্দ অসমীয়াত লিখিব লাগিলে, তাক সেই ভাষাত লিখা দৰে লিখা হয়। যেনে, হিন্দুস্থানী কথা ‘এসা বাত’ অসমীয়াত লিখিবলৈ হলে এচা বাত লিখা নহয়। হিন্দুস্থানীত লিখোঁতে তাৰ যেনে দৰে বৰ্ণবিন্যাস কৰে, অসমীয়াতো তেনে দৰে বৰ্ণবিন্যাস কৰা হয়, অৰ্থাৎ অসমীয়াতো চ নিলিখি স লিখা হয়।
৫৭। যিবোৰ শব্দ মূলত অসমীয়া, সংস্কৃতৰ পৰা লোৱা নহয়, সিহঁতক উচ্চাৰণ অনুসাৰে লিখা হয়। যেনে, চক, চয়, চফল, চেৰেকী, শিকিয়া, সিয়নি।
৫৮। সংস্কৃত শব্দৰ ভিতৰত যিবিলাকে অসমীয়াত আহি ৰূপ সলাইছে, সিহঁতকো উচ্চাৰণ অনুসাৰে লিখা হয়। যেনে, স্নেহ—চেনেহ, উৎসৰ্গ—উচৰ্গা। কিন্তু কেতবিলাক