সমললৈ যাওক

পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
বহল ব্যাকৰণ।

 ৫১। ঞ জ-ৰ পাচত যোগ হলে, দুয়ো মিলি গ্য উচ্চাৰিত হয়। যেনে, জ্ঞান, যজ্ঞ। কিন্তু সি জ-ৰ আগত যোগ হলে ন উচ্চাৰিত হয়। যেনে, আঞ্জা, ব্যঞ্জন।

 ৫২। চ বা ছ-ৰ আগত যোগ হলেও ঞ ন উচ্চাৰিত হয়। যেনে, কিঞ্চিৎ, কাঞ্চন, বাঞ্ছা, লাঞ্ছনা।

 ৫৩। য আন ব্যঞ্জনৰ পাচত যোগ হলে ই-অ উচ্চাৰিত হয়। যেনে, অন্য, ধন্য, মধ্যম। কেতিয়াবা সি যি আখৰত যোগ হয়, তাৰ আগলৈ গৈ ই উচ্চাৰিত হয়। যেনে, অন্য – অইন, ধন্য—ধইন।

 ৫৪। শ, ষ, স আন কোনো ব্যঞ্জনত যোগ হলে, সিহঁতৰ সংস্কৃত উচ্চাৰণ নলৰে। যেনে, বিশ্বাস, অষ্টমী, বিস্তীৰ্ণ। কিন্তু (/) ৰেফৰ যোগত সিহঁতৰ সংস্কৃত উচ্চাৰণ গুচে। যেনে, স্পৰ্শ, হৰ্ষ, বিমৰ্ষ।

 ৫৫। হ আখৰত য যোগ হলে, ঝ আখৰ সংস্কৃতত যি দৰে উচ্চাৰিত হয়, সিও সেই দৰে উচ্চাৰিত হয়। যেনে, সহ্য উচ্চাৰণত সঝ্য, গ্ৰাহ্য উচ্চাৰণত গ্ৰাঝ্য।

বৰ্ণবিন্যাস।

 বৰ্ণবিলাকৰ সংস্কৃত উচ্চাৰণ আৰু অসমীয়৷ উচ্চাৰণ ইমান বেলেগ হলেও, গুৰি ঠিক ৰাখিবলৈ আৰু অৰ্থৰ বেমেজালি এৰাবলৈ সংস্কৃতৰ পৰ৷ অহ৷ শব্দবিলাক সংস্কৃতত লিখা দৰে লিখা হয়। সংস্কৃতত সমূহ শব্দ ঊ-কাৰ দি লিখা হয়। অসমীয়াত লিখিবলৈ হলেও, তাক সেই