ছাৱনি—ছাউনি, খাৱৰীয়া——খাউৰীয়া। কেতিয়াবা সি ও উচ্চাৰিত হয়। যেনে, নাৱৰীয়া—নাওৰীয়া, স্বভাৱ—স্বভাও, পাৱ—পাও।
৪৭। শ, ষ, স কোমল হ-ৰ দৰে উচ্চাৰিত হয়; কিন্তু (ৎ) খণ্ড তৰ পাচত থাকিলে, সংস্কৃত ভাষাত উচ্চাৰিত হোৱাৰ দৰে উচ্চাৰিত হয়। যেনে, উৎসৱ, বৎস, ভৰ্ৎসনা।
৪৮। ক্ষ আখৰ শব্দৰ আদিত থাকিলে খ উচ্চাৰিত হয়। যেনে, ক্ষয়—খয়, ক্ষন্তেক—খন্তেক।
যুক্তাক্ষৰৰ উচ্চাৰণ।
৪৯। অসমীয়া ভাষাত যুক্তাক্ষৰৰ প্ৰত্যেকটো আখৰ বেলেগে উচ্চাৰিত হয়। যেনে, বিস্ময়—বিস্ময়, অকস্মাৎ—অকস্মাৎ, লক্ষ্মী—লক্ষ্মী, কৃষ্ণ—কৃষ্ণ, বিষ্ণু—বিষ্ণু।
এনেবিলাক শব্দৰ এনেকুৱা উচ্চাৰণ জতুৱা উচ্চাৰণ। এই উচ্চাৰণ এতিয়াও বুঢ়া শ্ৰেণীৰ মানুহৰ ভিতৰত আৰু মাইকী মানুহৰ ভিতৰত আছে। কিন্তু ডেকা শ্ৰেণীৰ ভিতৰত বিশেষকৈ শিক্ষিত শ্ৰেণীৰ ভিতৰত এনে উচ্চাৰণ অনুক্ৰমে লোপ পাবলৈ ধৰিছে। তেওঁবিলাকে আজিকালি কৃষ্ণক কৃষ্ট, বিষ্ণুক বিষ্টু বুলিবলৈ ধৰিছে। ইয়াক ভাষাৰ অৱনতিহে বুলিব পাৰি, উন্নতি বুলিব নোৱাৰি।
৫০। গ ঙ-ৰ পাচত যোগ হলে, তাৰ উচ্চাৰণ নাথাকে। যেনে, ভাঙ্গিলে—ভাঙিলে, ছিঙ্গিলে ছিঙিলে, সঙ্গ—সঙ্, ৰঙ্গ—ৰঙ বা ৰং।