১৫। কিন্তু দুই পদৰ তৃতীয় তৎপুৰুষ সমাস হলে, ঋ আৰু অ বৰ্ণৰ আখৰ দুয়ো মিলি আৰ্ হয়, তাৰ আ আগৰ আখৰত যোগ হয়, আৰু ৰ্ ৰেফ হৈ পাচৰ আখৰৰ শিৰলৈ যায়। যেনে, শোক+ঋত = শোকাৰ্ত্ত, ক্ষুধা+ঋত = ক্ষুধাৰ্ত্ত।
১৬। অ সবৰ্ণৰ পাচত এ বা ঐ থাকিলে, দুয়ো মিলি ঐ হয়, আৰু সেই ঐ আগৰ আখৰত যোগ হয়। যেনে, জন+এক = জনৈক, তথা+এবচ= তথৈবচ, মহা+ঐশ্বৰ্য্য = মহৈশ্বৰ্য্য, মহা+ঐৰাৱত = মহৈৰাৱত।
১৭। অ সবৰ্ণৰ পাচত ও বা ঔ থাকিলে, দুয়ো মিলি ঔ হয়, আৰু সেই ঔ আগৰ আখৰত যোগ হয়। যেনে, মহা+ঔষধ = মহৌষধ, মহা+ওষধি = মহৌষধি, চিত্ত+ঔদাৰ্য্য = চিত্তৌদাৰ্য্য, জল+ওকা = জলৌকা।
১৮। এ-কাৰৰ পাচত স্বৰবৰ্ণ থাকিলে, এ মৰি অয়্ হয়, তাৰ অ আগৰ আখৰত যোগ হয়, আৰু পাচত থকা স্বৰবৰ্ণ য়-ত যোগ হয়। যেনে, নে+অন = নয়ন, শে+অন = শয়ন, চে+অন = চয়ন।
১৯। ঐ-কাৰৰ পাচত স্বৰবৰ্ণ থাকিলে, ঐ মৰি আয়্ হয়, তাৰ আ আগৰ আখৰত যোগ হয়, আৰু পাচত থকা স্বৰ য়-ত যোগ হয়। যেনে, গৈ+অন = গায়ন, নৈ+অক = নায়ক।
২০। ও-কাৰৰ পাচত স্বৰবৰ্ণ থাকিলে, ও মৰি অব্ হয়,