৫৪। ৰ পাচত থাকিলে আগৰ বিসৰ্গ মৰি যি ৰ, হয়, সেই ৰ্ লোপ হয়, আৰু তাৰ আগৰ হ্ৰস্ব স্বৰ দীৰ্ঘ হয়। যেনে, নিঃ+ৰস = নীৰস, নিঃ+ৰব = নীৰব, নিঃ+ৰোগ = নীৰোগ।
সন্ধিৰ বিষয়ে বিশেষ কথা।
ওপৰত দিয়া সন্ধিৰ সূত্ৰবিলাকৰ ভিতৰত এটাৰ বাজে সকলোবিলাক সংস্কৃত ব্যাকৰণৰ সূত্ৰ। অসমীয়া ভাষাত সন্ধিৰ প্ৰচলন নাই। কেঁচা+আম = কেঁচাম, পকা+অমৃতা = পকামৃতা, ৰঙ্গা+আলু = ৰঙ্গালু, চেৰেকি+ঊঘা = চেৰেক্যুঘা, এনেদৰে অসমীয়াত শব্দ জোৰা নালাগে। দৰাচল পক্ষত অসমীয়া ব্যাকৰণত সন্ধিৰ সূত্ৰ নিদিলেও চলিব পাৰে। কিন্তু অসমীয়া ভাষাত সংস্কৃত শব্দ প্ৰচুৰ পৰিমাণে ব্যৱহাৰ হয়, আৰু সেই শব্দবিলাকৰ ভিতৰত অনেক সন্ধি আছে। তেনেবিলাক শব্দৰ ব্যাখ্যাৰ নিমিত্তে সন্ধিৰ নিয়ম প্ৰয়োজন। সেই কাৰণে ইয়াত সংস্কৃত ব্যাকৰণৰ পৰা সন্ধিৰ প্ৰধান প্ৰধান সূত্ৰবিলাক দিয়া হৈছে।
সন্ধি সংস্কৃত ভাষাৰ এটা বিশেষ অঙ্গ, কিন্তু অসমীয়া ভাষাৰ নহয়। ভাষা সুললিত বা গহীন কৰিবলৈ যেনে কেতিয়াবা অসমীয়াত সংস্কৃত শব্দ ব্যৱহাৰ কৰা হয়, সন্ধিও সেই নিমিত্তে ব্যৱহাৰ কৰা হয়। চমু কথা, অসমীয়াত সন্ধি এবিধ অলঙ্কাৰ মাথোন। এতেকে যত অলঙ্কাৰৰ প্ৰয়োজন, তাতহে সন্ধি ব্যৱহাৰ কৰা যুগুত। সাধাৰণতঃ সংস্কৃত শব্দকো অসমীয়াত সন্ধি ভাঙ্গি ব্যৱহাৰ কৰিব লাগে, তেহে অসমীয়া লনি আৰু ললিত হয়।
সন্ধিৰ ভিতৰত স্বৰসন্ধি সকলোবিলাক ভাঙ্গি লিখিব পাৰি। চন্দ্ৰোদয় হল নুবুলি চন্দ্ৰ উদয় হল বুলিলে কথাষাৰ অসমীয়াত ললিত
৩