আৰু (আ+আ) মহা+আশয়= মহাশয়, বিদ্যা+আলয়= বিদ্যালয়, ক্ষুধা+আতুৰ= ক্ষুধাতুৰ, ধৰা+আসন= ধৰাসন, দয়া+আৰ্দ্ৰ= দয়াৰ্দ্ৰ, উমা+আনন্দ= উমানন্দ, সদা+আনন্দ= সদানন্দ।
ওপৰত দিয়া উদাহৰণবিলাকত মন কৰিব লগীয়া কথা এই যে, অসমীয়া উচ্চাৰণ মতে নীলাচল, কুশাসন আদি সন্ধি সঙ্গত হব নোৱাৰে। অসমীয়া উচ্চাৰণ মতে নীল নহয় নীল্, কুশ নহয় কুশ্, গতিকে পাচৰ পদৰ অ-কাৰ বা আ-কাৰত যোগ হবলৈ একো নাই। কিন্তু নীল্ শব্দৰ ল্ হসন্ত হোৱা বাবে আৰু অচলৰ অ তাৰ পাচতে থকা বাবে, শব্দ দুটা উচ্চাৰণ কৰোঁতে, অচলৰ অ নীল্ শব্দৰ ল্ আথৰৰ লগত স্বভাৱতে গোট খায়। সি স্বৰসন্ধি নহয়। সেই দৰে, কুশাসন শব্দকো এটা স্বৰসন্ধি বুলিব নোৱাৰি।
ই সবৰ্ণৰ সন্ধি :– (ই+ই) প্ৰতি+ইতি= প্ৰতীতি, অভি+ইষ্ট= অভীষ্ট, মণি+ইন্দ্ৰ= মণীন্দ্ৰ, গিৰি+ইন্দ্ৰ= গিৰীন্দ্ৰ, অতি+ইত= অতীত।
আৰু (ই+ঈ ) ক্ষিতি+ঈশ= ক্ষিতীশ, প্ৰতি+ঈক্ষা= প্ৰতীক্ষা, গিৰি+ঈশ= গিৰীশ, পৰি+ঈক্ষা= পৰীক্ষা
আৰু (ঈ+ই) মহী+ইন্দ্ৰ= মহীন্দ্ৰ, বলী+ইন্দ্ৰ= বলীন্দ্ৰ, মহতী+ইচ্ছা= মহতীচ্ছা।
আৰু (ঈ+ঈ) পৃথিবী+ঈশ্বৰ= পৃথিবীশ্বৰ, গৌৰী+ঈশ্বৰ= গৌৰীশ্বৰ।
উ সবৰ্ণৰ সন্ধি :—(উ+উ) কটু+উক্তি= কটূক্তি, সাধু