ব্যঞ্জন সন্ধি।
২৩। ব্যঞ্জনবৰ্ণৰ লগত ব্যঞ্জনৰ বা স্বৰবৰ্ণৰ যি সন্ধি হয়, তাক ব্যঞ্জন সন্ধি বোলে।
২৪। চ বা ছ পাচত থাকিলে ত্ আৰু দ্ মৰি চ্ হয়। যেনে, উৎ+চাৰণ = উচ্চাৰণ, সৎ + চিন্ত৷ = সচ্চিন্তা, সৎ+চৰিত্ৰ = সচ্চৰিত্ৰ, উৎ+ছেদ = উচ্ছেদ, উৎ + ছন্ন = উচ্ছন্ন, বিপদ্ + চিন্তা = বিপচ্চিন্তা।
২৫। জ বা ঝ পাচত থাকিলে, ত্ আৰু দ্ মৰি জ্ হয়। যেনে, উৎ + জ্বল = উজ্জল, জগৎ + জননী = জগজ্জননী, মহৎ+ ঝনৎকাৰ = মহাজ্ননৎকাৰ, সৎ + জন = সজ্জন, বিপদ্ + জাল = বিপজ্জাল, তদ্ + জন্ম = তজ্জন্ম, তদ্ + জন্য = তজ্জন্য।
২৬। ট বা ঠ পাচত থাকিলে ত আৰু দ্ মৰি ট্ হয়। যেনে, মহৎ+ টঙ্কাৰ = মহট্টঙ্কাৰ, ভবৎ + ঠক্কুৰ= ভবট্ঠক্কুৰ।
২৭। ড বা ঢ পাচত থাকিলে ত্ আৰু দ্ মৰি ড্ হয়। উৎ + ডীন = উড্ডীন, মহৎ + ঢাল = মহড্ঢাল!
২৮। ল পাচত থাকিলে ত্ আৰু দ্ মৰি ল হয়। যেনে, উৎ + লিখিত = উল্লিখিত, উৎ+লাস = উল্লাস, বিপদ্ + লয় = বিপল্লয়।
২৯। শ পাচত থাকিলে ত্ আৰু দ্ মৰি চ্ হয়, আৰু পাচত থকা শ মৰি ছ হয়। যেনে, শৰৎ + শশী = শৰচ্ছশী, মহৎ + শঙ্কট = মহচ্ছঙ্কট, বিপদ্ + শান্তি =বিপচ্ছান্তি।