+উক্তি= সাধূক্তি, মধু+উৎসৱ= মধূৎসৱ, গুৰু+উপদেশ= গুৰূপদেশ, ভানু+উত্তাপ= ভানূত্তাপ।
আৰু (উ+উ) তৰু+উৰ্দ্ধ= তৰূৰ্দ্ধ, বায়ু+উৰ্ম্মি= বায়ুৰ্ম্মি।
আৰু (উ+উ) বধূ+উন্নতি= বধূন্নতি, বধূ+উৎসৱ= বধূৎসৱ, স্বয়ম্ভূ+উদয় = স্বয়ম্ভূদয়।
আৰু (ঊ+ঊ) ভূ+ঊৰ্দ্ধ= ভূৰ্দ্ধ।
৮। ঋ-কাৰৰ পাচত ঋ-কাৰ থাকিলে, দুয়ো মিলি দীৰ্ঘ ৠ হয়, আৰু সেই দীৰ্ঘ ৠ আগৰ আখৰত যোগ হয়। যেনে, পিতৃ+ঋণ= পিতৃণ, ভ্ৰাতৃ+ঋদ্ধি= ভ্ৰাতৃদ্ধি।
দীৰ্ঘ ৠ-কাৰ আদিত বা অন্তত থকা শব্দ অতি বিৰল।
৯। ই সবৰ্ণৰ পাচত অন্য স্বৰবৰ্ণ থাকিলে, ই সবৰ্ণৰ আখৰ মৰি য হয়, সেই য আগৰ আখৰত যোগ হয়, আৰু পাচৰ স্বৰবৰ্ণ য-তে যোগ হয়। যেনে, যদি+অপি= যদ্যপি, নদী+অম্বু= নদ্যম্বু, ইতি+আদি= ইত্যাদি, অতি+উত্তম= অত্যুত্তম অতি+অধিক= অত্যধিক, প্ৰতি+আশা= প্ৰত্যাশা, নাস্তি+ঔষধ= নাস্ত্যৌষধ, অতি+আচাৰ = অত্যাচাৰ, প্ৰতি+উপকাৰ= প্ৰত্যুপকাৰ, প্ৰতি+এক= প্ৰত্যেক।
১০। উ সবৰ্ণৰ পাচত অন্য স্বৰবৰ্ণ থাকিলে, উ সবৰ্ণৰ আখৰ মৰি ৱ হয়, সেই ৱ আগৰ আখৰত যোগ হয়, আৰু পাচত থকা স্বৰবৰ্ণ ৱ-তে যোগ হয়। যেনে, অনু+এষণ=